ETV Bharat / bharat

MAHA crisis: বিদ্ৰোহী শিৱসেনা বিধায়কলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ, পৰৱৰ্তী শুনানি 11 জুলাইত

author img

By

Published : Jun 27, 2022, 6:25 PM IST

Supreme Court
Supreme Court

উচ্চতম ন্যায়ালয়ে সোমবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নৰহৰি জিৰৱাল (Supreme Court issued notice to Maharashtra Deputy Speaker), বিধায়িনী দলৰ নেতা অনিল চৌধুৰী (leader of Legislature party Anil Chaudhary) আৰু কেন্দ্ৰলৈ জাননী জাৰি কৰে (Supreme Court notice to centre) ।

নিউজ ডেস্ক, ২৭ জুন : উচ্চতম ন্যায়ালয়ে সোমবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নৰহৰি জিৰৱাল (Supreme Court issued notice to Maharashtra Deputy Speaker), বিধায়িনী দলৰ নেতা অনিল চৌধুৰী (leader of Legislature party Anil Chaudhary) আৰু কেন্দ্ৰলৈ জাননী জাৰি কৰে (Supreme Court notice to centre) । বিদ্ৰোহী শিৱসেনা বিধায়ক একনাথ সিণ্ডে (rebel Sena MLA Eknath Shinde) আৰু আন ১৫ জন বিধায়কক অযোগ্যতাৰ জাননীক প্ৰত্যাহ্বান জনাই সিন্দেই কৰা আবেদনৰ শুনানিৰ সময়ত ছুপ্ৰিম কোৰ্টে এই জাননী জাৰি কৰে ।

শীৰ্ষ আদালতে বিদ্ৰোহী বিধায়কসকলক দিয়া সময়সীমাও বৃদ্ধি কৰে আৰু তেওঁলোকক ১১ জুলাইৰ ভিতৰত তেওঁলোকৰ সঁহাৰি দাখিল কৰিবলৈ অনুমতি দিয়ে । ইয়াৰ পূৰ্বে বিদ্ৰোহী বিধায়কসকলে সোমবাৰে সন্ধিয়া ৫.৩০ বজাৰ ভিতৰত উত্তৰ দাখিল কৰিবলগা আছিল । উল্লেখ্য, বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলৰ নেতা একনাথ সিন্দে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক (political controversy in Maharashtra) বিতৰ্কৰ কেন্দ্ৰত আছে আৰু যোৱা এসপ্তাহ ধৰি গুৱাহাটীত তেওঁৰ সহযোগী বিধায়কসকলৰ সৈতে বাহৰ পাতি আছে (Shinde and other MLAs are in Guwahati) ।

তেওঁৰ আবেদনত মহাৰাষ্ট্ৰৰ উপাধ্যক্ষই (Maharashtra Deputy Speaker) বিদ্ৰোহী বিধায়কসকলক জাৰি কৰা অযোগ্যতাৰ জাননী (challenges disqualification notices) আৰু লগতে অজয় চৌধুৰীক শিৱসেনা বিধায়িনী দলৰ নেতা হিচাপে নিযুক্তি দিয়াক প্ৰত্যাহ্বান জনাইছে । শীৰ্ষ আদালতে ১১ জুলাইত শুনানিৰ বাবে তেওঁৰ আবেদন তালিকাভুক্ত কৰে । আজি দিনটোৰ কাৰ্যক্ৰমণিকাৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে একনাথ সিন্দেৰ গোটটোক সোধে (Supreme Court asked Eknath Shinde's faction), 'তেওঁলোক কিয় বোম্বাই উচ্চ ন্যায়ালয়লৈ (Bombay High Court) যোৱা নাছিল' । ইয়াৰ উত্তৰত তেওঁলোকে কয় যে তেওঁলোকৰ জীৱন বিপদাপন্ন হৈছে আৰু মুম্বাইত (Mumbai) আইনী প্ৰতিকাৰ লাভৰ বাবে পৰিৱেশ অনুকূল নহয় ।

ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাক (Justices Surya Kant and J.B. Pardiwala) লৈ গঠিত খণ্ড বিচাৰপীঠে বিদ্ৰোহী বিধায়কসকলক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা নীৰজ কিষাণ কৌলক সোধে (senior advocate Neeraj Kishan Kaul), তেওঁলোকে বোম্বাই উচ্চ ন্যায়ালয়লৈ কিয় যোৱা নাই । কৌলে বিদ্ৰোহী শিৱসেনাৰ বিধায়ক আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱনৰ প্ৰতি ভাবুকিৰ কথা উল্লেখ কৰি মুম্বাইত গোচৰ চলাবলৈ পৰিৱেশ অনুকূল নহয় বুলি জনায় ।

কৌলে কয়, আবেদনকাৰীসকলে কৈছে যে উপাধ্যক্ষই তেওঁলোকৰ বিৰুদ্ধে অযোগ্যতাৰ প্ৰক্ৰিয়া আগবঢ়াব নোৱাৰে, কিয়নো তেওঁলোকক অপসাৰণ কৰিব বিচৰা এটা প্ৰস্তাৱ স্থগিত হৈ আছে । তেওঁ শীৰ্ষ আদালতৰ "নাবাম ৰেবিয়া" গোচৰ (২০১৬)ৰ সিদ্ধান্তৰ উদাহৰণ দাঙি ধৰে ("Nabam Rebia" case 2016)। কৌলে লগতে কয় যে বিধায়িনী দলৰ এক সংখ্যালঘু অংশই ৰাজ্যিক প্ৰশাসনক কলুষিত কৰি আছে আৰু তেওঁলোকৰ ঘৰত আক্ৰমণ কৰা হৈছে ।

আনহাতে, বিচাৰপীঠে দুটা কথা কয়, প্ৰথম বিধায়কসকলৰ জীৱনৰ প্ৰতি ভাবুকিৰ অভিযোগ, যাৰ সত্যাসত্য প্ৰমাণ কৰাৰ কোনো উপায় নাই । দ্বিতীয় বিষয়টো হৈছে বিধায়কসকলক অযোগ্যতাৰ জাননীৰ (disqualification notice) সঁহাৰি দিবলৈ দিয়া সময়ৰ অভাৱ । বিচাৰপীঠে উল্লেখ কৰে যে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অধ্যক্ষ বা উপাধ্যক্ষই তেওঁৰ সিদ্ধান্ত অব্যাহত ৰাখিব নোৱাৰে যেতিয়ালৈকে তেওঁৰ সিদ্ধান্ত অব্যাহত ৰখাৰ বিষয়টো সন্দেহৰ আৱৰ্তত থাকিব । কৌলে পুনৰ কয় যে এজন উপাধ্যক্ষই কেনেকৈ বিষয়টো আগবঢ়াব পাৰে যেতিয়া তেওঁৰ অপসাৰণ কৰা বিষয়টোতে প্ৰশ্নবোধকৰ সৃষ্টি হয় ।

আবেদনখনত কোৱা হয় যে আবেদনকাৰীয়ে ২৫ জুনৰ জাননী/তলবত ক্ষুব্ধ হৈছে, যিটো সম্পূৰ্ণৰূপে অবৈধ, অসাংবিধানিক আৰু (২০১৬)ত নাবাম ৰেবিয়া আৰু বামাং ফেলিক্স বনাম উপাধ্যক্ষ, অৰুণাচল প্ৰদেশ বিধানসভাৰ বিষয়ত এই আদালতৰ ৰায়ক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা হৈছে (Nabam Rebia & Bamang Felix Vs Deputy Speaker, Arunachal Pradesh Legislative Assembly) । "২০২১ চনৰ ফেব্ৰুৱাৰীত নানা পাটোলে কাৰ্যালয়ৰ পৰা পদত্যাগ (Nana Patole resigned) কৰাৰ পিছৰে পৰা অধ্যক্ষৰ আসনখন খালী (seat of Speaker is vacant) হৈ আছে ।

সেয়েহে, এনে কোনো কৰ্তৃত্ব নাই যিয়ে অযোগ্যতাৰ আবেদনৰ ওপৰত বিচাৰ কৰিব পাৰে, যাৰ অধীনত আবেদনকাৰীক অপ্ৰত্যাশিত জাননী জাৰি কৰা হৈছে ।" তেওঁ লগতে কয় । বিদ্ৰোহী নেতাসকলে শীৰ্ষ আদালতক দলত্যাগ বিৰোধী আইনৰ (Anti-Defection Law) (সংবিধানৰ দশম অনুসূচী, 10th Schedule of the Constitution) অধীনত উপাধ্যক্ষক কোনো ব্যৱস্থা গ্ৰহণ কৰাত বাধা দিবলৈ আৰু উপাধ্যক্ষই অপসাৰণৰ প্ৰস্তাৱৰ যিকোনো ব্যৱস্থা গ্ৰহণৰ বিৰুদ্ধে নিৰ্দেশনা জাৰি কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: MAHA political crisis : বিতৰ্কিত মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.