ETV Bharat / state

মিকিৰ বামুনী গ্ৰাণ্টত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ ফলত সমস্যাত ৰাইজ

author img

By

Published : Aug 26, 2021, 12:46 PM IST

বঢ়মপুৰ সমষ্টিৰ মিকিৰ বামুনী গ্ৰাণ্টত হাতীৰ বিচৰণস্থলী তথা হাতীৰ কৰিডৰত সৌৰশক্তি প্ৰকল্প(Solar Power Project) নিৰ্মাণ কৰাৰ অনুমতি প্ৰদান কৰাত হাতীৰ বিচৰণত বাধাৰ সৃষ্টি হৈছে ৷ যাৰবাবে ক্ৰমাগতভাৱে বন্যহস্তীয়ে সৌৰশক্তি প্ৰকল্পৰ ফেঞ্চিং ভাঙি অঞ্চলটোত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই আহিছে বুলি অভিযোগ কৰে স্থানীয় লোকে ৷

ELEPHANT TERROR AT BARHAMPUR
মিকিৰ বামুনী গ্ৰাণ্টত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ ফলত সমস্যাত ৰাইজ

চামগুৰি, 26 আগষ্ট : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । বিগত কেইবাদিন ধৰি সমষ্টিটোৰ অন্তৰ্গত কন্দলি, তপতজুৰি, চাপানালা আদি পাহাৰীয়া অঞ্চলৰ আশে-পাশে নিতৌ বন্যহস্তীয়ে উপদ্ৰৱ চলাই বহু ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে জনসাধাৰণে ।

অঞ্চলকেইটাত বন্যহস্তীয়ে ধাৰাবাহিকভাৱে সন্ত্ৰাস চলোৱাৰ ফলত বহু লোক হতাহত হোৱাৰ লগতে অনেক লোকৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ চৰকাৰে বৰ্তমানলৈকে বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ মঙলবাৰে নিশা তপতজুৰি পাহাৰৰ চূড়াত ১৮ টাকৈ হাতীৰ কৰুণ মৃত্যু ঘটাৰ স্থানৰ ওচৰতে নিৰ্মীয়মান সৌৰশক্তি প্ৰকল্প(Solar Power Project) কোম্পানীৰ ফেঞ্চিং ভাঙি অঞ্চলটোত বন্যহস্তীয়ে প্ৰৱেশ কৰি কেইবাটাও ঘৰৰ বিস্তৰ ক্ষতি সাধন কৰে ৷

মিকিৰ বামুনী গ্ৰাণ্টত সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ ফলত সমস্যাত ৰাইজ

চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰাণ্টত পুঁজিপতি কোম্পানী আজু পাৱাৰ কোম্পানীয়ে হাতীৰ বিচৰণস্থলী তথা হাতীৰ কৰিড’ৰত সৌৰশক্তি প্ৰকল্প(Solar Power Project) নিৰ্মাণ কৰাৰ ফলত অঞ্চলটোত এনে সমস্যাৰ উদ্ভৱ হৈছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে । দৰাচলতে চৰকাৰ-প্ৰশাসনে হাতীৰ বিচৰণস্থলী তথা কৃষিভূমি অঞ্চলত এনেদৰে সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ অনুমতি প্ৰদান কৰাত স্থানীয় লোক মুঠেই সন্তুষ্ট হ’ব পৰা নাই ৷ যাৰ বাবে দীৰ্ঘদিন ধৰি সেই বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে স্থানীয় কৃষক ৰাইজ আৰু বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক : চামগুৰিত বনাঞ্চল এৰি জনাঞ্চলত বন্যহস্তীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.