Corruption in Social Welfare Center: আমগুৰিত অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jan 23, 2023, 1:03 PM IST

Corruption in Social Welfare Center at Amguri

ধোৱাচাঙত উঠিল ৰাজ্য চৰকাৰৰ অংগনৱাড়ী কেন্দ্ৰৰ অভিলাসী আঁচনি ! শিৱসাগৰ জিলাৰ আমগুৰি সমাজ কল্যাণ বিভাগৰ অধীনস্থ টিফুক চাহ বাগিচাস্থিত অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণত এবছৰ নৌহওঁতেই মেলিলে ফাঁট (Scam at Construction of Anganwadi center)৷

অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি

আমগুৰি, ২৩ জানুৱাৰী: দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ শাসনকালত আমগুৰিত সমাজ কল্যাণ বিভাগৰ (Social Welfare Department)গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Corruption in Social Welfare Center )। অভিযোগ অনুসৰি শিৱসাগৰ জিলাৰ আমগুৰি সমাজ কল্যাণ বিভাগৰ অধীনস্থ টিফুক চাহ বাগিচাত এবছৰৰ পূৰ্বে কেইবাটাও অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণ কৰিছিল (Scam at Construction of Anganwadi center )।

কণ কণ শিশুসকলৰ শৈক্ষিক ভৱিষ্যতৰ লগতে উপযুক্ত পৰিৱেশত শিক্ষা প্ৰদানৰ কাৰণে ৰাজ্যৰ সমাজ কল্যাণ বিভাগে অংগনবাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ বাবে অভিলাসী আঁচনি গ্ৰহণ কৰিছিল (Scheme for construction of Anganwadi centre) ৷ কিন্তু সমাজ কল্যাণ বিভাগৰ এনে অভিলাসী আঁচনি ভৰিৰে মোহাৰি নিৰ্মাণৰ দ্বায়িত্বত থকা ঠিকাদাৰ প্ৰতিষ্ঠানে অতি বিসংগতিপূৰ্ণভাৱে আৰু দুৰ্নীতিৰে নিৰ্মাণ কৰিলে অংগনবাড়ী কেন্দ্ৰৰ গৃহ। যাৰ ফলত এবছৰ নৌহওঁতেই অৱস্থাতে চিৰালফাট দিছে সমাজ কল্যাণ বিভাগৰ অধীনস্থ অংগনবাড়ী গৃহসমূহ। এই অভিযোগ স্থানীয় ৰাইজৰ ৷

আমগুৰিৰ টিফুক চাহ বাগিচাত নিৰ্মিত অংগনবাড়ী গৃহ নিৰ্মাণত ঠিকাদাৰে গৃহ নিৰ্মাণৰ নামত কেৱল লুণ্ঠন চলোৱাৰ বাবেই এবছৰ নোহোৱা অৱস্থাতে চিৰালফাট দিছে ৫৩(গ) টিফুক বাগিচা অংগনবাড়ী কেন্দ্ৰটো (Scam at Construction of Anganwadi center at Amguri )। অংগনবাড়ী গৃহটোৰ বিভিন্ন অংশত পকী বেৰাত চিৰালফাট দিয়াত যিকোনো সময়তে ই ভাঙি পৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিলে অঞ্চলবাসীয়ে ৷

অতি বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰৰ গৃহটোত অংগনবাড়ী কৰ্মী আৰু সহায়িকাই শিশুসকলক ভয়ে ভয়ে পাঠদান কৰি আহিছে। কণ কণ শিশুৰ জীৱনক লৈ হেতালি খেলা ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। সংগঠনটোৱে ঠিকাদাৰৰ লুণ্ঠনৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠাৰ লগতে শীঘ্ৰেই ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (All Assam Adivasi Students Union) বিষয়ববীয়াই এই সন্দৰ্ভত কয়, "সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত টিফুক চাহ বাগিচা অংগনৱাড়ী কেন্দ্ৰটো ঠিকাদাৰে অতি নিম্ন পৰ্যায়ত নিৰ্মাণ কৰিছে ৷ যাৰ বাবে আজি এবছৰ নৌহওঁতেই আংগনৱাড়ী কেন্দ্ৰটোত ফাঁট মেলিবলৈ ধৰিছে ৷ ই কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ আমি সমাজ কল্যাণ বিভাগক দাবী উত্থাপন কৰিছো যে যিজন ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ কাম কৰিছে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক ৷ লগতে কণ কণ শিশুসকলৰক জীৱনৰ নিৰাপত্তা দিয়ক ৷ অন্যথা আমি সদৌ অসম ছাত্ৰ সন্থাৰ হৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হম ৷ আমি ৰাজহ চক্ৰ বিভাগৰ লগতে সমাজ কল্যাণ বিভাগকো স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিম ৷"

লগতে পঢ়ক: Miscreants Attack Youth: জীৱন মৃত্যুৰে যুঁজি শেষ নিশ্বাস এৰিলে দুৰ্বৃত্তৰ আক্ৰমণত আহত আনোৱাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.