ETV Bharat / state

ষ্টেচনৰ পৰা বাইকত লৈ যোৱা যুৱকৰ অৰ্ধ নগ্ন অৱস্থাত মৃত্যু ঘটিল কেনেকৈ ? - deadbody found

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 2:23 PM IST

Mariani murder case: মৰিয়নী থানাত উত্তপ্ত পৰিস্থিতি । ডকলঙিয়া হত্যাকাণ্ডৰ ঘটনাৰ ৰহস্য ফাদিল । সবিশেষ আগলৈ-
Mariani murder news
হত্যাকাণ্ডৰ ঘটনা (ETV BHARAT ASSAM)

আত্মীয়ৰ ভাষ্য (ETV BHARAT ASSAM)

যোৰহাট, 4 মে’ : শুকুৰবাৰে মৰিয়নী ডকলঙিয়া ইটাভাটা পথত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ । প্ৰথমাৱস্থাত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত মৃতদেহটো মৰিয়নীৰ ৪ নং ৱাৰ্ডৰ শম্ভূ বাল্মিকীৰ বুলি চিনাক্ত কৰা হয় ৷ শম্ভূ বাল্মিকীৰ পৰিয়ালৰ অভিযোগ মৰিয়নীৰ সুভাষ ময়দান সমীপৰ এগৰাকী লোকে পুত্ৰ আৰু পত্নীৰ সহায়ত শম্ভূ বাল্মিকীক নিজ ঘৰতে নিৰ্মমভাৱে হত্যা কৰে ৷

হত্যাৰ পিচত ডকলঙিয়া ইটাভাটাৰ নিৰ্জন পথত অৰ্ধ উলংগ অৱস্থাত মৃতদেহটো পেলাই থৈ যায় । মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি ৰে’ল ষ্টেচনৰ পৰা শম্ভূ বাল্মিকীক অভিযুক্তই লৈ নিজ ঘৰলৈ লৈ গৈছিল ৷ আনকি শম্ভূৱেও পৰিয়ালক অৱগত কৰে যে তেওঁ সেই ব্যক্তিজনৰ ঘৰতে আছিল ৷ কিন্তু তাৰ প্ৰায় 10/15 মিনিট পিচতে শম্ভূৰ ফোন চুইচ অফ হৈ পৰে ৷ যাৰ ঘৰত তেওঁ আছিল, তেওঁলৈ ফোন কৰাত বিভিন্ন ধৰণৰ মিছা মাতে বুলি শম্ভূৰ ভাতৃয়ে জানিবলৈ দিছে ৷

এতিয়া হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত মৰিয়নী থানা ঘেৰাও কৰিছে শম্ভূ বাল্মিকীৰ পৰিয়ালসহ স্থানীয় লোকে ৷ ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ম’বাইল ফোন ট্ৰেক কৰি শম্ভূ বাল্মিকীৰ হত্যাকাণ্ডৰ লগত জড়িত থকা এজনক ডিমাপুৰ অভিমুখে গৈ থকা সময়ত খটখটী আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় ।

তাৎপৰ্যপূৰ্ণ যে মৰিয়নী ডকলঙিয়া ইটা ভাটাৰ পথত শুকুৰবাৰে পুৱাৰ ভাগত অৰ্ধ উলংগ অৱস্থাত থকা ব্যক্তিজনৰ মৃতদেহ দেখি স্থানীয় লোকে মত প্ৰকাশ কৰিছিল এয়া সহজ মৃত্যু নহয়, এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ উক্ত হত্যাকাণ্ডৰ ঘটনাই মৰিয়নীত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ নিৰাপত্তা দিশটোক লৈয়ো মানুহৰ মনত প্ৰশ্ন উত্থাপিত কৰিছে ।

লগতে পঢ়ক : চৰাইদেউ-মৰিয়নীত মৃতদেহ উদ্ধাৰ - deadbody found

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.