ETV Bharat / state

কাছাৰত জব্দ কোটি টকাৰ হেৰ’ইন - Drugs Seized In Cachar

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:45 AM IST

Drugs Seized In Cachar: কাছাৰ আৰক্ষীৰ সফলতা ৷ কাছাৰত জব্দ 3 কোটি টকাৰো অধিক মূল্যৰ হেৰ’ইন ৷ আৰক্ষীৰ জিম্মাত 2 ড্ৰাগছ সৰবৰাহকাৰী ৷

Cachar Police seized Heroin Worth rs 3 Cr Two drug peddlers  Arrested
কাছাৰত কোটি টকাৰ হেৰ’ইন জব্দ (ETV Bharat Assam)

শিলচৰ, 4 মে’ : ৰাজ্যজুৰি অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ অৱশ্যে ইয়ালৈ কেৰেপ নাই একাংশ সৰবৰাহকাৰীৰ ৷ আৰক্ষীৰ চকুত ধূলি দি একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে এই বৰবিহৰ বেপাৰ আৰু যাৰ কবলত পৰি ধ্বংসৰ মুখলৈ গতি কৰিছে অসমৰ বহু যুৱকৰ লগতে বহু পৰিয়াল ।

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়েও অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান । কাছাৰ আৰক্ষীৰ অভিযানত সোণাইৰ নাগদিৰগ্ৰামত জব্দ কৰা হৈছে বুজন পৰিমাণৰ হেৰ’ইন । বৃহৎ পৰিমাণৰ হেৰ’ইনৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই হেৰ’ইন সৰবৰাহকাৰীক ৷

গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে সোণাইৰ নগদিৰগ্ৰাম অঞ্চলত অভিযান চলায় ৷ এখন মাৰুতি 800 বাহনৰ সন্দেহজনক গতি-বিধি প্ৰত্যক্ষ কৰি আৰক্ষীয়ে বাহনখনত তালাচী চলাই আৰু 44 টা চাবোনৰ বাকচত মুঠ 572 গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় কাছাৰ আৰক্ষী । হেৰ’ইন জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আনোৱাৰ হুছেইন মজুমদাৰ আৰু হুছেইন আহমেদ লস্কৰ নামৰ দুই সৰবৰাহকাৰীক ।

কাছাৰ আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পাচতে হুছেইন আহমেদ লস্কৰ নামৰ সৰবৰাহকাৰীটোৱে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে যদিও বিফল হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে পুনৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰী হুছেইন আহমেদক । ইপিনে জব্দ হোৱা হে’ৰইনখিনিৰ বজাৰ মূল্য তিনি কোটি টকাৰো অধিক হ’ব বুলি জানিবলৈ দিয়ে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে ৷

বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ হোৱা এই সফল অভিযান লক্ষীপুৰৰ মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত চলোৱা হৈছিল বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় ৷

লগতে পঢ়ক: খানাপাৰাত পুনৰ STF ৰ ড্ৰাগছ বিৰোধী অভিযান, মহিলাসহ এজনক গ্ৰেপ্তাৰ - Anti drugs operation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.