খানাপাৰাত পুনৰ STF ৰ ড্ৰাগছ বিৰোধী অভিযান, মহিলাসহ এজনক গ্ৰেপ্তাৰ - Anti drugs operation

By ETV Bharat Assamese Team

Published : May 3, 2024, 6:24 PM IST

thumbnail
খানাপাৰাত পুনৰ STF ৰ ড্ৰাগছ বিৰোধী অভিযান, মহিলাসহ এজনক গ্ৰেপ্তাৰ (ETV BHARAT ASSAM)

গুৱাহাটী ৩ মে’ : মহানগৰীৰ খানাপাৰাত পুনৰ STF ৰ ড্ৰাগছ বিৰোধী অভিযান । খানাপাৰা গ্ৰীণউড ৰিজ’ৰ্টৰ সমীপত শুকুৰবাৰে চলোৱা হয় এই অভিযান । এই অভিযানত দলটোৱে জব্দ কৰে ৬৮ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ । জব্দ কৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় ৯০ গ্ৰাম । লগতে অভিযানকাৰী দলটোৱে ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ ব্যৱসায়ীক । ইয়াৰে এজন ধৃত দুই ড্ৰাগছ ব্যৱসায়ী হৈছে নংপুৰ অজয় চুক্রাং, আনগৰাকী মহিলা বুলি জানিব পৰা গৈছে ৷

ধৃত দুই ব্যৱসায়ীৰ পৰা অভিযানকাৰী দলটোৱে ড্ৰাগছৰ লগতে জব্দ কৰে নগদ ৩ হাজাৰ ৭ শ টকাৰ লগতে দুটাকৈ ম’বাইল ফোন । 

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি খানাপাৰা অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল দুই ড্ৰাগছ ব্যৱসায়ীয়ে । এক গোপন খবৰৰ ভিত্তিত STF ৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ ব্যৱসায়ীক । সম্প্ৰতি এই ঘটনাৰ সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে STF ৰ অভিযানকাৰী দলটোৱে ৷

লগতে পঢ়ক: চৰাইদেউ-মৰিয়নীত মৃতদেহ উদ্ধাৰ - deadbody found

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.