ETV Bharat / state

উদ্বেগজনক জলবায়ু পৰিৱৰ্তন : প্ৰত্যাহ্বান মোকাবিলাত ব্যৰ্থ ৰাজ্য চৰকাৰ - Climate Change and Impacts

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:49 PM IST

Assam Struggle with Climate Change : অসমত জলবায়ু পৰিৱৰ্তনে ক্ৰমাৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা আৰম্ভ কৰিছে ৷ ইফালে জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ চৰকাৰ, পৰিৱেশবিদ তথা সৰ্বসাধাৰণ ৰাইজে পৰৱৰ্তী প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চিন্তা কৰাৰ কঠিন সময় আহি পৰিছে ৷

Assam Struggle with Climate Change
জলবায়ু পৰিৱৰ্তনে ক্ৰমাৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে অসমত (ETV BHARAT)

গুৱাহাটী, 25 মে': শেহতীয়াকৈ কিছুবছৰ ধৰি অসমত বতৰ ব্যাপকভাৱে সলনি হৈছে ৷ সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ বৃদ্ধি পাইছে ৷ তাৰ বিপৰীতে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে ৷ অসমত সৰ্বোচ্চ তাপমাত্ৰা 40 ডিগ্ৰী চেলছিয়াছৰ ঘৰ ক্ৰমাৎ অতিক্ৰম কৰাৰ উপক্ৰম হৈছে ৷ কম সময়ত বেছি‌ বৰষুণৰ হোৱাৰ পৰিঘটনা বৃদ্ধি পাইছে ৷ অসমত জলবায়ু পৰিৱৰ্তনে ক্ৰমাৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা আৰম্ভ কৰিছে ৷ তাৰ বিপৰীতে কিন্তু জনগণৰ নিৰাপত্তাৰ দায়িত্বত থকা চৰকাৰ‌-প্ৰশাসন তথা জনপ্ৰতিনিধি সকল মুঠেই এই ক্ষেত্ৰত সজাগ হোৱা পৰিলক্ষিত হোৱা নাই ৷

ব্যৰ্থ ৰাজ্য চৰকাৰ !

উল্লেখ্য যে জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ দেশৰ লগতে অসমতো প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ ৰাষ্ট্ৰসংঘৰ ইণ্টাৰ গৱর্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ চমুকৈ আই পি চি চিৰ 2007 চনৰ প্ৰতিবেদন মতে, বেছিকৈ জলবায়ু পৰিৱৰ্তনৰ কবলত পৰা দেশসমূহৰ ভিতৰত ভাৰতকো অন্যতম হিচাপে চিহ্নিত কৰিছে ৷ শেহতীয়াভাৱে বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী এন এইচ ৰবীন্দ্ৰনাথে দেশৰ 12 খন ৰাজ্যত চলোৱা অধ্যয়ন মতে- অসম, মিজোৰাম, জম্মু আৰু কাশ্মীৰ উদ্বেগজনকভাবে জলবায়ু পৰিৱৰ্তনৰ কৱলত পৰিছে ৷ ইফালে জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷

কি হ'ল অসমৰ ক্লাইমেট এক্সন প্লেনৰ ?

উল্লেখ্য যে জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে চৰকাৰে 'আছাম ষ্টেট এক্সন প্লেন অন ক্লাইমেট চেঞ্জ' (2015-20)চমুকৈ এছ পি এ চি চি শীৰ্ষক জলবায়ু পৰিৱর্তন সম্পৰ্কীয় এক্সন প্লেন প্ৰস্তুত কৰিছিল (Assam State Action Plan on Climate Change 2015-2020) ৷ কিন্তু এই এক্সন প্লেন কাৰ্যকৰী নহ'ল ৷ মাত্ৰ মাজুলীত পৰীক্ষামূলকভাৱে এই এক্সন প্লেন ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও তাতো এক্সন প্লেনখন সঠিকভাৱে ৰূপায়ণ নহ'ল ৷ 8-9 বছৰৰ পিচতো ৰাজ্য চৰকাৰে এই এক্সন প্লেনখন কাৰ্যকৰী কৰিব নোৱাৰি এতিয়া আকৌ 20230 বৰ্ষক ভিত্তি বছৰ হিচাপে লৈ এই এক্সন প্লেনখন সংশোধন আৰু সম্প্ৰসাৰিত কৰি 'ৰিভাইজড আছাম ষ্টেট এক্সন প্লেন অন ক্লাইমেট চেঞ্জ ( 2021- 2030)' প্ৰস্তুত কৰাৰ বাবে সিদ্ধান্ত লৈছে ৷

উদ্বেগজনকভাৱে হেৰাইছে বৃক্ষ আৱৰণ-

উল্লেখ্য যে, গ্ল’বেল ফৰেষ্ট ৱাট্‌ছ মনিটৰিং প্ৰজেক্টৰ তথ্য অনুসৰি, 2001 চনৰপৰা 2023 চনৰ ভিতৰত অসমে 2.24 লাখ হেক্টৰ মাটিত বৃক্ষ আৱৰণ হেৰুৱাইছে ৷ এই সময়ছোৱাত সমগ্ৰ দেশত হেৰুওৱা বৃক্ষ আৱৰণৰ 60 শতাংশই হ'ল অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ, নগালেণ্ড আৰু মণিপুৰৰ ৷ মিজোৰামৰ 3.12 লাখ হেক্টৰ, অৰুণাচলৰ 2.62 লাখ হেক্টৰ, নগালেণ্ডৰ 2.59 লাখ হেক্টৰ আৰু মণিপুৰৰ 2.40 লাখ হেক্টৰ বৃক্ষ আৱৰণ হেৰাই গৈছে ৷ এই সময়ছোৱাত সমগ্ৰ দেশত হেৰুওৱা মুঠ বৃক্ষ আৱৰণৰ পৰিমাণ হ'ল 2.3 নিযুত হেক্টৰ ৷

অসমৰ বাবে বিপদঘণ্টা বাজিছে :

উল্লেখ্য যে, গ্ল’বেল ফৰেষ্ট ৱাছে উপগ্ৰহীয় তথ্যৰ সহায়ত ‘ৰিয়েল টাইম'ত বৃক্ষ আৱৰণৰ পৰিৱৰ্তন চিনাক্ত কৰে ৷ স্বৰূপাৰ্থতে বনভূমিত বেদখল, সঘনাই বনধ্বংস আৰু দ্ৰুত নগৰীকৰণৰ ফলত যোৱা দুটা দশকত অসমত বনভূমি আৰু বৃক্ষ আৱৰণ দ্ৰুতভাৱে সংকুচিত হোৱা দেখা গৈছে ৷ ফলত এতিয়া উষ্ণতা বৃদ্ধি, মানৱ-জন্তুৰ সংঘাত, বান, খৰাং আদিৰ ফল ৰাজ্যখনে ভুগিবলগা হৈছে ৷ একপ্ৰকাৰ ক’বলৈ গ’লে অসমৰ বাবে বিপদঘণ্টা বাজিছে ৷ জলবায়ু পৰিৱৰ্তনৰ এক অনশ্চিত ভৱিষ্যতৰ দিশত গতি কৰিছে ৰাজ্যখনে ৷ এনে পৰিস্থিতিত চৰকাৰ, পৰিৱেশবিদ তথা সৰ্বসাধাৰণ ৰাইজে পৰৱৰ্তী প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চিন্তা কৰাৰ কঠিন সময় আহি পৰিছে ৷

উল্লেখ্য যে ভয়াৱহ জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰিবৰ বাবে 2008 চনৰ পৰা 2015 চনলৈ সাত বছৰজোৰা অধ্যয়ন আৰু গৱেষণাকে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্ৰণালয় আৰু ইংলেণ্ডৰ ডিপার্টমেন্ট ফ'ৰ ইন্টাৰনেল ডেভেল'পমেন্ট চমুকৈ ডি এফ আই ডিয়ে প্ৰস্তুত কৰিছিল ৷ 2015 চনৰ ছেপ্টেম্বৰত ৰাজহুৱা কৰা এছ এ পি চি চি প্ৰতিবেদন শীর্ষক এক্সন প্লেনখন পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে 2017 চনতে 'আছাম ক্লাইমেট চেঞ্জ মেনেজমেন্ট ছ'চাইটী'খন গঠন কৰিছিল যদিও কোনো কার্যপ্ৰণালী গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ৷

লগতে পঢ়ক : অসহনীয় গৰম: ৰাজ্যৰ ডেৰ সহস্ৰাধিক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা - Heat Wave In Assam

লগতে পঢ়ক : ফলপ্ৰসূ হ'ল নে গুৱাহাটীৰ পাহাৰ সংৰক্ষণৰ বাবে হাতত লোৱা ৪ কোটিৰ প্ৰকল্প ? - Guwahati Hill Conservation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.