গুৱাহাটীৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব বিসম্বাদী বিধায়কৰ দল

author img

By

Published : Jun 29, 2022, 11:50 AM IST

maharashtra-rebel-mlas-will-leave-guwahati-today-evening-at-3-dot-30

বৰঝাৰ বিমান বন্দৰৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল ৷ গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১ টা কোঠা ৷ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত অনুষ্ঠিত হ’ব আস্থা ভোট ৷

গুৱাহাটী, 29 জুন : গুৱাহাটী এৰি আজি অৰ্থাৎ বুধবাৰে ওভতিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল(Maharashtra Rebel MLAs) । গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা বিশেষ বিমানেৰে গোৱালৈ যাব হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা 48 জন বিধায়ক । বিসম্বাদী বিধায়ককেইজন গোৱালৈ ওভতাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমানবন্দৰত ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলা হৈছে ।

আজি দিনৰ ৩.৩০ বজাত আটাইকেইজন উৰা মাৰিব গোৱালৈ । গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১ টা কোঠা । ইফালে বৰঝাৰ বিমানবন্দৰত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী, বান্ধি দিয়া হৈছে বেৰিকেড । পৰিস্থিতিৰ বুজ লৈ আছে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই । দিনৰ 12 বজাৰ পিছত হোটেল ৰেডিশ্বন ব্লুৰ ত্যাগ কৰিব বিধায়কসকলে ।

গুৱাহাটীৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব বিসম্বাদী বিধায়কৰ দল

উল্লেখ্য যে, একনাথ সিন্দেসহ চাৰিজন বিসম্বাদী বিধায়কে বুধবাৰে পুৱা ৭.৪৫ বজাত হোটেল ৰেডিশ্বন ব্লুৰ পৰা কামাখ্যালৈ ওলাই গৈছিল । তেওঁলোক কামাখ্যাৰ পৰা পুনৰ ৰেডিশ্বন ব্লুলৈ উভতি আহে । জানিব পৰা মতে, দুটা ভাগত বিভক্ত হৈ বিসম্বাদী বিধায়কৰ দলটো যাত্ৰা কৰিব । বিগত 20 জুনৰ পৰা হোটেলখনত বাহৰ পাতি আছিল মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে । শিৱসেনাৰ 39 আৰু শিৱসেনা সমৰ্থিত 9 জন নিৰ্দলীয় বিধায়ক আছে দলটোত । বিধায়কসকল গোৱাৰ পৰা বৃহস্পতিবাৰে মুম্বাইলৈ যাব ।

লগতে পঢ়ক : একনাথ সিন্দেসহ চাৰিজন বিধায়ক কামাখ্যালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.