হালোৱাটিঙত সাত কোটি টকাৰ হেৰ'ইন জব্দ: গ্ৰেপ্তাৰ গোলাঘাটৰ চাৰি যুৱক - Drugs Seized In Sivasagar
Anti Drugs Operation :অসম-নাগালেণ্ড সীমান্তত পুনৰ সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ । সৰবৰাহকাৰীয়ে ৪৯ টা কন্টেনাৰত লুকুৱাই আনিছিল হেৰ'ইন ।

Published : May 4, 2024 at 10:45 PM IST
আমগুৰি, ৪ মে’: আৰক্ষীৰ তীব্ৰ অভিযানৰ পিচতো ৰাজ্য় অব্য়াহত ড্ৰাগছৰ বেহা । ইয়াৰ মাজতেই শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত আজি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰে । গোলাঘাট আৰক্ষীৰ বিশেষ অভিযানত হালোৱাটিঙ আৰক্ষীৰ সহযোগত আমগুৰি চাহ বাগিচা সমীপত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে এই ড্ৰাগছখিনি । জব্দকৃত ড্ৰাগছখিনিৰ মূল্য় সাত কোটি টকা হ'ব ।
এক বিশেষ সূত্ৰৰ পম খেদি গোলঘাট জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া (অপৰাধ শাখা) জোন দাস আৰু হালোৱাটিং আৰক্ষীয়ে নগালেণ্ড টুলীৰ পৰা AS 01 AA 0800 নম্বৰৰ এখন বিলাসী বাহনত হেৰ'ইন আনি থকাৰ সম্ভেদ লাভ কৰাৰ পিচতেই চলায় অভিযান । আৰক্ষীৰ এটা বৃহৎ দলে নাগালেণ্ড টুলীত খাপপিটি বাহনখনৰ পিচ লৈ আমগুৰি বাগানৰ সমীপত আগচি ধৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
আৰক্ষীয়ে বাহনখনৰ গোপন অংশৰ পৰা মেকানিকৰ সহযোগত ৪৯ টা কন্টেনাৰত সোমোৱাই অনা হেৰ'ইনখিনি উদ্ধাৰ কৰে । আৰক্ষীয়ে বাহনখনত হেৰ'ইন সৰবৰাহ কৰা গোলাঘাটৰ ৱাজিদ আলী, জাবিদুল আলী,যাদৱ বৰা, মিৰাজ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে এই হেৰ'ইনখিনি হালোৱাটিঙ আৰু আমগুৰিৰ বিশেষ স্থানৰ লগতে শিৱসাগৰৰ বিভিন্ন স্থানলৈ বিক্ৰীৰ বাবে আনিছিল । বিশেষ সূত্ৰৰ মতে, হালোৱাটিঙ কপাহতলিৰ পূৰ্বৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত চক্ৰটো পুনৰ সক্ৰিয় হৈ হেৰ'ইন সৰবৰাহত নামি পৰিছে । আনহাতে, আমগুৰিৰ জীতেন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু আমগুৰিৰ সন্দেহযুক্ত দুখনমান ফাৰ্মাচীৰ যোগেদি ড্ৰাগছৰ বেহা চলাই থকা বুলিও অভিযোগ উত্থাপিত হৈ আহিছে ।

