ETV Bharat / state

বছৰৰ পঞ্চমটো মাহত পুনৰ ঋণ ল'বলৈ আগবাঢ়িছে অসম চৰকাৰ - Assam Govt In Debt

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 2:02 PM IST

Assam Govt In Debt: ঋণ লোৱাৰ ক্ষেত্রত থমকি ৰোৱা নাই ৰাজ্য চৰকাৰ । 28 মে'ত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল'ব চৰকাৰে । ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ।

Assam government to take loan of Rs one thousand crore again
বছৰৰ পঞ্চমটো মাহত পুনৰ ঋণ ল'বলৈ আগবাঢ়িছে অসম চৰকাৰ (Etv bharat)

গুৱাহাটী, 26 মে': ঋণ লোৱাৰ ক্ষেত্রত আপোচবিহীন স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ! বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন । প্রতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলিত মাহতো পৰম্পৰা ৰক্ষা কৰি এহাজাৰ কোটি টকাৰ ঋণ ল'বলৈ আগবঢ়িছে ।

ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল :

ইতিমধ্যে অসম চৰকাৰে এই সন্দৰ্ভত ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰিছে । সেই অনুসৰি 28 মে'ত ৰাজ্য চৰকাৰখনে পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল'ব ।

মুঠ ঋণৰ পৰিমাণ :

বিগত 8 এপ্ৰিলত এহাজাৰ কোটি আৰু 30 এপ্ৰিলত এহাজাৰ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে এতিয়া পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল'বলৈ ওলাইছে । প্ৰতি মাহে এনেদৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত অসমৰ ঋণৰ বোজাই ডেৰ লাখ কোটি টকা অতিক্ৰম কৰিছে ।

ইফালে মাহে মাহে চৰকাৰখনে লোৱা ঋণৰ ধন কোনো উৎপাদনশীল কামত ব্যয় নোহোৱাকলৈও প্ৰশ্নৰো অৱতাৰণা হৈছে । ভোটৰ অংকত চৰকাৰখনে ৰূপয়ণ কৰা হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিৰ নামতে চৰকাৰখনে ঋণৰ ধন ব্যয় কৰি অহা বুলি বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰি আহিছে ।

ঋণ গ্ৰহণৰ ক্ষেত্ৰত অভিলেখ ভংগ :

লক্ষণীয় বিষয় যে, স্বাধীনতাৰ পাছৰে পৰা তৰুণ গগৈ চৰকাৰৰ শেষলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল মুঠ 41,964 কোটি টকা । আনহাতে, 2016 চনত শাসনভাৰ লোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত লোৱা হৈছিল 48,801 কোটি টকাৰ ঋণ ।

কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে । যাৰ ফলত এতিয়া প্ৰতি মাহেই ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । বিভিন্ন দল-সংগঠনে সমালোচনা কৰিলেও মুখ্যমন্ত্রীকে ধৰি শাসকীয় দলৰ নেতাসকলে ঋণ লোৱাটোক ইতিবাচক কাৰ্য বুলিহে গণ্য কৰা তেওঁলোকৰ বক্তব্যৰ দ্বাৰা প্ৰকাশ পাইছে ।

লগতে পঢ়ক: ঋণৰ বোজা সহিব নোৱাৰি চৰম পন্থা গ্ৰহণ কৃষকৰ - Farmer commits suicide

ঋণৰ বোজা সহিব নোৱাৰি চৰম পন্থা গ্ৰহণ কৃষকৰ - Farmer commits suicide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.