Maharashtra political update : অতিশীঘ্ৰে বিধানসভাত শক্তি পৰীক্ষাৰ দাবী দেৱেন্দ্ৰ ফাড়নাভিছৰ

author img

By

Published : Jun 28, 2022, 10:52 PM IST

Maharashtra political update

এইবাৰ ৰাজ্যপালৰ কাষ পালেগৈ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ (Devendra Fadnavis meets Maharashtra governor) ৷ অতিশীঘ্ৰে বিধানসভাৰ শক্তি পৰীক্ষাৰ বাবে আহ্বান ৰাজ্যপালক ৷

নিউজ ডেস্ক, 28 জুন: মহাৰাষ্ট্ৰৰ ৰাজনীতিত আকৌ নতুন মোৰ (Maharashtra political update)৷ এইবাৰ ৰাজ্যপালৰ কাষ পালেগৈ বিজেপি নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ ৷ অতিশীঘ্ৰে বিধানসভাৰ শক্তি পৰীক্ষাৰ বাবে আহ্বান ৰাজ্যপালক ৷ ফাড়নাভিছৰ লগত আছিল কেইবাগৰাকীও বিধায়ক (Devendra Fadnavis meets Maharashtra governor)৷ ইফালে গুৱাহাটীৰ পৰা একনাথ সিন্দে নেতৃত্বাধীন বিদ্ৰোহী বিধায়কৰ দল উৰা মাৰিবলৈ ওলাইছে ঘৰমুৱা হৈ ৷

চৰকাৰ গঠনৰ আশা যেন বাৰুকৈয়ে উজ্জল হৈছে বিজেপিৰ ৷ ইয়াৰ পূৰ্বে পুৱাই দিল্লীত উপস্থিত হৈ জ্যেষ্ঠ বিজেপি নেতা সকলক লগ কৰে ফাড়নাভিছে ৷ মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাড়ী চৰকাৰৰ পতন ঘটনাই যেন ৰাজপাটত বহিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে বিজেপিয়ে ৷ ফাড়নাভিছৰ দাবী সম্বলিত পত্ৰৰ অৱশ্যে বৰ্তমানলৈ কোনো উত্তৰ দিয়া নাই ৰাজ্যপালে ৷

দেখা গৈছে যে, ইতিমধ্যে 48 গৰাকী বিধায়কে উদ্ধৱ ঠাকৰেৰ বিৰোধিতা কৰি গুৱাহাটীত বাহৰ পাতিছে যোৱা এসপ্তাহ ধৰি ৷ মঙলবাৰে তেওঁলোক উভতি অহাৰ সম্ভাৱনা প্ৰকট হৈছে যদিও চৰকাৰ যে তিষ্ঠি থাকিব সেয়া নিশ্চিত নহয় ৷

লগতে পঢ়ক : MAHA crisis: বিদ্ৰোহী শিৱসেনা বিধায়কলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ, পৰৱৰ্তী শুনানি 11 জুলাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.