Vulture death in Dibrugarh: বিষক্ৰিয়া হৈ ডিব্ৰুগড়ত 20 টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু

By

Published : Mar 13, 2023, 9:31 PM IST

thumbnail

ডিব্ৰুগড়, 13 ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ দুষ্প্ৰাপ্য শগুনৰ মৃত্যু ৷ ডিব্ৰুগড়ৰ জামিৰা পথাৰত মৃত্যু 20 টাকৈ শগুনৰ ৷ বিহ ঢালি নিধন কৰা জন্তুৰ শৱ ভক্ষণ কৰাৰ ফলতেই শগুন কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷ ইতিমধ্যেই মৃত শগুন কেইটাক উদ্ধাৰ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বনবিভাগে (Vulture death in Dibrugarh) ৷

আনহাতে ঘটনাস্থলীৰ পৰা 38 টা শগুনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি বনবিভাগে প্ৰেৰণ কৰিছে চিকিৎসাৰ বাবে ৷ লগতে, ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে যোৰহাট, শিৱসাগৰ আৰু ঢকুৱাখনাতো খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু হৈছিল কেইবাটাও শগুনৰ (Vulture die by suspected poisoning) ৷ 

উল্লেখ্য যে, সমগ্ৰ ভাৰতবৰ্ষত 9 টা বিভিন্ন প্ৰজাতিৰ শগুন উপলব্ধ হোৱাৰ লগতে অসমত তাৰে 6 টা প্ৰজাতিৰ শগুন পোৱা যায় (Vulture in India) ৷ কিন্তু বিষাক্ত দ্ৰব্য ঢালি দিয়া মৃত জন্তু ভক্ষণ কৰি মৃত্যু হয় বহু শগুনৰ (Endangered vulture died in Assam) ৷ 

লগতে পঢ়ক: Vulture death in Sivsagar: হৃদয়বিদাৰক ! বিষক্ৰিয়া হৈ শিৱসাগৰত একেলগে 25 টা শগুনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.