Miscreants Attack Youth: জীৱন মৃত্যুৰে যুঁজি শেষ নিশ্বাস এৰিলে দুৰ্বৃত্তৰ আক্ৰমণত আহত আনোৱাৰে

author img

By

Published : Jan 23, 2023, 8:07 AM IST

youth-sighed-after-battling-life-and-death-at-rangia

সাতদিন পূৰ্বে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱকক স্থানীয় ৰাইজে অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পাছত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত ৷ (Miscreants Attack Youth)। চিকিৎসাধীন অৱস্থাতে অৱশেষত আনোৱাৰ নামৰ যুৱকজনে মৃত্যুৰ ওচৰত হাৰ মানিলে (Youth sighed after battling life and death)।

জীৱন মৃত্যুৰ সৈতে যুঁজি যুঁজি শেষ নিশ্বাস এৰিলে আনোৱাৰে

ৰঙিয়া, 23 জানুৱাৰী: এসপ্তাহৰ পূৰ্বে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ফাটেমা কনভেন্টৰ সন্মুখত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত ৰঙিয়াৰ সমীপৰ কঞাৰ এজন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰিছিল (Miscreants Attack Youth)। অচেতন অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনৰ নাম আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছিল (Youth sighed after battling life and death)।

লগে লগে স্থানীয় লোকৰ লগতে সেই স্থানত উপস্থিত পৰিয়ালৰ লোকৰ তৎপৰতাত অতি সংকটজনক অৱস্থাত গুৰুতৰভাৱে আহত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল (Injured youth hospitalized at Rangia) ৷ কিন্তু চিকিৎসালয়ত এটা সপ্তাহ জীৱন মৃত্যুৰে যুঁজি অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি ললে আনোৱাৰ হুছেইন নামৰ যুৱকজনে (Anowar Hussain death) ।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি দুৰ্বৃত্তই পৰিকল্পিতভাৱে যুৱকজনক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰাৰ পাছত পথৰ কাষত পেলাই থৈ সমগ্ৰ ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিব চেষ্টা কৰিছিল । ঘটনাৰ বিৱৰণী অনুসৰি যোৱা সোমবাৰে অৰ্থাৎ 16 জানুৱাৰীৰ দিনা নিজৰ গেৰেজটো বন্ধ কৰি ঘৰলৈ উভতিছিল আনোৱাৰ ৷ ইয়াৰ পাছত নিশালৈ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফাটেমা কণভেণ্ট বিদ্যালয়ৰ সমীপত পথৰ দাঁতিত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল আনোৱাৰক । স্থানীয় লোকসকলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত আনোৱাৰক ভৰ্তি কৰিছিল ।

কিন্তু আনোৱাৰ হুছেইনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গুৱাহাটীৰ আগশাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰোৱা হৈছিল (Youth death by miscreants attack) ৷ অৱশেষত কেইবাদিনো চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি অৱশেষত মৃত্যুক আকোঁৱালি ল’লে আনোৱাৰ হুছেইনে । দুৰ্বৃত্তই হত্যা কৰা উদ্দেশ্যেৰে আক্ৰমণ কৰি পথৰ দাঁতিত যুৱকজনক পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকসকলে ।

পৰিয়ালৰ লোকসকলে ইতিমধ্যে উচিত তদন্ত কৰাৰ লগতে ঘটনাৰ ন্যায় বিচাৰি ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰিছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । তদন্তৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: Son injects father with drugs: পুত্ৰৰ হাতত প্ৰতাৰিত হৈ পিতৃয়ে বাছি ল’লে আত্মহননৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.