ETV Bharat / state

বিহুবৰত নগাই নিৰ্মাণ কৰিছে অট্টালিকা, ভাঙিলে অসমে স্থাপন কৰা বি অ' পিৰ পকী খুঁটা - Assam Nagaland Border

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 8:34 PM IST

অসমৰ ভূমিত অব্যাহত নগাৰ দপদপনি ৷ সময়ে সময়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত বাস কৰা অসমীয়া লোকৰ ভূমিত নগা দুৰ্বৃত্তই তাণ্ডৱ চলাই লিপ্ত হৈছে ভূমি বেদখল কাৰ্যত ৷ এইবাৰ নাজিৰা উপ-জিলাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত শৈল নগৰী বিহুবৰৰ সেউজপুৰ অঞ্চলত বেদখল ।

Naga Aggression At Nazira
অসমৰ ভূমিত অব্যাহত নগাৰ দপদপনি (ETV BHARAT ASSAM)

আমগুৰি, ২৪ মে': অসম-নাগালেণ্ড সীমা বিবাদ বছৰ বছৰ ধৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন অৱস্থাত থকাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ নগা লোকে । বিগত সময়ছোৱাত সীমান্তৱৰ্তী অসমৰ ভূ-খণ্ডত নগাৰ আগ্ৰাসন অব্যাহত থকাক লৈ দুয়োখন ৰাজ্য়ৰ সীমান্তৱৰ্তী বাসিন্দাৰ মাজত চলি আছে বিবাদ । এইবাৰ নগাৰ আগ্ৰাসনৰ স্থান হ'ল নাজিৰা উপ-জিলাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত শৈল নগৰী বিহুবৰৰ সেউজপুৰ অঞ্চল । প্ৰায় দুশ বিঘাৰো অধিক অসমৰ ভূ-খণ্ড নগাই অবাধে দখল কৰি দিনে-নিশাই নিৰ্মাণ কৰিছে এটা পকী অট্টালিকা । তদুপৰি অসম চৰকাৰে বি অ' পিৰ গৃহ নিৰ্মাণৰ বাবে পোতা পকী খুঁটা উভালি পেলোৱাৰো অভিযোগ উঠিছে । স্থানীয় ৰাইজে এই অভিযোগ উত্থাপন কৰাৰ পিছতেই সীমান্তৱৰ্তী অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে ।

অসমৰ ভূমিত অব্যাহত নগাৰ দপদপনি (ETV BHARAT ASSAM)

উত্থাপিত অভিযোগ অনুসৰি নগাই অবাধে শিল খনন কৰাৰ সমান্তৰালভাৱে অসমৰ উক্ত ভূ-খণ্ডত এটা ফাৰ্মহাউছ নিৰ্মাণৰ উদ্দেশ্যে ব্যৱহৃত সকলো সামগ্ৰী নাজিৰাৰ চন্টক চাহ বাগিচাৰ মাজেৰেই পাৰ কৰি আছে ৷ ইপিনে,নগাৰ এই আগ্ৰাসনৰ বিষয়ে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে বাগিচা কৰ্তৃপক্ষ তথা নাজিৰা উপ-জিলা তথা শিৱসাগৰ জিলা প্ৰশাসনে ।

উল্লেখ্য যে উক্ত স্থানত বিগত বৰ্ষত অসম চৰকাৰে এটা বি অ' পি স্থাপনৰ বাবে পৰ্যাপ্ত ভূমি আৱণ্টন দি যাৱতীয় কাম-কাজ আৰম্ভ কৰাৰ মুহূৰ্ততে নগা প্ৰশাসন আৰু নগা লোকে উক্ত অঞ্চলত অনাধিকাৰ প্ৰৱেশ কৰি অসম চৰকাৰে বি অ' পিৰ গৃহ নিৰ্মাণৰ বাবে পোতা পকী খুঁটা উভালি পেলাইছে ।

ইয়াৰ পিছতো অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনে বি অ' পিৰ খুঁটা উভালি পেলোৱা নগাক আটক কৰিবলৈও সাহস কৰিব নোৱাৰিলে । যাৰ বাবে এতিয়া উক্ত ভূ-খণ্ডত নগাই অবাধে দখল কৰি অট্টালিকা নিৰ্মাণ কৰি আগ্ৰাসন চলাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:অসমৰ ভূমিত নগাই সাজিছে ঘৰ; শংকিত সীমান্তবাসী - Naga Aggression At Titabor

বনাঞ্চল ধ্বংস কৰি নগাই চলাইছে উপদ্ৰৱ, বাটলু গুটিৰে আক্ৰমণ সাংবাদিকক

পুনৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা: সন্দেহযুক্ত নগা দুবৃৰ্ত্তই জ্বলালে অসমৰ বনাঞ্চল - Assam Nagaland Border

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.