ETV Bharat / state

ঋণৰ বোজা সহিব নোৱাৰি চৰম পন্থা গ্ৰহণ কৃষকৰ - Farmer commits suicide

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 1:40 PM IST

a Farmer from Barpeta commits suicide due to debts in Baksa
ঋণৰ বোজা সহিব নোৱাৰি চৰম পন্থা গ্ৰহণ কৃষকৰ

Farmer commits suicide: ঋণৰ বোজা সহিব নোৱাৰি কৃষকৰ আত্মহত্যা ৷ 25 লক্ষাধিক টকা সূতত লৈছিল নুৰ মহম্মদ নামৰ কৃষকজনে ৷ বৰপেটা জিলাৰ মন্দিয়াৰ সমীপৰ সত্ৰকণৰাৰ আছিল কৃষকজন ৷

ঋণৰ বোজা সহিব নোৱাৰি চৰম পন্থা গ্ৰহণ কৃষকৰ

বৰপেটাৰোড, 22 এপ্ৰিল : ঋণ পৰিশোধ কৰিব নোৱাৰি চৰম পন্থা গ্ৰহণ কৰিলে ৰাজ্যৰ এগৰাকী কৃষকে ৷ কৃষকজনৰ নাম নুৰ মহম্মদ বুলি জানিব পৰা গৈছে ৷ বৰপেটা জিলাৰ মন্দিয়াৰ সমীপৰ সত্ৰকণৰাৰ বাসিন্দা আছিল কৃষকজন ৷ জানিব পৰা মতে, কৃষকগৰাকীয়ে প্ৰায় 25 লক্ষাধিক টকা সূতত তথা ঋণলৈ সত্ৰকণৰাৰ প্ৰায় 70 বিঘা বিশাল কৃষিভূমিত আলু আৰু তিয়ঁহৰ খেতি কৰিছিল ।

কিন্তু কৃষক নুৰ মহম্মদে কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টেৰে উৎপাদন কৰা আলু আৰু তিয়ঁহৰ বজাৰ মূল্য নোপোৱাত কৃষকগৰাকীয়ে হতাশাত ভুগিছিল । ইয়াৰ লগতে, সূত আৰু ঋণৰ টকা উভতাই দিবলৈ ঋণ প্ৰদান কৰা লোকসকলে নুৰ মহম্মদক হেঁচা প্ৰয়োগ কৰি আহিছিল ৷ কিন্তু ঋণৰ টকা উভতাই দিবলৈ দুৰ্ভগীয়া কৃষকজনৰ হাতত নাছিল ফুটাকড়ি এটাও ।

এই হেঁচাৰ পৰা পৰিত্ৰাণ বিচাৰি পঞ্চাশ কিলোমিটাৰ দূৰৈৰ নিজৰ বাইদেউৰ ঘৰলৈ আহিছিল নুৰ । অৱশ্যে তাৰ পিচতো ঋণ দিয়া লোকসকলে কৃষক নুৰ মহম্মদৰ ম’বাইল ফোনত ফোন কৰি টকা উভতাই বিচাৰি হেঁচা প্ৰয়োগ কৰি আহিছিল ৷ এইবোৰ কাৰণতে হতাশাত ভুগি বাক্সাৰ গোবিন্দপুৰত অৱস্থিত বায়েকৰ ঘৰত চীপজৰীলৈ আত্মহত্যা কৰিবলৈ বাধ্য হয় কৃষকজনে ৷

নিৰুপায় কৃষক নুৰ মহম্মদে বায়েকৰ ঘৰৰ পিছপিনে থকা কলগছত চীপজৰীলৈ সোমবাৰৰ পুৱতি নিশা আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় বুলি ভাগিন তাহেৰ আলীয়ে জানিবলৈ দিয়ে । কৃষকগৰাকীৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ জিলাখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আনকি ৰাজ্য চৰকাৰে কৃষি আৰু কৃষকৰ উন্নয়নত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে বহুতে ।

বাতৰি লিখা পৰলৈকে জানিব পৰা মতে, বাক্সাৰ শিমলাগুৰি আৰক্ষীয়ে কৃষকজনৰ মৃতদেহটো ইতিমধ্যে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: Farmers commit suicide: বিগত 5 বছৰত মহাৰাষ্ট্ৰত 446 গৰাকী কৃষকৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.