গোচৰ নিষ্পত্তিৰ নামত উৎকোচ বিচৰা আৰক্ষীক আটক নগাঁও আৰক্ষীৰ

author img

By

Published : Jun 29, 2022, 12:30 PM IST

police detained for taking bribes
উৎকোচ লোৱাৰ অভিযোগত আটক খোদ আৰক্ষী ()

নগাঁৱত আৰক্ষীৰ জালত ইজনৰ পিছত সিজনকৈ ঘোচখোৰ আৰক্ষী বিষয়া ৷ জোনমনিৰ ঘটনা মাৰ নৌযাওঁতেই গোচৰ নিষ্পত্তিৰ নামৰ উৎকোচ খুজি আৰক্ষীৰ জালত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইন (police detained for taking bribes) ৷

নগাঁও, 29 জুন: পুনৰ খাকী পোছাকত কালিমা সানিলে এজন আৰক্ষী বিষয়াই (Police detained in Nogaon) ৷ জোনমণি ৰাভাৰ ঘটনা মাৰ নৌযাঁওতেই নগাঁৱত পুনৰ আটক হৈছে এজন আৰক্ষী বিষয়া ৷ এটা গোচৰ নিষ্পত্তিৰ নামত অভিযুক্তৰ পৰিয়ালৰ পৰা উৎকোচ বিচাৰি নগাঁও আৰক্ষীৰ জালত পৰিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইন (police detained for taking bribes) ৷

ৰূপহীহাট আৰক্ষী থানাৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনে কিছুদিনৰ পূৰ্বে মোবাইল ফোনৰ এটা গোচৰত মইনুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল ৷ মইনুলক কাৱৈমাৰী আৰক্ষীয়ে থানাত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ ইয়ৰোপৰি গোচৰ নিষ্পত্তিৰ নামত আৰক্ষীয়ে মইনুলৰ পৰা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উৎকোচ লোৱাৰ অভিযোগত আটক খোদ আৰক্ষী

পৰৱৰ্তী সময়ত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই ধন বিচৰাৰ অভিযোগ লাভ কৰাৰ পিছতেই আৰক্ষী বিষয়াজনক সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে আটক কৰে (Nogaon SP Leena Doley)৷ সম্প্ৰতি আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজো কৰাৰ লগতে জেৰা অব্যাহত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ইফালে অভিযুক্ত মইনুলৰ আত্মীয়ই আৰক্ষীয়ে প্ৰহাৰ কৰা অভিযোগক মিছা বুলি জানিবলৈ দিয়ে ৷ মইনুলে গাড়ীত খুন্দা খাইহে মূৰত কষ্ট পাইছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ভাতৃয়ে ৷

অৱশ্যে আৰক্ষী বিষয়াগৰাকীয়ে উৎকোচ লোৱাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই ৰূপহীহাট আৰক্ষীয়ে ৷

লগতে পঢ়ক: নৃশংস: মৰাণত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.