ETV Bharat / state

বীৰ লাচিত সেনাক কি প্ৰতিশ্ৰুতি দিছিল ৰামেশ্বৰ তেলীয়ে ?

author img

By

Published : Aug 26, 2021, 6:04 PM IST

অইলৰ সৈতে অ’এনজিচি অসম সম্পদৰ চামিলকৰণত সৰৱ হৈ পৰিছে বীৰ লাচিত সেনা ৷ জানো আহক এই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কি প্ৰতিশ্ৰুতি দিছিল বীৰ লাচিত সেনাক ৷

veer-lachit-sena-on-oil-ongc-merge
বীৰ লাচিত সেনাক কি প্ৰতিশ্ৰুতি দিছিল ৰামেশ্বৰ তেলীয়ে ?

শিৱসাগৰ, 26 আগষ্ট : ৰাজ্যজুৰি অইল ইণ্ডিয়া লিমিটেডৰ সৈতে অ’এনজিচি অসম সম্পদক চামিল কৰাৰ প্ৰক্ৰিয়াক লৈ সৃষ্টি হৈছে ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ৷ এইবাৰ এই সম্পৰ্কত সৰৱ হৈ পৰিছে বীৰ লাচিত সেনা, অসমো । বৃহস্পতিবাৰে, শিৱসাগৰ নগৰত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাই শিৱসাগৰ জিলা সমিতিৰ সৈতে এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে ।

কেন্দ্ৰীয় পেট্ৰলিয়াম দপ্তৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কিছুদিনৰ পূৰ্বে অইলৰ সৈতে অ’এনজিচি অসম সম্পদক চামিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি ঘোষণা কৰিছিল । তাৰ পাছতে শিৱসাগৰৰ একাধিক ব্যক্তি প্ৰতিষ্ঠানে এনে সিদ্ধান্তক লৈ বিৰোধিতা আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত এই চামিলকৰণৰ সন্দৰ্ভত বুধবাৰে বীৰ লাচিত সেনাই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীক সাক্ষাৎ কৰে ।

বীৰ লাচিত সেনাক কি প্ৰতিশ্ৰুতি দিছিল ৰামেশ্বৰ তেলীয়ে ?

এই সাক্ষাৎত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এনে চামিলকৰণ নহয় বুলি বীৰ লাচিত সেনাক নিশ্চয়তা প্ৰদান কৰে । সেয়েহে বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ উক্ত প্ৰতিশ্ৰুতি সন্দৰ্ভত শৃংখল চলিহাই এক সংবাদ মেলৰ আয়োজন কৰে ৷

এই সংবাদ মেলৰ জৰিয়তে সেই সাক্ষাতৰ বিষয়ে অৱগত কৰি সংগঠনটোৰ তৰফৰ পৰা চলিহাই কয় যে, মন্ত্ৰী গৰাকীয়ে যদি তেওঁ প্ৰদান কৰা নিশ্চয়তা পালন নকৰে, তেন্তে এনে চামিলকৰণৰ বিৰুদ্ধে বীৰ লাচিত সেনাই এক জংগী আন্দোলন গঢ়ি তুলিব । আনহাতে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক অনুপম সন্দিকৈয়ে অ’এনজিচি(ONGC) অসম সম্পদৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু স্বাৰ্থান্বেষী লোকৰ বাবে লোকচানত আছে বুলি স্পষ্ট অভিযোগ কৰে ।

তেওঁৰ অভিযোগ মতে, চাকৰিৰ দায়িত্ব পালনৰ ব্যৱস্থা, কৰ্মচাৰীৰ পৰিবহণ, স্বাস্থ্য আদিৰ নামত অ’এনজিচি অসম সম্পদৰ বহু ধন অপচয় হৈ আছে । সেইদৰে খনন উৎপাদনৰ নামতো সংঘটিত হৈ আছে বহু অনিয়ম । অ’এনজিচি অসম সম্পদৰ এই অনিয়ম সমূহ দূৰ কৰি উৎপাদন বৃদ্ধিৰে প্ৰতিষ্ঠানটোক লাভৰ মুখ দেখাব পৰা যাব বুলি সংগঠনটোৱে উল্লেখ কৰে । আনহাতে বিগত দিনত অ’এনজিচিত সংঘটিত দুৰ্নীতি-অনিয়ম ফাদিল কৰাৰ বাবে চিবিআই(CBI), এনআইএ(NIA) তদন্তৰো দাবী কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক : মিকিৰ বামুনী গ্ৰাণ্টত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ ফলত সমস্যাত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.