চাৰি দশকত জব্দ-উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

author img

By

Published : Aug 26, 2021, 4:04 PM IST

verification underway of rhino horns

চোৰাংচিকাৰী তথা সৰবৰাহকাৰীৰ পৰা জব্দ কৰা তথা মৃত গড়ৰ পৰা উদ্ধাৰ কৰা আঢ়ৈ হাজাৰ খৰ্গ ধ্বংস কৰা হ'ব । ২৯ আগষ্টত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ চৌহদত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হ'ব । এই শুনানিৰ পাছতে বন বিভাগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । পৰীক্ষা-নিৰীক্ষা আৰু শৈক্ষিক গৱেষণাকে ধৰি বিভিন্ন কাৰণত পাঁচ শতাংশ খৰ্গ সংৰক্ষণ কৰা হ'ব ।

গুৱাহাটী,২৬ আগষ্ট : ৰাজ্যত বিগত চাৰিটা দশকত জব্দ তথা উদ্ধাৰ কৰা গঁড়ৰ আঢ়ৈ হাজাৰ খৰ্গৰ উপৰিও আন জন্তুৰ অংগ ধ্বংস কৰাৰ বাবে বন আৰু পৰিৱেশ বিভাগে উদ্যোগ গ্ৰহণ কৰিছে । বিশেষকৈ বিগত চাৰিটা দশকত চোৰাংচিকাৰী তথা সৰবৰাহকাৰীৰ পৰা জব্দ কৰা তথা মৃত গড়ৰ পৰা উদ্ধাৰ কৰা আঢ়ৈ হাজাৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে বিভাগটোৱে । বন বিভাগত শীৰ্ষ সূত্রই সদৰি কৰা মতে এই প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে ৰাজহুৱা শুনানি গ্ৰহণ কৰা হ'ব ।

এই সন্দৰ্ভত ২৯ আগষ্টত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ (Assam Forest School) চৌহদত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হ'ব । এই শুনানিৰ পাছতে বন বিভাগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । অৱশ্যে গঁড়ৰ সকলো খৰ্গ ধ্বংস কৰা নহয় । পৰীক্ষা-নিৰীক্ষা আৰু শৈক্ষিক গৱেষণাকে ধৰি বিভিন্ন কাৰণত পাঁচ শতাংশ খৰ্গ সংৰক্ষণ কৰা হ'ব ।

verification underway of rhino horns
চাৰি দশকত জব্দ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

লক্ষণীয় বিষয় যে জব্দ কৰা তথা উদ্ধাৰ কৰা খৰ্গৰ পৰীক্ষণৰ বাবে ২০১৬ চনত ৰাজ্যিক পৰ্য‍ায়ৰ উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছিল । কমিটিয়ে পৰীক্ষণত আঢ়ৈ হাজাৰ খৰ্গ লাভ কৰিছিল । লক্ষণীয় বিষয় যে গঁড়ৰ খৰ্গসমূহ সংৰক্ষিত কৰি ৰাখিলে ইয়াৰ মূল্য আছে বুলি থকা ধাৰণাটোক উদগনি দিয়া হ'ব । যাৰ বাবে এই খৰ্গসমূহ ধ্বংস কৰাৰ পৰিকল্পনা কৰা হৈছে ।

উল্লেখ্য যে চীন আৰু ভিয়েটনামকে ধৰি বিভিন্ন ৰাষ্ট্ৰত গঁড়ৰ খৰ্গ পৰম্পৰাগত মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয় । যাৰ বাবে আন্তঃৰ‍াষ্ট্ৰীয় বজাৰত গঁড়ৰ খৰ্গৰ যথেষ্ট মূল্য আছে আৰু ইয়াৰ বাবে গঁড় হত্যা কৰা হয় । অসম এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত আৰু ইয়াত ইয়‍াৰ সংখ্যা সৰ্বাধিক ।

verification underway of rhino horns
চাৰি দশকত জব্দ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

২০১৮ চনৰ গণনা অনুসৰি অসমত থকা গঁড়ৰ সংখ্যা হৈছে ২,৬৫০ টা আৰু ইয়‍ৰে ২,৪০০ টা কাজিৰঙাত আছে । বিভাগীয় সূত্রত প্ৰকাশ যে শেহতীয়াকৈ ছটা মাণ্ডলিক কমিটিৰ যোগেদি জব্দ তথা উদ্ধাৰ কৰা জন্তুৰ অংগসমূহ অতি সুক্ষ্মভাৱে পৰীক্ষা-নিৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে । এই কাৰ্যত ফৰেঞ্চিক পৰীক্ষাগাৰো (forensic laboratory) জড়িত হৈ আছে ।

আৰক্ষী-প্ৰশাসনৰ লোকৰ উপস্থিতিত এই কাৰ্য সম্পাদন কৰা হৈছে আৰু স্বচ্ছতা বজাই ৰখাৰ বাবে ভিডিঅ' ৰেকৰ্ডিঙৰ লগতে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰাৰো ব্যৱস্থা কৰা হৈছে । বিভাগীয় শীৰ্ষ বিষয়াই জনো‍ৱা মতে কামৰূপ মহানগৰ, বৰপেটা আৰু মৰিগাঁও জিলাৰ পৰীক্ষণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে । শোণিতপুৰ, নগ‍াঁও, গোলাঘাট আৰু ৰাজ্যৰ আন জিলাত পৰীক্ষণৰ কাম অব্যাহত আছে ।

তিনিখন জিলাত পৰীক্ষণ কাৰ্য সম্পূৰ্ণ কৰা ২৬১ টা খৰ্গৰ ভিতৰত ২৪১ টা ধ্বংস কৰাৰ বাবে চিনাক্ত কৰা হৈছে । আনহাতে বাকী ১৮ টা সংৰক্ষিত কৰা হ'ব । ইফালে ইতিমধ্যে নষ্ট হৈ যোৱা গঁড়ৰ খৰ্গসমূহ ২২ ছেপ্তেম্বৰৰ 'নেচনেল এলিফেণ্ট এপ্ৰিচিয়েশ্বন দিৱস'ৰ (National Elephant Appreciation Day) দিনা ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে বন বিভাগে ।

লগতে পঢ়ক:ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.