ETV Bharat / entertainment

পায়েল কাপাড়িয়াৰ ঐতিহাসিক জয়ত তাৰকাসকলৰ শুভেচ্ছা - CANNES FILM FESTIVAL 2024

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 1:56 PM IST

2024 Cannes Film Festival : 2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ ভাৰতৰ নাম উজলাইছে চলচ্চিত্ৰ নিৰ্মাতা পায়েল কাপাড়িয়াই ৷ 2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত অল উই ইমাজিন এজ লাইট নামৰ ছবিখনে গ্ৰাঁ প্ৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই জয়ৰ পিছতে বলীউডৰ তাৰকা আৰু উদ্যোগৰ সহকৰ্মীসকলে কাপাড়িয়াক অভিনন্দন জনাইছে ।

2024 Cannes Film Festival
ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা পায়েল কাপাড়িয়াৰ ঐতিহাসিক জয়ত তাৰকাসকলৰ উষ্ম শুভেচ্ছা (GETTY IMAGE)

চিটাৰা ডেস্ক, 26 মে’ : পায়েল কাপাড়িয়াৰ দ্বাৰা পৰিচালিত মালায়ালম-হিন্দী ফিচাৰ ছবি অল উই ইমাজিন এজ লাইটে 2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত গ্ৰাঁ প্ৰি বঁটা জয় কৰাৰ পিছত ইতিহাস ৰচনা কৰে । এগৰাকী ভাৰতীয় মহিলাৰ দ্বাৰা পৰিচালিত এইখন প্ৰথম চলচ্চিত্ৰ যিয়ে তিনি দশকৰ ভিতৰত ইতিহাসৰ পাতত নাম লিখিবলৈ সক্ষম হৈছে ৷

Bhumi pandekar story
ভূমি পাণ্ডেকাৰৰ ষ্ট’ৰী (Bhumi pandekar instagram)

এই সাফল্যৰ পিচতে কাপাড়িয়াক বলীউডৰ মোহময়ী অভিনেত্ৰী কিয়াৰা আদৱানি, ৰিচা চাদ্দা, টভিনো থমাছ, স্বৰা ভাস্কৰ, ৰাধিকা আপ্তে, অনুৰাগ কাশ্যপ আৰু ভূমি পাণ্ডেকাৰে বিজয়ৰ লগতে ভাৰতক পুনৰ বিশ্বৰ মানচিত্ৰত উজলাই তোলাৰ বাবে প্ৰশংসা আৰু শুভেচ্ছা জনাইছে ৷

Saba Zad instagram story
ছাৱা জাদৰ শুভেচ্ছা (Saba Zad instagram)

পায়েল কাপাড়িয়াই গ্ৰাঁ প্ৰি বঁটা লাভ কৰাৰ পিচতে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছিল ৷ কিয়াৰাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত এই পোষ্টটো শ্বেয়াৰ কৰিছিল । কিয়াৰাই লিখিছিল, অভিনন্দন (ট্ৰফী আৰু ৰঙা হৃদয়ৰ ইমোজি)।

Kiara Advani instagram story
কিয়াৰা আদৱানীৰ ইনষ্টাগ্ৰাম ষ্টৰী (Kiara Advani instagram)

ভূমি পেডনেকাৰে এই মুম্বাই চলচ্চিত্ৰ মহোৎসৱে পোষ্ট কৰা এখন ফটো পুনৰ পোষ্ট কৰি লিখিছিল "ব্ৰেভো(লগতে হাততালি দিয়া ইম’জি) । ৰাধিকা আপ্তেই লিখিছিল, "এই ছবিখনৰ আঁৰত থকা ধুনীয়া আৰু অবিশ্বাস্য লোকসকলক বহুতো অভিনন্দন !" স্বৰা ভাস্কৰে লগতে তাইৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছিল, "আশ্চৰ্যজনক!"

ৰিচা চাদ্দাই লিখিছিল, "ঐতিহাসিক !! এই বাতৰিটো লাভ কৰি আমি বহুত আনন্দিত ! পায়েল কাপাড়িয়া, ৰাণাবীৰ দাস, কানি কুশ্ৰুতি, দিব্যা প্ৰভা, হৃদয় হাৰুণ, ছায়া কদম আৰু গোটেই দলটোক অভিনন্দন ! মাথো আনন্দিত ! এখন স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ অতি কঠিন, ইমানৰ পিচতো এনেকুৱা এখন ছবিয়ে জিকিবলৈ সক্ষম হৈছে ! উফ। আমি ৰোমাঞ্চিত ৷"

ইনষ্টাগ্ৰামত টভিনো থমাছে এটা বাৰ্তা পোষ্ট কৰি লিখে যে, ভাৰতীয় চলচ্চিত্ৰৰ বাবে এয়া চমৎকাৰ সফলতা ! আপোনালোকক সশ্ৰদ্ধে প্ৰণাম ! পায়েল কাপাড়িয়াৰ অল উই ইমাজিন এজ লাইট" এ কাঁ চলচ্চিত্ৰ মহোৎসৱত গ্ৰাঁ প্ৰি বঁটা জয় কৰিছিল ৷

শেখৰ কাপুৰে টুইট কৰি কয়, "এয়া তেওঁৰ আৰু তেওঁৰ দলৰ বাবে বিশেষ সফলতা ৷ এনেকুৱা লাগিছে যেন এইবাৰে ভাৰতে কাঁ মহোৎসৱত এটা ভাল বছৰ অতিবাহিত কৰিছে।"

অদিতি ৰাও হায়দৰীয়ে এক দীঘলীয়া ইনষ্টাগ্ৰাম পোষ্টত লিখিছিল, " এক অতি জটিল সময়ত ইতিহাসৰ সৃষ্টি হৈছে ৷ এই সাফল্য অবিশ্বাস্য ৷ এইবাৰৰ প্ৰথমবাৰৰ বাবে পৰিচালকৰ এখন স্বতন্ত্ৰ চলচ্চিত্ৰ যিয়ে @festivaldecannes গ্ৰাঁ প্ৰি বঁটা সন্মান লাভ কৰে ।"

লগতে পঢ়ক: 'অল উই ইমাজিন এজ লাইট'ৰ বাবে গ্ৰাঁ প্ৰি বঁটা লাভ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা পায়েল কাপাড়িয়াৰ - 77th CANNES FILM FESTIVAL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.