Vulture death in Sivsagar: হৃদয়বিদাৰক ! বিষক্ৰিয়া হৈ শিৱসাগৰত একেলগে 25 টা শগুনৰ মৃত্যু

author img

By

Published : Jan 23, 2023, 5:30 PM IST

Vulture death in Sivsagar

পুনৰ শিৱসাগৰত বিষক্ৰিয়া হৈ শগুনৰ মৃত্যু ৷ একেলগে 25 টা শগুনৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আন 8 টা শগুন ৷ অসুস্থ শগুনকেইটাক উদ্ধাৰ কৰি বন বিভাগে প্ৰেৰণ কৰিছে চিকিৎসাৰ বাবে ৷

হৃদয়বিদাৰক ! বিষক্ৰিয়া হৈ শিৱসাগৰত একেলগে 25টা শগুনৰ মৃত্যু

শিৱসাগৰ, 23 জানুৱাৰী: এসময়ত অসমৰ আকাশত জাকে জাকে প্ৰত্যক্ষ কৰা শগুন সম্প্ৰতি বিলুপ্তিৰ পথলৈ গতি কৰিছে ৷ কাৰণ বিভিন্ন সময়ত, বিভিন্ন কাৰণত মৃত্যু হৈছে শগুনৰ ৷ ফলত ভাবুকি আহি পৰিছে শগুনৰ অস্তিত্বৰ প্ৰতি ৷ এইবাৰ পুনৰ শিৱসাগৰৰ বৰগিলা বিলৰ সমীপত নাওজানত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ৷ একেলগে মৃত্যু হৈছে 25 টাকৈ দুষ্প্ৰাপ্য শগুনৰ (vulture death in Sivsagar) ৷ শগুনৰ মৃত্যুৰ খবৰে এতিয়া হতচকিত কৰি তুলিছে প্ৰকৃতি প্ৰেমীক ৷

উল্লেখ্য যে, মৃত গৰুৰ মাংস ভক্ষণ কৰাৰ পিচতেই সোমবাৰে একেলগে মৃত্যু হয় 25টাকৈ শগুনৰ (Endangered vulture died in Assam) ৷ লগতে অসুস্থ হৈ পৰে আন 8টা শগুন ৷ উল্লেখ্য যে, মৃত শগুন কেইটাৰ কাষতে স্থানীয়লোকে প্ৰত্যক্ষ কৰে এটুকুৰা গো-মাংস ৷ সেয়েহে কোনো দুষ্ট লোকে মৃত গৰুটোত বিহ ঢালি দিয়াৰ পিচত সেই মাংস ভক্ষণ কৰি শগুন কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে (Vulture die by suspected poisoning) ৷ আনহাতে অসুস্থ 8 টা শগুন উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে বন বিভাগে ৷

ইফালে, শগুন কেইটা পৰীক্ষা কৰাৰ অন্ততহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হ’ব বুলি উল্লেখ কৰিছে বন বিভাগে ৷ আনহাতে প্ৰায় 4 বছৰ পূৰ্বেও শিৱসাগৰ জিলাত মৃত্যু হৈছিল প্ৰায় 200 শগুনৰ ৷ পুনৰ জিলাখনত সংঘটিত হোৱা এনে আকষ্মিক ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে ৷ লগতে ঘটনাৰ উচিত তদন্তৰো দাবী জনাইছে সচেতন ৰাইজে ৷

উল্লেখ্য যে, সমগ্ৰ ভাৰতবৰ্ষত 9 টা বিভিন্ন প্ৰজাতিৰ শগুন উপলব্ধ হোৱাৰ লগতে অসমত তাৰে 6 টা প্ৰজাতিৰ শগুন পোৱা যায় (Vulture in India) ৷ কিন্তু বিষাক্ত দ্ৰব্য ঢালি দিয়া মৃত জন্তু ভক্ষণ কৰি মৃত্যু হয় বহু শগুনৰ ৷ আনহাতে কুকুৰে কামোৰাৰ ফলত মৃত্যু হোৱা জন্তুও বিহ দি কুকুৰ নিধনৰ বাবে মুকলি ঠাইত পেলাই দিয়া দেখা যায় ৷ যদিহে সেই জন্তুৰ মাংস শগুনে ভক্ষণ কৰে তাৰ ফলতো দুষ্প্ৰাপ্য শগুনৰ মৃত্যু হয় ৷

গতিকে এই ক্ষত্ৰত মানুহ সচেতন হোৱাটো অতি প্ৰয়োজনীয় ৷ বিলুপ্তিৰ দিশলৈ গতি কৰা শগুনৰ ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ সকলোৰে দ্বায়িত্ব ৷ গতিকে এই প্ৰাণীবিধ ৰক্ষাৰ বাবে সকলোৱেই সজাগ হোৱাৰ প্ৰয়োজন ৷

লগতে পঢ়ক: Corruption in Social Welfare Center: আমগুৰিত অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.