ETV Bharat / state

থানাৰ ভিতৰত প্ৰৱেশ কৰি শ শ উত্তেজিত লোকৰ অভিযুক্তক আক্ৰমণ, আৰক্ষীৰ লাঠীচাৰ্জ - Mariani murder case

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:40 PM IST

TENSE SITUATION AT MARIANI : থানাৰ ভিতৰত প্ৰৱেশ কৰি শ শ উত্তেজিত লোকৰ অভিযুক্তক আক্ৰমণ । প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচাৰ্জ । আঘাতপ্ৰাপ্ত কেইবাজনো প্ৰতিবাদকাৰী ।

MARIANI MURDER CASE
মৰিয়নীত উত্তপ্ত পৰিস্থিতি (ETV BHARAT ASSAM)
এজন যুৱকৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি (ETV BHARAT ASSAM)

যোৰহাট, 4 মে’ : মৰিয়নীত উত্তপ্ত পৰিস্থিতি ৷ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতি ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচালনা ৷ উল্লেখ্য যে, শম্ভূ বাল্মিকী নামৰ এজন যুৱকক প্ৰদীপ সিন্ধু নামৰ ব্যক্তিজনে নিজৰ ঘৰতে পৰিয়ালৰ সৈতে মিলি হত্যা কৰি মৰিয়নীৰ ডকলঙিয়াৰ ওচৰৰে এটা ইটাভাটালৈ যোৱাৰ পথত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল ৷ এই ঘটনাৰে জড়িত অভিযুক্তক ৰাইজৰ হাতত গতাই দিবলৈ প্ৰথমে মৰিয়নী থানা তিনি আলিৰ পথ অৱৰোধ কৰে মৰিয়নী হৰিজন ক’লনিৰ ৰাইজে ৷

ইয়াৰ পিচত উত্তেজিত ৰাইজ মৰিয়নী থানা চৌহদত উপস্থিত হৈ আৰক্ষী হায় হায় ধ্বনি দি থানাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ লগতে থানাৰ ভিতৰত উত্তেজিত ৰাইজে প্ৰৱেশ কৰি অভিযুক্তক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰাৰ লগে লগে মৰিয়নী থানাৰ চৌহদত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয় ৷ পৰিস্থিতি অধিক জটিল হৈ পৰাৰ লগতে উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিব নোৱোৰাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচাৰ্জ কৰিব লগা হয় ৷

আৰক্ষীৰ লাঠীচালনাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ বৰ্তমান মৰিয়নী আৰক্ষী থানাত উপস্থিত হৈছে যোৰহাট জিলা আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক আৰু চক্ৰ বিষয়া ৷ ইতিমধ্যে মৰিয়নী থানাৰ লগতে নগৰখনত বৰ্তমান চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ উল্লেখ্য যে, শুকুৰবাৰে মৰিয়নীৰ ডকলঙিয়া ইটাভাটা পথত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ ৷ প্ৰথমাৱস্থাত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত মৃতদেহটো মৰিয়নীৰ 4 নং ৱাৰ্ডৰ শম্ভূ বাল্মিকীৰ বুলি চিনাক্ত কৰা হয় ৷

শম্ভূ বাল্মিকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি মৰিয়নীৰ সুভাষ ময়দানৰ সমীপৰ এগৰাকী লোকে পুত্ৰ আৰু পত্নীৰ সহায়ত যুৱকজনক নিজ ঘৰতে নিৰ্মমভাৱে হত্যা কৰে ৷ হত্যাৰ পিচত ডকলঙিয়া ইটাভাটাৰ নিৰ্জন পথত অৰ্ধ উলংগ অৱস্থাত মৃতদেহটো পেলাই থৈ যায় বুলি অভিযোগ উত্থাপন হৈছিল ৷ ইয়াকে লৈ আজি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

লগতে পঢ়ক : ষ্টেচনৰ পৰা বাইকত লৈ যোৱা যুৱকৰ অৰ্ধ নগ্ন অৱস্থাত মৃত্যু ঘটিল কেনেকৈ ? - Deadbody Found

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.