ETV Bharat / state

স্বয়ং আৰক্ষীকে দিব লগা হৈছে সুৰক্ষা : খেলমাটিত এতিয়া সুস্থিৰ পৰিৱেশ - Attack On Khelmati Out Post

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 2:23 PM IST

Updated : May 24, 2024, 2:31 PM IST

KHELMATI OUT POST : সম্প্ৰতি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত ৷ বৃহস্পতিবাৰে এগৰাকী অভিযুক্তৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ৷

ATTACK ON KHELMATI OUT POST
খেলমাটিত এতিয়া সুস্থিৰ পৰিৱেশ (Source : Etv Bharat Assam)

লখিমপুৰ, 24 মে’ : এতিয়া শান্তিপূৰ্ণ পৰিৱেশ খেলমাটি আৰক্ষী চকীত ৷ লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত বুধবাৰে নিশা এগৰাকী অভিযুক্তৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ৷ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতিৰ অৱনতি ঘটিছিল বৃহস্পতিবাৰে পুৱা ৷ একাংশ স্থানীয় লোকে আৰক্ষী চকীত অভিযুক্তৰ মৃত্যু হোৱাৰ ঘটনাক সহজভাৱে গ্ৰহণ কৰিব নোৱাৰি সকলো দোষ জাপি দিছিল আৰক্ষীৰ ওপৰত ৷

লগে লগে শতাধিক স্থানীয় লোক একত্ৰিত হৈ আৰক্ষী চকী ঘেৰাও কৰি শিলাবৰ্ষণ কৰিছিল ৷ সময় বাগৰাৰ লগে লগে প্ৰতিবাদকাৰীৰ সংখ্যাও বৃদ্ধি পায় । তেওঁলোকে ঘটনাৰ তদন্ত বিচাৰি বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তপ্ত কৰি তোলে । এই ঘটনাত আৰক্ষীৰ লোকৰ বাহিৰেও আঘাতপ্ৰাপ্ত হৈছিল দুজনকৈ ভিডিঅ’ জাৰ্ণেলিষ্ট ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়েও লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয় ৷

খেলমাটিত এতিয়া সুস্থিৰ পৰিৱেশ (Source : Etv Bharat Assam)

নিৰাপত্তাৰ স্বাৰ্থত ঘটনাস্থলীত মোতায়েন কৰিবলগীয়া হৈছিল বহুসংখ্যক আৰক্ষী কনিষ্টবলৰ লগতে অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ বেটালিয়নসকলক । জিলাখনৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলেও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিছিল যদিও সফল হ’ব পৰা নাছিল ।

লগতে পঢ়ক: আচামীৰ মৃত্যুক লৈ জ্বলিছে লখিমপুৰৰ খেলমাটি ; পৰিস্থিতি উত্তেজনাপূৰ্ণ - Attack On Khelmati Out Post

বৃহস্পতিবাৰৰ এই কাণ্ডই অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ ৷ আৰক্ষীক কিয় আক্রমণৰ লক্ষ্য কৰা হ’ল নাইবা আৰক্ষী চকীত কিয় আক্রমণ কৰা হ’ল ? এই লৈ এতিয়া ব্যাপক চৰ্চা চলিছে । আৰক্ষীৰ জিম্মাত আশ্ৰফ আলীৰ মৃত্যু হোৱাৰ ঘটনাৰ বাবেই এনে আক্রমণৰ বাবে ৰাইজ উত্তেজিত হ’ল নেকি বুলি একে আষাৰে অঞ্চলটোৰ সচেতন ৰাইজে মানি লোৱা নাই ।

লখিমপুৰৰ একাংশ লোকে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰা মতে, খেলমাটি আৰক্ষী চকীৰ অন্তৰ্গত বহু এলেকাত চলে বহুধৰণৰ অসামাজিক কাৰ্য । অভিযোগ অনুসৰি, মদ, ভাং, ড্ৰাগছ আদিৰ বহু ঘাটিৰে ভৰি পৰি আছে এই খেলমাটি অঞ্চল । এনে অসামাজিক কাৰ্যত কেৱল একাংশ স্থানীয় পথভ্রষ্ট যুৱক যে জড়িত আছে, তেনে নহয় ।

বাহিৰৰ বহুলোক আহি ভাৰাঘৰ লৈ এইবোৰ অবৈধ বেহা চলাই অহাৰো অভিযোগ কৰিছে সচেতন লোকসকলে । আৰক্ষীয়ে এনে বেহাৰ বিৰুদ্ধে সময়ে সময়ে কঠোৰ অভিযান চলাই আহিছে । যাৰ বাবে তেনে বেহাত জড়িতসকলৰ আৰক্ষীৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া ক্ষোভ পুঞ্জীভূত হৈ আছিল । সেয়ে বুধবাৰে নিশা আশ্ৰফ আলী নামৰ অভিযুক্তজনৰ মৃত্যুৰ ঘটনাৰ আলম লৈ আৰক্ষীৰ ওপৰত একাংশ সন্দেহজনক লোকে আক্ৰমণ চলায় বুলি স্থানীয় সচেতন লোকসকলে মন্তব্য কৰিছে ৷

লগতে পঢ়ক: তিনিজনক গ্ৰেপ্তাৰ : খেলমাটিত আহত সংবাদ মাধ্যমৰ লোকসহ কেবাজনো নিৰাপত্তাৰক্ষী - Attack On Khelmati Out Post

Last Updated : May 24, 2024, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.