ETV Bharat / state

আচলতে কি হৈছিল খেলমাটি আৰক্ষী চকীত ! অতিৰিক্ত আৰক্ষী অধীক্ষকে জনালে সবিশেষ - Attack On Khelmati Outpost

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:36 PM IST

Attack On Khelmati Outpost : এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে লখিমপুৰৰ খেলমাটি ৷ বৃহস্পতিবাৰে পুৱা সংঘটিত এই ঘটনাৰ তদন্ত অব্যাহত ৰাখি লখিমপুৰৰ আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত দুই নাবালকসহ মুঠ ১৫ জনক গ্ৰেপ্তাৰ কৰিছে ৷ আন অভিযুক্তসকলক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

Attack On Khelmati Outpost
আচলতে কি হৈছিল লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত (ETV BHARAT ASSAM)

লখিমপুৰ, ২৫ মে’: এজন লোকৰ মৃত্যুক কেন্দ্ৰ লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত বৃহস্পতিবাৰে পুৱা এদল উন্মত্ত লোকে কৰা আক্রমণৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বৰ্তমানলৈ এই আক্ৰমণৰ ঘটনাৰ লগত জড়িত থকা সন্দেহত আৰক্ষীয়ে দুই নাবালকসহ মুঠ ১৫ জনক গ্ৰেপ্তাৰ কৰিছে ৷ ঘটনাৰ এদিনৰ পাচতেই আৰক্ষীয়ে নগৰখনৰ চান্দমাৰীকে ধৰি বিভিন্ন স্থানত ওৰে নিশা অভিযান চলাই আক্রমণকাৰীকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি আটকাধীন আটাইকে সদৰ থানাত ৰখা হৈছে । গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত দুজন নাবালকো আছে বুলি জানিব পৰা হৈছে ।

আচলতে কি হৈছিল লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত (ETV BHARAT ASSAM)

আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত থকা সন্দেহত গ্ৰেপ্তাৰ কৰাকেইজন ক্ৰমে মালেক আলী, মণিৰুল ইছলাম, ছাহজাহান আলম, চনি আহমেদ, জাহাংগীৰ আলী, পাপু খান, মোবাৰক আলী, মজিবুৰ ৰহমান, আজিজুৰ ৰহমান, কাছেম আলী, বাহাৰুল ইছলাম, আনাৰুল ইছলাম, মফুজুৰ ৰহমান আৰু দুজন নাবালক । আৰক্ষীয়ে অভিযুক্তকেইটাৰ পৰা জুই জ্বলোৱাৰ কেতবোৰ সঁজুলি, পে‘ট্ৰলৰ বটল, দা, চুৰি, লাঠি, শিল আদি সামগ্রী জব্দ কৰিছে বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক: আচামীৰ মৃত্যুক লৈ জ্বলিছে লখিমপুৰৰ খেলমাটি ; পৰিস্থিতি উত্তেজনাপূৰ্ণ - Attack On Khelmati Out Post

লখিমপুৰ সদৰ থানাত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে নয়নমণি বৰ্মন, লৱ কুমাৰ ডেকা আৰু ডেইজী গগৈয়ে শনিবাৰে বিয়লি ঘটনাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ হত্যাৰ উদ্দেশ্য, ৰাজহুৱা সম্পত্তি হানি আদি অভিযোগত লখিমপুৰ সদৰ থানাত ৰুজু কৰা ১৪১/২০২৪ নম্বৰৰ আৰু ১২০ বি/১৪৩/১৪৭/৩২৬/৩০৭/৩৩৮/৩৩৩ ধাৰাৰ লগতে ডব্লিউ আৰ-৪-পিডিপিপি আইনৰ ধাৰা মতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক কেইগৰাকীয়ে জানিবলৈ দিয়ে ।

এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত ৰাখিব বুলি উল্লেখ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক কেইগৰাকীয়ে বহুলোক আৰক্ষীৰ জালত পৰিব বুলিও জানিবলৈ দিয়ে ৷ গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত দুজন পলাবলৈ উদ্যত হোৱা স্থানৰ পৰা আৰু বাকীকেইজনক ঘৰৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক কেইগৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক: তিনিজনক গ্ৰেপ্তাৰ : খেলমাটিত আহত সংবাদ মাধ্যমৰ লোকসহ কেবাজনো নিৰাপত্তাৰক্ষী - Attack on Khelmati out post

আনহাতে আৰক্ষী চকীৰ ভিতৰত আশ্ৰফ আলীৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত সুকীয়াকৈ আন এটা গোচৰৰ তদন্ত চলি আছে বুলি আৰক্ষী বিষয়াকেইগৰাকীয়ে সদৰী কৰে । উল্লেখ্য যে, এটি মোবাইল চুৰিৰ গোচৰত বুধবাৰে বিয়লি চান্দমাৰীৰ আশ্ৰফ আলী নামৰ লোকজনৰ সৈতে আৰক্ষীয়ে পাঁচজনক আটক কৰিছিল । তেওঁলোকক খেলমাটি আৰক্ষী চকীত বহুৱাই থোৱাৰ সময়তে আশ্ৰফ আলী ঢলি পৰে ৷ আৰক্ষীয়ে তেওঁ লখিমপুৰৰ মেডিকেল কলেজলৈ নিয়ে যদিও তেওঁৰ মৃত্যু হয় ।

এই ঘটনাৰ আলম লৈ বৃহস্পতিবাৰে প্ৰতিবাদ জনাবলৈ খেলমাটি আৰক্ষী চকীৰ সন্মুখত একাংশ লোক সমবেত হয় । প্ৰথম অৱস্থাত প্ৰতিবাদ শান্তিপূৰ্ণ আছিল যদিও ক্ৰমে প্ৰতিবাদে নিয়ন্ত্রণহীন ৰূপ ধাৰণ কৰে । যাৰ বাবে নিৰাপত্তা বাহিনীয়ে লাঠিচালনা, কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয় । ইয়াৰ পাচতেই একাংশ উত্তেজিত লোকে শিল দলিয়াই নিৰাপত্তা বাহিনীক আক্রমণ কৰে । ইমানতেই ক্ষান্ত নাথাকি একাংশই আৰক্ষী চকী, আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে ৷

লগতে পঢ়ক: স্বয়ং আৰক্ষীকে দিব লগা হৈছে সুৰক্ষা : খেলমাটিত এতিয়া সুস্থিৰ পৰিৱেশ - Attack On Khelmati Out Post

লগতে পঢ়ক: খেলমাটি কাণ্ড সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত, শুকুৰবাৰে নিশা আটক 13 আক্ৰমণকাৰী - Attack On Khelmati Out Post

পৰিস্থিতি অধিক অৱনতি ঘটাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি কোনোমতে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয় । এই সমগ্র ঘটনা, প্ৰত্যক্ষদৰ্শী, চিচি টিভিৰ ফুটেজ, কেমেৰাৰ ৰেকৰ্ডিং আদি চোৱাৰ লগতে আৰক্ষীয়ে নিজাকৈ অনুসন্ধান কৰি ওৰে নিশা অভিযান চলাই ১৪ জনক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পূৰ্বে আৰক্ষীয়ে উক্ত দিনাই আক্ৰমণৰ ঘটনাৰ পাচতে জাহাংগীৰ আলী নামৰ মূল আক্রমণকাৰীটোক গ্ৰেপ্তাৰ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.