অসম

assam

পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

By

Published : Aug 26, 2021, 6:57 PM IST

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে 30 আগষ্টত প্ৰকাশ পাব শিক্ষা বিভাগৰ বিশেষ এছ অ' পি ৷ ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণী সমূহ আৰম্ভ হ’ব ৷ আনহাতে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সমূহো ছেপ্তেম্বৰ মাহৰ পৰা পুনৰ খুলি দিয়া হ’ব ৷ ফাষ্টট্ৰেক আদালতত হ'ব নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ৷

The 15th Cabinet took several important decisions
পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী,26 আগষ্ট: বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ বৃহস্পতিবাৰে পঞ্চদশ কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্ৰী কেশৱ মহন্ত,ডাঃ ৰণোজ পেগু আৰু ৰণজিৎ কুমাৰ দাসে ৷

সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়,অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্তেম্বৰ দিনটো ৰাজ্যজুৰি ক্ৰীড়া দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে৷ আনহাতে ক্ৰীড়া পেঞ্চন 8 হাজাৰৰ পৰা 10 হাজাৰলৈ বৃদ্ধি কৰা হৈছে৷ সেইদৰে ৰাষ্ট্ৰীয় খেল, এছিয়ান গেমচ, কমনৱেল্থ গেমচ আৰু অলিম্পিয়ানসকললৈ প্ৰতিমাহে 10 হাজাৰকৈ জীৱনজোৰা পেঞ্চনৰ সন্মান আগবঢ়োৱা হ'ব৷ তদুপৰি এককালীন সাহাৰ্যৰ সন্মানৰ ক্ষেত্ৰত 50 হাজাৰ টকা আগবঢ়োৱা হ'ব ৷

মন্ত্ৰী গৰাকীয়ে লগতে কয়,কেবিনেটৰ সিদ্ধান্ত অনুসৰি জিলা উপায়ুক্তসকলক কিছু ক্ষমতা প্ৰদান কৰা হৈছে ৷ জিলাৰ ভিতৰতে নিৰ্দিষ্ট বিভাগীয় মুৰব্বীৰে কথা পাতি সেই বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সাল-সলনিৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলক কৰ্তৃত্ব প্ৰদান হৈছে ৷ তৃতীয় শ্ৰেণী পৰ্যায়লৈকে এই ৰদ-বদল কৰিব পাৰিব ৷

পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আনহাতে চাইঞ্চ এণ্ড টেকন'ল'জি বিভাগৰ নতুন নামাকৰণ কৰি 'চাইঞ্চ, টেকন'ল'জি এণ্ড ক্লাইমেট চেইঞ্জ'(science,technologay and climate change) কৰা হৈছে বুলি জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ ইফালে বি টি এ ডিত হোৱা বান পৰিস্থিতি বুজ ল'বলৈ মন্ত্ৰী যোগেন মোহন আৰু ইউ জি ব্ৰহ্মক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে বুলিও জনালে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে লোক নিৰ্মাণ বিভাগৰ ক্ষেত্ৰত কেবিনেটে গ্ৰহণ কৰাৰ কেতবোৰ বিশেষ সিদ্ধান্তৰ কথাও মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

লগতে পঢ়কঃ১ ছেপ্টেম্বৰত বিধায়ক পদ এৰিব ফণী তালুকদাৰে

মন্ত্ৰী গৰাকীয়ে জনোৱা মতে,লোক নিৰ্মাণ বিভাগৰ বিল্ডিং শাখাৰ চক্ৰ কাৰ্যালয়ৰ সংখ্যা পাঁচটাৰ পৰা 13 টালৈ বৃদ্ধি কৰা হৈছে ৷ সেইদৰে ডিভিজন অ'ফিচ 17 টাৰ পৰা 37 টা লৈ বৃদ্ধি কৰা হৈছে ৷ চাব ডিভিজন অ'ফিচ 49 টাৰ পৰা 77 টালৈ বৃদ্ধি কৰা হৈছে ৷ নতুনকৈ সৃষ্টি কৰা এই কাৰ্যালয়সমূহৰ বাবে কাৰিকৰী ক্ষেত্ৰত 804 টা নতুন পদৰ প্ৰয়োজন হ'ব ৷ ইয়াৰ উপৰিও ন ন-টেকনিকেল পদো ভালেখিনি সৃষ্টি হ'ব বুলি জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

আনহাতে সংবাদমেলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে কয়,কেবিনেটে মাজুলী, বজালী আৰু দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তিনিটা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মাজুলীত সংমণ্ডলৰ মুখ্য সদৰ হ'ব কমলাবাৰী ৷ সেইদৰে বজালীৰ বাবে হ'ব পাঠশালা আৰু দক্ষিণ শালামাৰ মানকাছৰৰ বাবে হ'ব হাটশিঙিমাৰী ৷ নতুন কাৰ্যালয় নোহোৱালৈকে বৰ্তমান এছ ডি অ' অফিচতে সংমণ্ডলৰ কাম-কাজ হ'ব ৷

লগতে পঢ়কঃবীৰ লাচিত সেনাক কি প্ৰতিশ্ৰুতি দিছিল ৰামেশ্বৰ তেলীয়ে ?

ইফালে সংবাদমেলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণী সমূহ আৰম্ভ হ’ব ৷ এইক্ষেত্ৰত শিক্ষাৰ্থী আৰু শিক্ষক সকলে ক’ভিড ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰাটো বাধ্যতামূলক ৷ ৰাজ্যৰ 18 বছৰৰ উৰ্দ্ধৰ সকলো শিক্ষাৰ্থীৰ উপৰি শিক্ষকসকলক শুকুৰবাৰৰ পৰা ৰাজ্য চৰকাৰে ভেকচিন দিয়াৰ ব্যাৱস্থা কৰিব ৷

ইয়াৰ উপৰি ৰাজ্যৰ শিক্ষা বিভাগৰ ব্লক, জিলা পৰ্যায়ৰ লগতে স্কুল পৰিদৰ্শকৰ কাৰ্যালয় সমূহত শুকুৰবাৰৰ পৰা শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলৰ বাবে বিশেষ টিকাকৰণৰ ব্যৱস্থা কৰা হ'ব৷ আনহাতে আটাইকেইখন বিশ্ববিদ্যালয়ৰ চৌহদত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব ৷ এই বিশেষ ভেকচিন প্ৰদানৰ ব্যৱস্থা 5 ছেপ্তেম্বৰলৈ চলিব ৷ আনহাতে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সমূহো ছেপ্তেম্বৰ মাহৰ পৰা পুনৰ খুলি দিয়া হ’ব ৷

অৱশ্যে ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সমূহত থকাৰ বাবে সকলোৱে ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব ৷ এই ক্ষেত্ৰত 30 আগষ্টত প্ৰকাশ পাব শিক্ষা বিভাগৰ বিশেষ এছ অ' পি ৷ লগতে নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত হ'ব বুলি জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

লগতে পঢ়কঃচাৰি দশকত জব্দ-উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

ABOUT THE AUTHOR

...view details