Son injects father with drugs: পুত্ৰৰ হাতত প্ৰতাৰিত হৈ পিতৃয়ে বাছি ল’লে আত্মহননৰ পথ

author img

By

Published : Jan 22, 2023, 9:24 PM IST

Son injects father with drugs

গুৱাহাটী মহানগৰীৰ নুনমাটিৰ বাপুজীনগৰ অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা ৷ পুত্ৰৰ হাতত প্ৰতাৰিত হৈ আত্মহননৰ পথ বাছি ল’লে পিতৃয়ে(Son rubbed his father) ৷ ঘটনা সন্দৰ্ভত পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল মাতৃ চাহাৰা বেগমৰ ৷ ৰাহুলক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

পিতৃক ড্ৰাগছৰ বেজী দি সংজ্ঞাহীন কৰি পুত্ৰই লুটিলে ৩.৫ লাখ টকা

গুৱাহাটী, ২২ জানুৱাৰী: গুৱাহাটী মহানগৰীত এজন পুত্ৰই ড্ৰাগছ ক্রয় কৰাৰ বাবে নিজ পিতৃক ড্ৰাগছৰ বেজী দি সংজ্ঞাহীন কৰি লুটি নিয়ে ৩ লাখ ৫ হাজাৰ টকা(Son injects father with drugs) । তাৰ পিছত লুট কৰি নিয়া ধনখিনি লৈ ঘৰৰ পৰা পলায়ন কৰে পুত্ৰ-বোৱাৰীয়ে ৷ ড্ৰাগছৰ বেজীত সংজ্ঞাহীন হোৱা পিতৃয়ে দুদিনৰ পাছত হিতাহিত জ্ঞান ঘূৰাই পাই পুত্ৰৰ এনে কাণ্ড জানিব পাৰি ডিঙিত চিপ লৈ চৰম পন্থা বাচি লয় ।

এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাৰ অন্তৰ্গত বাপুজীনগৰৰ নাথপাৰা অঞ্চলত । জানিব পৰা মতে দিন হাজিৰা কৰি পৰিয়ালটো কোনোমতে পৰিয়াল পোহপাল দি অহা পিতৃ বুল দাসে নিজৰ চিকিৎসাৰ বাবে যোৱা ১৮ জানুৱাৰীত বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি ৷ কিন্তু ড্ৰাগছ আসক্ত বিবাহিত পুত্ৰ ৰাহুল আলীয়ে পিতৃয়ে বেংকৰ পৰা ধন উলিওৱা কথা জানিব পাৰি, কিদৰে ধনখিনি লুট কৰিব পাৰি তাৰ কূট-কৌশল ৰচনা কৰে ।

যোৱা ১৯ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত পৰিয়ালৰ সকলো লোক শুই থকাৰ সুযোগ লৈ পুত্ৰ ৰাহুলে নিদ্ৰাৰত অৱস্থাত থকা পিতৃ বুল দাসৰ কঁকালত ড্ৰাগছৰ বেজি দি সংজ্ঞাহীন কৰি লুট কৰে নগদ ৩.৫০ লাখ টকা(Son rubbed his father) । তাৰ পিছত লুট কৰা ধনখিনি লৈ পত্নীৰ সৈতে ৰাহুল আলীয়ে ঘৰৰ পৰা পলায়ন কৰে । ইপিনে, পিছদিনা মাতৃ চাহাৰা বেগমে দিন হাজিৰা কৰি ঘৰলৈ উভতি আহি স্বামী বুল দাসক সংজ্ঞাহীন অৱস্থাত পৰি থকা দেখা পাই চিঞৰ বাখৰ লগায় । ইয়াৰ পাচত স্থানীয় লোক উপস্থিত হৈ বুল দাসক সংজ্ঞাহীন অৱস্থাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইফালে যোৱা দুদিন ধৰি পত্নী চাহাৰা বেগমে কৰা সেৱা শুশ্ৰূষাৰ অন্তত স্বামী বুল দাস স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হয় । আনহাতে পুত্ৰ ৰাহুল আলীয়ে ড্ৰাগছৰ বেজী দি সংজ্ঞাহীন কৰি নগদ ৩.৫০ লাখ টকা লুট কৰি নিয়া বুলি জানিব পাৰি হিতাহিত জ্ঞান হেৰুৱাই শনিবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত মঠঘৰীয়াৰ ৰেল লাইনৰ সমীপত এডাল গছত চিপ লৈ চৰম পন্থা বাছি লয় ।

পিছত নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (Gauhati Medical College and Hospital) প্ৰেৰণ কৰে । আনহাতে ঘটনা সন্দৰ্ভত মাতৃ চাহাৰা বেগমে পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে কালিয়েই নুনমাটি থানাত দাখিল কৰিছে এখন এজাহাৰ । ভুক্তভোগী মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি পলাতক পুত্ৰ ৰাহুল আলী আৰু বোৱাৰী চুলতানা বেগমক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Five Accused For Raping An Orphan Girl: পাৰ্টি কৰিবলৈ মাতি কিশোৰীক ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.