ETV Bharat / international

ইজৰাইলৰ ভয়ত পেলেষ্টাইনীৰ ঘৰ এৰি পলায়নৰ ভয়ংকৰ ছবি - Rafah satellite photos

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 12:34 PM IST

Rafah satellite photos: ইজৰাইলে পুনৰ গাজাৰ ৰাফা চহৰত আক্ৰমণৰ ভাবুকি প্ৰদান কৰি লোকসকলক স্থানান্তৰৰ নিৰ্দেশ দিছে । তাৰ পাচতে পেলেষ্টাইনী শৰণাৰ্থীৰ প্ৰব্ৰজনৰ ভয়ংকৰ দৃশ্য দেখা গৈছে । উপগ্ৰহীয় ফটোৱে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ।

Rafah satellite photos
ইজৰাইলৰ ভয়ত পেলেষ্টাইনীৰ ঘৰ এৰি পলায়নৰ ভয়ংকৰ ছবি (Planet Labs PBC via AP)

ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ মে' : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । গাজাৰ বিভিন্ন প্ৰান্তত ইজৰাইলী সেনাৰ অভিযানো অব্যাহত আছে । তাৰ মাজতে গাজাৰ ৰাফা চহৰৰ দুখন বিশেষ ফটো পোহৰলৈ আহিছে । ফটো দুখনে সকলোকে আচৰিত কৰি তুলিছে । ফটো দুখনে স্পষ্ট কৰিছে কেনেদৰে ইজৰাইলী আক্ৰমণৰ ভয়ত ৰাফাৰ নাগৰিকসকলে ঘৰ এৰি পলায়ন কৰিছে । দক্ষিণ গাজাৰ ৰাফাৰ পৰা পেলেস্তাইনীসকলৰ বৃহৎ প্ৰস্থানৰ ছবিবোৰে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

এই ফটোবোৰ ৩ দিনৰ ব্যৱধানত সংগ্ৰহ কৰা হৈছিল । প্ৰথমখন ৫ মে' আৰু দ্বিতীয়খন ৮ মে'ত সংগ্ৰহ কৰা হৈছিল । ইজৰাইলে ৬ মে'ত চহৰখনৰ নাগৰিকসকলক স্থানান্তৰৰ নিৰ্দেশ জাৰি কৰিছিল । তাৰ পিচতে এই পৰিৱৰ্তন স্পষ্ট হৈ পৰিছিল । ফটোত দেখা গৈছে চহৰখনৰ মধ্য আৰু উত্তৰ-পশ্চিম অঞ্চলত জনবহুল তম্বুৰ অস্থায়ী ঘৰবোৰ নিৰ্দেশৰ কেইদিনমানৰ ভিতৰতে অন্তৰ্ধান হৈ পৰিছিল ।

ফটোবোৰত ১৯৪৮ চনত ইজৰাইল গঠনৰ সময়ত হোৱা যুদ্ধৰ সময়ত গৃহহীন পৰিয়ালবোৰৰ বাবে নিৰ্মাণ কৰা শিবিৰসমূহৰ ভিতৰত তেল আল-চুলতান শৰণাৰ্থী শিবিৰৰ ওচৰৰ এটা এলেকা দেখুওৱা হৈছে । ফটোবোৰৰ দ্বাৰা দেখুওৱা হৈছে যে ৩ দিনৰ ভিতৰত অঞ্চলটোত থকা শ শ তম্বুৰ কমেও আধা সংখ্যকে অন্তৰ্ধান হয় ।

সম্ভৱতঃ পেলেষ্টাইনীয়ে সেইবোৰ সামৰি তাৰ পৰা আঁতৰি গৈছে । আন দুখন ফটোত ৰাফা চহৰৰ কেন্দ্ৰীয় এছ চাবুৰাহ চুবুৰীয়া অঞ্চলটো দেখুওৱা হৈছে । চহৰৰ ৰাস্তাবোৰত পেকিং কৰা তম্বুবোৰ দেখা গৈছে ।

ইজৰাইলে চহৰখনত সম্পূৰ্ণ ৰূপে আক্ৰমণৰ ভাবুকি দিয়াৰ ফলতে এই প্ৰস্থানৰ দৃশ্য দেখা গৈছে । ৰাষ্ট্ৰসংঘৰ মতে স্থানান্তৰৰ নিৰ্দেশৰ পূৰ্বে গাজাৰ আন অংশৰ পৰা স্থানান্তৰিত প্ৰায় ১.৩ নিযুত পেলেষ্টাইনীয়ে তাত আশ্ৰয় লৈ আছিল ।

অৱশ্যে লোকসকলে তাৰ পৰা ক'লৈ গ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ইফালে স্থানীয় সূত্ৰৰ মতে গাজাত নতুনকৈ স্থানান্তৰিত লোকৰ বাবে প্ৰায় পৰ্যাপ্ত খাদ্য, পানী আৰু অস্থায়ী শিবিৰৰ অভাৱ হৈছে ।

ইজৰাইলৰ সামৰিক বাহিনীয়ে সোমবাৰে সাংবাদিকক কৈছিল যে ৯,০০,০০০ পেলেষ্টাইনীয়ে ৰাফা এৰিছে । ৰাষ্ট্ৰসংঘৰ দেওবাৰৰ তথ্য অনুসৰি এই সংখ্যা আছিল ৮,০০,০০০ । এনে পৰিস্থিতিত মানৱ অধিকাৰ সংগঠনসমূহে ইজৰাইলক ভাবুকিপূৰ্ণ আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাইছে । সংগঠনসমূহৰ মতে আক্ৰমণৰ ভাবুকি লাভ কৰি লোকসকল আতংকিত হৈ পৰিছে আৰু ঘৰ এৰি পলায়ন কৰিছে ।

লগতে পঢ়ক :ব্ৰিকছত যোগদানৰ ইচ্ছা প্ৰকাশ শ্ৰীলংকাৰ - Lankan Foreign Minister Ali Sabry
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.