খেলমাটি আৰক্ষী চকী আক্ৰমণৰ সৈতে জড়িতক উচিত শাস্তি প্ৰদানৰ দাবী হিন্দু ক্ৰান্তি দলৰ - Attack On Khelmati Out Post - HINDU KRANTI DAL PROTEST
🎬 Watch Now: Feature Video

Published : May 25, 2024 at 7:02 AM IST
|Updated : May 25, 2024 at 10:02 AM IST
মৰাণ, 25 মে’: আৰক্ষী চকীত আচামীৰ মৃত্যুক কেন্দ্র কৰি লখিমপুৰ নগৰত দুটা দিনৰ পূৰ্বে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ এদল উত্তেজিত লোকে শিল দলিয়াই খেলমাটি আৰক্ষী চকীত আক্রমণ কৰি আৰক্ষী চকীৰ লগতে যান–বাহনৰ ক্ষতিসাধন কৰিছিল । নিৰাপত্তাৰক্ষীয়েও লাঠীচালনা, কন্দুৱা গেছ নিক্ষেপ, শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হৈছিল ।
আৰক্ষী থানাত আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱা ঘটনাক লৈ এতিয়াও ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । ঘটনা সন্দৰ্ভত শুকুৰবাৰৰ নিশা ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলৰ বৃহৎ প্ৰতিবাদ । লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকীত সংঘটিত হোৱা ঘটনাৰ পাচতে ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই ঘটনাৰ লগত জড়িত দুষ্ট চক্ৰক আৰক্ষীয়ে অতি শীঘ্ৰে চিনাক্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ অসম চৰকাৰক দাবী জনাইছে ।
এনে ঘটনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই একে ঘটনা পুনৰ সংঘটিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে ডিব্ৰুগড় হিন্দু ক্ৰান্তি দলৰ নেতা-কৰ্মীসকলে ।
লগতে পঢ়ক: খেলমাটিকাণ্ডত জড়িত দুস্কৃতিকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী - Attack On Khelmati Out Post