Maharashtra political crisis: অসম এৰাৰ বাবে সাজু সিন্দে বাহিনী

author img

By

Published : Jun 29, 2022, 11:16 AM IST

Maharashtra political crisis

বিগত 20 জুনৰ পৰা গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ(Maharashtra rebel MLAs) দলটো অৱশেষত অসম এৰি যাবলৈ সাজু হৈছে ৷ মহাৰাষ্ট্ৰৰ বিধানসভাত আস্থা ভোটৰ বাবে ৰাজ্যপালৰ আহ্বান মৰ্মে অসম এৰি যাবলৈ সাজু হৈছে দলটো ৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে ঠাকৰে চৰকাৰক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ দাবী জনাই মঙলবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰিছিল পত্ৰ ।

গুৱাহাটী, 29 জুন : বিসম্বাদী নেতা একনাথ সিন্দেসহ চাৰিজন বিসম্বাদী বিধায়কে(Maharashtra rebel MLAs) বুধবাৰে পুৱাই যায় কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে ৷ পুৱা প্ৰায় ৭.৪৫ বজাত হোটেল ৰেডিশ্যন ব্লুৰ পৰা ওলাই পোনে পোনে বিধায়কৰ দলটো উপস্থিত হয়গৈ কামাখ্যা মন্দিৰত (Kamakhya Temple at Guwahati) ৷ মন্দিৰত মা কামাখ্যাৰ আশীষ লোৱাৰ পাছত বিধায়কৰ দলটো পুনৰ উভতি আহে হোটেল ৰেডিশ্যন ব্লুলৈ ।

শেহতীয়া তথ্য মতে, বিসম্বাদী বিধায়কৰ দলটো আজি গুৱাহাটীৰ পৰা গোৱালৈ ৰাওনা হ’ব । অৱশ্যে বৃহস্পতিবাৰে শিৱসেনাৰ বিসম্বাদী বিধায়ককেইজন মুম্বাইত উপস্থিত থাকিব বুলি একনাথ সিন্দেই জানিবলৈ দিয়ে ৷ সিন্দেই উল্লেখ কৰা অনুসৰি, তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ বৃহস্পতিবাৰে মুম্বাইলৈ যাব । মহাবিকাশ আঘাদী চৰকাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব । তেওঁ মহাৰাষ্ট্ৰৰ শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কামাখ্যা দৰ্শন কৰাৰ কথা জানিবলৈ দিয়ে ৷

অসম এৰাৰ বাবে সাজু সিন্দে বাহিনী

তেওঁ লগতে কয় য়ে, আমি এতিয়া শিৱ সৈনিক । আমি শিৱসেনাতে আছো । মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে আমাক বিধানসভাত আস্থা ভোটৰ বাবে আহ্বান জনাইছে । বৃহস্পতিবাৰে বিধানসভাত আস্থা ভোট হ'ব । আমি কাইলৈৰ ভিতৰত মুম্বাইলৈ যাম আৰু সকলো প্ৰক্ৰিয়া অনুসৰণ কৰিম ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে মঙলবাৰে ৰাজ্যপালক পত্ৰ প্ৰদান কৰি ঠাকৰে চৰকাৰক তৎক্ষণাৎ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ দাবী জনাইছিল । তেওঁ ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিত শিৱসেনাৰ ৩৯ জন বিধায়কে কংগ্ৰেছ আৰু এনচিপিৰ সৈতে থাকিব নিবিচাৰে আৰু সেই কাৰণে তেওঁলোকে মহাবিকাশ মিত্ৰজোঁট বা চৰকাৰ ত্যাগ কৰিছে বুলি উল্লেখ কৰে ।

তেওঁ বৰ্তমানৰ চৰকাৰখন সংখ্যালঘুত আছে বুলি উল্লেখ কৰি ৰাজ্যপালক ইয়াৰ বাবে সংখ্যাগৰিষ্ঠতা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছিল(Maharashtra governor's call for the floor test) । দেৱেন্দ্ৰ ফাড়নাভিছৰ পত্ৰখনৰ পাছত ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আহ্বান জনায় ৷

জানিব পৰা মতে দুটা ভাগত বিভক্ত হৈ বিসম্বাদী বিধায়কৰ দলটো যাত্ৰা কৰিব । বিগত 20 জুনৰ পৰা হোটেলখনত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে । শিৱসেনাৰ 39 আৰু শিৱসেনা সমৰ্থিত 9 জন নিৰ্দলীয় বিধায়ক আছে এই দলটোত ৷

লগতে পঢ়ক : Maharashtra political update : অতিশীঘ্ৰে বিধানসভাত শক্তি পৰীক্ষাৰ দাবী দেৱেন্দ্ৰ ফাড়নাভিছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.