ETV Bharat / state

খেলমাটি কাণ্ড সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত, শুকুৰবাৰে নিশা আটক 13 আক্ৰমণকাৰী - Attack On Khelmati Out Post

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 11:25 AM IST

Attack On Khelmati Out Post : লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত আক্ৰমণৰ ঘটনা সন্দৰ্ভত 13 জনক আটক ৷ শুকুৰবাৰৰ ওৰে নিশা আৰক্ষীয়ে অভিযান চলায় ৷

Attack On Khelmati Out Post
আৰক্ষীৰ অব্যাহত তদন্ত: 13 জনক আটক (Etv bharat assam)

লখিমপুৰ ২৫ মে’ : লখিমপুৰৰ খেলমাটি কাণ্ডত জড়িত 13 অভিযুক্ত আটক । শুকুৰবাৰৰ ওৰে নিশা আৰক্ষীয়ে অভিযান চলায় কৰায়ত্ত কৰিবলৈ সক্ষম হয় অভিযুক্তকেইটাক । সম্প্ৰতি অভিযুক্তকেইটাক সদৰ থানাত ৰখা হৈছে ।

উল্লেখ্য যে, আক্ৰমণৰ ঘটনাৰ সংঘটিত হোৱাৰ দিনাই আৰক্ষীয়ে জাহাংগীৰ আলী নামৰ মূল আক্রমণকাৰীটোক গ্ৰেপ্তাৰ কৰিছিল আৰু শুকুৰবাৰে তেওঁক জেললৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পিছত শুকুৰবাৰৰ নিশা অভিযান চলাই নগৰৰ খেল মাটি অঞ্চলৰ চান্দমাৰীৰ বিভিন্ন স্থানৰ পৰা 13 জনক আটক কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে শনিবাৰৰ বিয়লি সংবাদ মাধ্যমৰ আগত সবিশেষ সদৰী কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে এটি ম’বাইল চুৰিৰ গোচৰত বুধবাৰৰ বিয়লি চান্দমাৰীৰ আশ্ৰফ আলী নামৰ অভিযুক্তটোক আৰক্ষীয়ে আটক কৰিছিল । আলীক খেলমাটি আৰক্ষী চকীত বহুৱাই থোৱাৰ সময়তে ঢলি পৰে আৰু আৰক্ষীয়ে লখিমপুৰৰ মেডিকেল কলেজলৈ লৈ যায় যদিও আলীৰ মৃত্যু ঘটে । এই ঘটনাৰ প্ৰতিবাদ জনায় বৃহস্পতিবাৰে খেলমাটি আৰক্ষী চকীৰ সন্মুখত একাংশ লোক সমবেত হয় ।

প্ৰথমাৱস্থাত প্ৰতিবাদ শান্তিপূৰ্ণ আছিল যদিও ক্ৰমে প্ৰতিবাদে নিয়ন্ত্রণহীন ৰূপ ধাৰণ কৰে । যাৰ বাবে নিৰাপত্তা বাহিনীয়ে লাঠি চালনা, কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয় । প্রথমে নিৰাপত্তা বাহিনীয়ে উত্তেজিত লোকক নিয়ন্ত্রণ কৰাত কিছু সফল হ’লেও একাংশ উত্তেজিত লোকে শিল দলিয়াই নিৰাপত্তা বাহিনীক আক্রমণ কৰে । কেৱল নিৰাপত্তা বাহিনীকে নহয় । শিল দলিয়াই একাংশই আৰক্ষী চকী, আৰক্ষীৰ যান-বাহন আদিও ভাঙে ।

পাছত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি কোনোমতে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয় । সমগ্র ঘটনা, প্ৰত্যক্ষদৰ্শী, চিচিটিভিৰ ফুটেজ, কেমেৰাৰ ৰেকৰ্ডিং আদি চোৱাৰ লগতে আৰক্ষীয়ে নিজাকৈ অনুসন্ধান কৰি কালি ওৰে নিশা অভিযান চলাই 13 টাক আটক কৰে ।

লগতে পঢ়ক: খেলমাটি আৰক্ষী চকী আক্ৰমণৰ সৈতে জড়িতক উচিত শাস্তি প্ৰদানৰ দাবী হিন্দু ক্ৰান্তি দলৰ - Attack On Khelmati Out Post

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.