ফলপ্ৰসূ হ'ল নে গুৱাহাটীৰ পাহাৰ সংৰক্ষণৰ বাবে হাতত লোৱা ৪ কোটিৰ প্ৰকল্প ? - Guwahati Hill Conservation
Guwahati Hill Conservation: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটীৰ পাহাৰত দিনক দিনে বেদখল আৰু অবৈধ খনন বাঢ়িছে । ফলস্বৰূপে খহনীয়া, কৃত্ৰিম বান আদিৰ সমস্যাত ভুগিছে মহানগৰবাসী । গুৱাহাটী আইআইটিৰ সহযোগত পাহাৰ সংৰক্ষণৰ বাবে প্ৰায় ১০ বছৰ পূৰ্বে বিশেষ পদক্ষেপ লোৱা হৈছিল । কিন্তু সেই অভিলাষী প্ৰকল্পৰ ফলাফল কি আছিল ?

Published : May 25, 2024 at 12:32 PM IST
গুৱাহাটী, ২৫ মে' : "গুৱাহাটী এখন ধুনীয়া ঠাই, ধুনীয়া বস্তু নষ্ট কৰিব নাপায় " - প্ৰসিদ্ধ গল্পকাৰ সৌৰভ কুমাৰ চলিহাই বহু বছৰ পূৰ্বে তেওঁৰ 'ৰাজধানী প্ৰসংগ' শীৰ্ষক এক লিখনিত উল্লেখ কৰা এই কথাষাৰ আজিৰ তাৰিখত বেছি প্ৰাসংগিক হৈ পৰিছে । গুৱাহাটী আজি আৰু এখন মনোৰম চহৰ নহয় ! এখন মানুহেৰে ঠাহ খাই থকা এশ-এবুৰি সমস্যাৰে জৰ্জৰিত এখন চহৰত পৰিণত হৈছে । অপৰিকল্পিত নিৰ্মাণকাৰ্য, প্ৰদূষণ, আৱৰ্জনা, বানপানী আৰু ভূমিস্খলন আদিয়ে গুৱাহাটীত এতিয়া জটিল ৰূপ লৈছে ।
গুৱাহাটীত পাহাৰ ধ্বংস :
বিশৃংখল মহানগৰীত এতিয়া মানুহৰ ঘৰ তথা সুউচ্চ অট্টালিকাৰে ঠাইসমূহ ভৰি পৰিছে । মানুহৰ ঘৰেৰে পাহাৰবোৰো ভৰি পৰিছে । পাহাৰবোৰৰ সেউজ নোহোৱা হ'বলৈ ধৰিছে । আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে ভূমি সংৰক্ষণ বিভাগে গুৱাহাটীৰ পাহাৰবোৰক লৈ চলোৱা অধ্যয়ন মতে, গুৱাহাটীৰ ৩১.৫ শতাংশ সেউজ এলেকাৰ ক্ষতি হৈছে । পাহাৰবোৰত ৬০ শতাংশ ভূমিত নির্মাণ সম্পূর্ণ হোৱাৰ বাবে পাহাৰবোৰত ২৩.৩ শতাংশ গছ-গছনি থকাৰ তথ্য ভূমি সংৰক্ষণ বিভাগে সংগ্ৰহ কৰিছিল ।
উল্লেখ্য যে ভূমি সংৰক্ষণ বিভাগে গুৱাহাটীৰ পাহাৰবোৰৰ দুৰৱস্থাৰ বিষয়টো তথ্য সহকাৰে উন্মোচন কৰাৰ পিচতো ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে । চৰকাৰী বিভাগসমূহৰ চকুৰ সন্মুখতে গুৱাহাটীৰ পাহাৰবোৰত জধে-মধে ঘৰ নিৰ্মাণ হোৱাৰ লগতে পাহাৰৰ মাটি খনন অব্যাহত থাকিল । অসম অভিযান্ত্রিক মহাবিদ্যালয়ে ২০১৩ চনত গুৱাহাটীৰ পাহাৰবোৰত অধ্যয়ন চলাই ৩৫১ টা ভূমিস্খলন প্রবণ এলেকা চিহ্নিত কৰিছিল । গুৱাহাটীৰ পাহাৰবোৰক সংৰক্ষণ কৰাৰ বাবে বিভিন্ন পৰামৰ্শ দিয়া হৈছিল ।
পাহাৰ সংৰক্ষণৰ প্ৰকল্প :
আজিৰ পৰা ১০ বছৰ পূৰ্বে অসম চৰকাৰৰ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটী আইআইটিৰ সহযোগত কৰা হৈছিল । গুৱাহাটীৰ গেম ভিলেজৰ পিছফালে থকা গড়ভাংগা পাহাৰৰ একাংশ এলেকা সংৰক্ষণৰ বাবে এক পৰীক্ষামূলক অধ্যয়ন কৰা হৈছিল । পাহাৰখনত থকা আৱাসিক এলেকাটোত পাহাৰৰ মাটি খহনীয়া ৰোধ কৰা, পাহাৰৰ পৰা নামি অহা পানী বিজ্ঞানসন্মতভাৱে নামনি অঞ্চললৈ বোৱাই নিয়া আৰু এলেকাটোত সেউজীয়া আৱৰণ গঢ়ি তোলাৰ বাবে গুৱাহাটী আইআইটিয়ে এটা পাইলট প্রজেক্ট হাতত লৈছিল ।
আইআইটিয়ে এই প্ৰকল্পটো পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰাৰ বাবে গড়ভাঙ্গা পাহাৰৰ এটা আৱাসিক অঞ্চল চিহ্নিত কৰিছিল । এই আৱাসিক এলেকাটো বৈকুণ্ঠপুৰ বুলি জনাজাত । আইআইটিয়ে অধ্যয়নৰ বাবে পাহাৰখনত ১৮.৮৬ হেক্টৰ ভূমি সামৰি লৈছিল । আইআইটিয়ে চলোৱা এই অধ্যয়নৰ কাম-কাজ চোৱা-চিতা আৰু সহায় আগবঢ়োৱাৰ বাবে গুৱাহাটী উন্নয়ন বিভাগ, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, ভূমি সংৰক্ষণ বিভাগ, গড়কাপ্তানী বিভাগ, ৰাজহ বিভাগ আৰু বন বিভাগলৈ এখন টেকনিকেল ক'ৰ কমিটী চমুকৈ টিচিচি গঠন কৰা হৈছিল ।
আইআইটিৰ অধ্যয়নকাৰী দলটোৱে পাহাৰীয়া এলেকাটোৰ প্রধান জলৰাশি (Watershed) চিনাক্ত কৰা, বৰষুণৰ পানী বোৱাই নিয়াৰ বাবে উপ-নলা চিনাক্ত কৰা, পাহাৰীয়া এলেকাটোৰ পৰিৱেশত পূৰ্বৰ ভাৰসাম্য ৰক্ষা কৰা, মাটিৰ খহনীয়া ৰোধ কৰা আদি বিষয়বোৰ সামৰি বিজ্ঞানসন্মত অধ্যয়ন কৰে । দলটোৱে পাহাৰখনত অধ্যয়ন কৰি এটা প্রধান জলৰাশি চিনাক্ত কৰে ।
বৰষুণৰ পানী এই জলৰাশিৰ পৰা পোনে পোনে পাহাৰৰ পৰা নামনিলৈ বৈ আছে । আইআইটিৰ দলটোয়ে অঞ্চলটোত পানী বৈ অহা নলা চিনাক্ত কৰাৰ লগতে তেনে নলা নিৰ্মাণৰ পদ্ধতি, বৰষুণৰ পানী সংৰক্ষণ কৰা আদি দিশবোৰ বিজ্ঞানসন্মত অধ্যয়ন কৰি এখন ধাৰণা ভিত্তিক (Conceptual) বিস্তৃত প্রতিবেদন চমুকৈ ডিপিআৰ প্রস্তুত কৰে ।
এই ডিপিআৰৰ মতে, পাহাৰৰ ওপৰত চিনাক্ত কৰা প্ৰধান জলৰাশিৰ আশে-পাশে এটা ডাঙৰ পুখুৰী নিৰ্মাণ কৰা আদি পৰিকল্পনা কৰা হৈছিল । সেইমতে অঞ্চলটোত কাম আৰম্ভ কৰা হৈছিল যদিও ডিপিআৰ মতে সঠিকভাৱে কাম সম্পন্ন নহ'ল । এই প্ৰকল্পটোৰ বাবে ৪ কোটি টকা ধাৰ্য কৰা হৈছিল ।
স্থানীয় ৰাইজৰ মতামত :
আঁচনিখনৰ সম্পৰ্কত বৈকুণ্ঠপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি চন্দ্ৰ শালৈয়ে কয় যে এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে ৰাইজে পূর্ণ সহযোগিতা আগবঢ়াইছিল । তেওঁৰ মতে পূৰ্বতে ৰাভা জনজাতিৰ লোক থকা এই অঞ্চলটোৰ নাম গড়ভাঙ্গা ননকে গাঁও আছিল । ১৯৮৫ চনৰ পৰা এই অঞ্চলটোত জনবসতি বৃদ্ধি হোৱাৰ পিচত অঞ্চলটোৰ নাম বৈকুণ্ঠপুৰ গাঁও নামেৰে নামকৰণ কৰা হয় । তেওঁ কয় যে প্ৰকল্পটোৰ জৰিয়তে ৰাইজ উপকৃত হৈছে যদিও কিছু উন্নত কৰাৰ প্ৰয়োজন আছিল ।
সমিতিৰ সম্পাদক বিবেকানন্দ কলিতা আৰু উপদেষ্টা ৰাজেন ঠাকুৰীয়াই কয় যে অঞ্চলটোত প্রায় ৩৫০ টা পৰিয়াল আছে । নামনিলৈ বোৱাই অনাৰ বাবে বিজ্ঞানসন্মত নলা-নৰ্দমা নিৰ্মাণ কৰা হোৱা নাই, মাটিৰ খহনীয়া বন্ধ কৰাৰ বাবে বিশেষ ধৰণৰ ঘাঁহ ৰোপণ কৰা নহ'ল । জিনেট লগোৱা, পানী জমা কৰি বিজ্ঞানসন্মত পুখুৰী নিৰ্মাণৰ কাম আদি কামবোৰ ভালকৈ কৰাৰ প্ৰয়োজন আছিল বুলিও তেওঁলোকে উল্লেখ কৰে ।
উল্লেখ্য যে আইআইটিৰ অধ্যয়নকাৰী দলে গড়ভাংগা পাহাৰৰ লগতে কাহিলিপাৰা, হাতীগড় চাৰিআলি, দুৰ্গা সৰোবৰ, জ্যোতিনগৰ, গোটানগৰ, কইনাধৰাৰ পাহাৰ এলেকাত অধ্যয়ন কৰি প্ৰকল্পটো সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছিল কিন্তু চৰকাৰৰ সদিচ্ছাৰ বাবে গুৱাহাটীৰ পাহাৰ সংৰক্ষণৰ প্ৰকল্প পৰীক্ষামূলক অৱস্থাতে সীমিত হৈ ৰ'ল । চৰকাৰৰ বাবে এইবোৰ যেন কৰিবলগীয়া কোনো বিষয় নহয় ।

