ETV Bharat / state

খেলমাটিকাণ্ডত জড়িত দুস্কৃতিকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী - Attack On Khelmati Out Post

Attack On Khelmati Out Post: বৃহস্পতিবাৰে সংঘটিত লখিমপুৰৰ খেলমাটিকাণ্ডক লৈ আজিও প্ৰতিবাদত উত্তাল হৈ পৰিল লখিমপুৰ নগৰ । অসমীয়া যুৱ মঞ্চই দুস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত সন্ধিয়া নগৰৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

Protest demanding proper punishment to the miscreants who attacked Khelmati Out Post
দুস্কৃতিকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024 at 10:56 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ,২৪ মে': বৃহস্পতিবাৰে লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত সংঘটিত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে দ্বিতীয় দিনাও । খেলমাটিকাণ্ডৰ প্ৰতিবাদত শুকুৰবাৰে সন্ধিয়া অসমীয়া যুৱ মঞ্চই উত্তাল কৰি তোলে নগৰখনৰ পৰিৱেশ । নগৰখনৰ লখিমী চাৰিআলিত সন্ধিয়াৰ ভাগত উক্ত ঘটনাৰ বিৰোধিতা কৰি পথত বহি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে ।

দুস্কৃতিকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

খেলমাটি আৰক্ষী চকীত আক্রমণকাৰীক গ্ৰেপ্তাৰ কৰক, আৰক্ষী আৰু সংবাদকৰ্মীক আক্রমণ কৰা সহ্য কৰা নহ'ব, দুস্কৃতিকাৰীৰ অতপালি সহ্য কৰা নহ'ব, অসমক দ্বিতীয় কাশ্মীৰ হ'বলৈ দিয়া নহ'ব আদি শ্ল'গান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসমীয়া যুৱ মঞ্চই । অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়া, জিলা সভাপতি চিৰঞ্জিত বৰদলৈ আদিয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে খেলমাটিৰ ঘটনাই অশুভ সংকেত কঢ়িয়াই আনিছে ।

আৰক্ষী, আৰক্ষী চকী আৰু সংবাদকৰ্মীক আক্রমণ কৰি দুস্কৃতিকাৰীসকলে কাশ্মীৰ সদৃশ পৰিস্থিতি সৃষ্টি কৰিছে । তেওঁলোকক আৰক্ষী প্ৰশাসনে পুলিতে উভালি পেলাওক । আক্রমণকাৰীসকলৰ ঘৰত বুলডজাৰ চলাই দিয়ক । অসমক দ্বিতীয় কাশ্মীৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ দুস্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰক আদি শ্ল'গানেৰে বহু সময় ধৰি তেওঁলোকে পথত বহি প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে খেলমাটি আৰক্ষী চকীত বৃহস্পতিবাৰে সংঘটিত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাত গুলীচালনা কৰি অৱশেষত নিৰাপত্তা বাহিনীয়ে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছিল । পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে তাৎক্ষণিকভাৱে এই আক্ৰমণৰ অন্যতম মূল আক্রমণকাৰী জাহাংগীৰ আলীক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে বৃহস্পতিবাৰৰ পৰা জাহাংগীৰক সদৰ থানাত জেৰা কৰাৰ অন্তত শুকুৰবাৰে আৰক্ষীয়ে দুস্কৃতিকাৰীটোক আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে । ঘটনাৰ লগত জড়িত আন আন আক্রমণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অচিৰেই অভিযান চলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

লগতে পঢ়ক: আচামীৰ মৃত্যুক লৈ জ্বলিছে লখিমপুৰৰ খেলমাটি ; পৰিস্থিতি উত্তেজনাপূৰ্ণ - Attack On Khelmati Out Post

তিনিজনক গ্ৰেপ্তাৰ : খেলমাটিত আহত সংবাদ মাধ্যমৰ লোকসহ কেবাজনো নিৰাপত্তাৰক্ষী - Attack On Khelmati Out Post

স্বয়ং আৰক্ষীকে দিব লগা হৈছে সুৰক্ষা : খেলমাটিত এতিয়া সুস্থিৰ পৰিৱেশ - Attack On Khelmati Out Post