পুনৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা: সন্দেহযুক্ত নগা দুবৃৰ্ত্তই জ্বলালে অসমৰ বনাঞ্চল - Assam Nagaland border

🎬 Watch Now: Feature Video

thumbnail
সন্দেহযুক্ত নগা দুবৃৰ্ত্তই জ্বলালে অসমৰ বনাঞ্চল (undefined)

By ETV Bharat Assamese Team

Published : April 15, 2024 at 9:13 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, ১৫ এপ্ৰিল: বিহুৰ আনন্দ উল্লাস তথা নিৰ্বাচনৰ গৰম বতাহৰ মাজতেই মৰিয়নী অসম-নাগালেণ্ড সীমান্তত সৃষ্টি হৈছে এক উত্তেজনাপূৰ্ণ পৰিৱেশ ৷ মৰিয়নী নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয় সমীপৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত সন্দেহযুক্ত নগা দুৰ্বিত্তই অগ্নিসংযোগ কৰাৰ ফলত মুহূৰ্তৰ ভিতৰতেই বনাঞ্চলখনৰ এটা অংশত জুয়ে আৱৰি ধৰে ৷

এই অগ্নিকাণ্ডৰ ফলত সীমান্তৱতী অঞ্চলত থকা লোকসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ স্থানীয় লোকে লগে লগে মৰিয়নী অগ্নিনিৰ্বাপক বাহিনী খবৰ দিয়াত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অতি তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা ঠাইত খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লগতে তৃতীয় অসম আৰক্ষীৰ সীমান্ত নিৰীক্ষণ চকীও আছে ।

তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, উক্ত স্থানত দিনে-নিশাই আৰক্ষী আৰু নিৰ্বাচনী বিষয়াৰ দলে তালাচী চলাই আছে যদিও উক্ত অগ্নিকাণ্ডৰ ঘটনাৰ বিষয়ে গমেই নাপালে ৷ ইফালে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত বিগত সময়ছোৱাত নিজৰ বুলি দাবী কৰি সন্দেহযুক্ত নগা দুবৃৰ্ত্তই উপদ্ৰৱ চলাই আহিছে যদিও অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনে কঠোৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাত সম্পূৰ্ণৰূপে বিফল হোৱা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অগ্নিকাণ্ডৰ পিচত সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক: আকৌ অসম ভূমিত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস, এইবাৰ গুলী ফুটাই অসমীয়াক ভাবুকি দি কাটি নিলে গো-মাংস - Assam Nagaland Border Violence