ETV Bharat / state

অসহনীয় গৰম: ৰাজ্যৰ ডেৰ সহস্ৰাধিক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা - Heat Wave In Assam

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 4:19 PM IST

গ্ৰীষ্ম প্ৰৱাহৰ কৱলত ৰাজ্য । শিক্ষাৰ্থীসকলক লৈ চিন্তিত সকলো । উৎকট গৰমত সেৱন কৰিবলৈ ১,৬১৬ খন বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা । বিজুলী পাংখাৰ বতাহ ল'বলৈ ৰাজ্যৰ ৫১১ খন বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ । ‘ইউডাইছ’ৰ তথ্যত উন্মোচিত অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপ ।

Drinking Water Problem in Schools
সহস্ৰাধিক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা (Google)

গুৱাহাটী,২৫ মে': গৰমে দহিছে সমগ্ৰ ৰাজ্য । উৎকট গৰমত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্রা । দিনকদিনে তাপমাত্রা বৃদ্ধি পোৱাত ত্রাহি মধুসূদন সুঁৱৰিছে ৰাজ্যবাসীয়ে । ইফালে তাপমান অভাৱনীয় হাৰত বৃদ্ধি পোৱাত শিক্ষাৰ্থীসকলক লৈ বিপাঙত পৰিছে অভিভাৱকসকল । অহসনীয় গৰমত নিজৰ সন্তানক বিদ্যালয়লৈ পঠিওৱাৰ ক্ষেত্রত চিন্তাত পৰিছে অভিভাৱকসকল । আনহাতে গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগেও জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা ।

Drinking Water Problem in Schools
সহস্ৰাধিক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা (Google)

গ্ৰীষ্ম প্ৰৱাহৰ বাবে বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক দিনটোত তিনিবাৰকৈ পানী খোৱাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশনা দিয়া হৈছে । সেইদৰে পাঠদানৰ সময়সূচীও সলনি কৰি পুৱাৰ ভাগলৈ আগুৱাই দিয়া হৈছে । অতিপাত গৰমৰ বাবে শিক্ষাৰ্থীসকলক লৈ সকলো চিন্তিত হৈ পৰাটো স্বাভাৱিক । কিন্তু এই চিন্তাৰ মাজতে উদয় হৈছে কেতবোৰ প্ৰশ্ন । এই উৎকট গৰমৰ পৰা শিক্ষাৰ্থী সকলক সকাহ দিয়া বাবে চিন্তা কৰি কেতবোৰ নিৰ্দেশনা দিয়া হৈছে । সেয়া নিঃসন্দেহে ভাল কথা ।

Drinking Water Problem in Schools
সহস্ৰাধিক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা (Google)

কিন্তু মূল কথাটো হৈছে যে ৰাজ্যৰ চৰকাৰী খণ্ডৰ সকলো বিদ্যালয়তে শিক্ষাৰ্থীসকলক গৰমৰ পৰা সকাহ দিয়া প্ৰাথমিক সুবিধাখিনি আছেনে ? তিনিবাৰকৈ পানী খোৱাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশনা দিয়া হৈছে যদিও ৰাজ্যৰ সকলো বিদ্যালয়তে নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা । সকলো বিদ্যালয়তে নাই বিদ্যুৎ সংযোগ । লক্ষণীয় বিষয় যে সমগ্র শিক্ষা বা শিক্ষা বিভাগে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বছৰি হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আহিছে যদিও এতিয়াও বৃহৎসংখ্যক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ।

Drinking Water Problem in Schools
সহস্ৰাধিক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা (Google)

তদুপৰি এই উৎকট গৰমৰ পৰা বিজুলীচালিত পাংখাৰে সাময়িকভাৱে সকাহ পাবলৈ নাই বিদ্যুৎ সংযোগ । ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ডিজিটেল ক্লাছৰূম, ডিজিটেল লাইব্ৰেৰী, ডিজিটেল পদ্ধতিৰে উপস্থিতি দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ কিন্তু এতিয়াও ৰাজ্যৰ ১৬১৬ খন বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নাই । সেইদৰে ৫১১ খন বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ ।

এই কথা আমি কোৱা নাই । এই তথ্য 'ইউডাইছ’ৰ । সমগ্র শিক্ষাই বিদ্যালয় সমূহলৈ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰতি বছৰে আর্থিক সাহায্য আগবঢ়াই আহিছে যদিও ইউডাইছৰ তথ্যত বহু বিদ্যালয়ৰ দুর্বল আন্তঃগাঁথনিৰ কথা উন্মোচিত হৈছে । তথ্য অনুসৰি ৰাজ্যৰ ১৬১৬ খন বিদ্যালয়ত এতিয়াও নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা । প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ এই সময়ত এই বিদ্যালয়সমূহত অধ্যয়নৰত শিক্ষার্থী সকলৰ বাবে এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নাই । ইয়াৰ ভিতৰত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ১৩৮২খন ।

আনহাতে উচ্চ প্রাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ১৪৩ খন আৰু মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৯১ খন । ডিমা হাছাও জিলাৰ সর্বাধিক ৩৭৩ খন, বঙাইগাঁৱৰ ২১২ খন, কার্বি আংলঙৰ ১৯৯ খন, পশ্চিম কাৰ্বি আংলং জিলাৰ ১৯০ খন বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা । আনহাতে সকলো ক্ষেত্রতে শিক্ষা বিভাগ বা সমগ্র শিক্ষাই ডিজিটেল ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি আহিছে যদিও ৰাজ্যৰ ৫১১খন বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ ।

লক্ষণীয় বিষয় যে এই বিদ্যালয়সমূহলৈ চৰকাৰৰ আহ্বানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ইচ্ছা কৰিলেও 'বিদ্যাঞ্জলি'ৰ অধীনত বিজুলী পাংখা অনুদান দিব নোৱাৰে । এই শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীসকলে প্রচণ্ড গৰমৰ পৰা সাময়িক সকাহ ল'বলৈ বিজুলী পাংখাৰ বতাহকণৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে । বিদ্যুৎ সংযোগ নথকা বিদ্যালয় কৰিমগঞ্জত সর্বাধিক আছে । জিলাখনত ৮৪ খন বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ ।

আনহাতে ডিমা হাছাওত ৪৯ খন, শোণিতপুৰত ৪৭ খন, পশ্চিম কাৰ্বি আংলং জিলাত ৪০ খন বিদ্যালয়ত নাই বিদ্যুৎ সংযোগ । উল্লেখ্য যে যিসকল প্রাক্তন ছাত্ৰ-ছাত্ৰী চৰকাৰী চাকৰি বা ব্যৱসায় কৰি সফল হৈছে তেওঁলোকক নিজে পঢ়ি অহা শিক্ষানুষ্ঠানত বিজুলী পাংখা অনুদান দিবলৈ চৰকাৰে আহ্বান জনাইছিল । বহু প্রাক্তন ছাত্র-ছাত্রীয়ে নিজে পঢ়ি অহা শিক্ষানুষ্ঠানত পাংখা ক্রয় কৰি অনুদান দি 'বিদ্যাঞ্জলি'লৈ সঁহাৰি জনাইছিল ।

যাৰ ফলত বহু বিদ্যালয় উপকৃত হৈছিল । কিন্তু বিজুলী সংযোগ নথকা বিদ্যালয়সমূহত কোনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছা কৰিলেও অনুদান দিব পৰা নাই । ইফালে অসহনীয় গৰমত বিদ্যালয়লৈ নিজ সন্তানক পঠিওৱা অভিভাৱকসকলে বৰ্তমান গৰমৰ বন্ধলৈ অপেক্ষা কৰি আছে । অৱশ্যে গৰমৰ বন্ধলৈ এতিয়াও প্রায় এটা মাহ বাকী । অহসনীয় গৰমৰ এই সময়খিনি এতিয়া কিদৰে পাৰ কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল ।

লগতে পঢ়ক: গোৱালপাৰাত গৰমে প্ৰাণ ল'লে তিনিগৰাকীকৈ লোকৰ - HEAT STROKE IN ASSAM

উৰ্ধমুখী পাৰাস্তম্ভ : ৰ’দ নহয় যেন জুইহে বৰষিছে ! - HEAT WAVE GRIPS Assam

উৎকট গৰম : শুকুৰবাৰে গুৱাহাটীত বছৰটোৰ সৰ্ব্বোচ্চ তাপমাত্ৰা - Weather Forecast Of Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.