ETV Bharat / bharat

মাৰণাস্ত্ৰ কঢ়িয়াই আনোতে আৰক্ষীৰ জালত মহিলাসহ দুই সৰবৰাহকাৰী - Firearm seized in Tripura

author img

By ANI

Published : May 26, 2024, 2:07 PM IST

AGARTALA RAILWAY STATION : আগৰতলাত জনশতাব্দী এক্সপ্ৰেছত অত্যাধুনিক মাৰণাস্ত্ৰ আৰু দুটা মেগজিন জব্দ । এই ঘটনাৰে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৰে'ল আৰক্ষীয়ে ।

firearm in Tripura
জনশতাব্দী এক্সপ্ৰেছত অত্যাধুনিক আগ্নেয়াস্ত্ৰ (ANI)

নেশ্য়নেল ডেস্ক, ২৬ মে': ত্ৰিপুৰা আৰক্ষীৰ (জিআৰপি) ৰে'লৱে গোটৰ জালত পৰিল মাৰণাস্ত্ৰ কঢ়িয়াই অনা মহিলাসহ দুগৰাকী লোক । শুকুৰবাৰে আগৰতলা ৰে'ল ষ্টেচনত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা এগৰাকী মহিলা আৰু এজন লোকৰ জিম্মাৰ পৰা এটা অত্যাধুনিক মাৰণাস্ত্ৰ আৰু দুটা মেগজিন জব্দ কৰা হৈছে । দুই অভিযুক্তক ত্ৰিপুৰাৰ খোৱাই জিলাৰ বাসিন্দা কৰণ দেৱবাৰ্মা আৰু প্ৰিয়া দেৱবাৰ্মা বুলি চিনাক্ত কৰা হৈছে ।

জনশতাব্দী এক্সপ্ৰেছৰ পৰা নমাৰ লগে লগে তেওঁলোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । চৰকাৰী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তাপস দাসে এই বিষয়ে সদৰী কৰিছে ।

ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তাপস দাসে এই প্ৰসংগত কয়, "গোপন তথ্যৰ ওপৰত ভিত্তি কৰি এই অভিযান চলোৱা হৈছিল । আগৰতলা অভিমুখী জনশতাব্দী এক্সপ্ৰেছত যাত্ৰা কৰা এগৰাকী মহিলা আৰু এজন লোকে মাৰণাস্ত্ৰ সৰবৰাহ কাৰৰ বিষয়ে নিশা প্ৰায় ৯ বজাত আমি এক গোপন তথ্য লাভ কৰিছিলো" ।

এই গোপন তথ্যৰ ভিত্তিত জি আৰ পি ষ্টেচন আৰু অন্যান্য সংস্থাৰ আৰক্ষীয়ে এই অভিযান চলোৱা বুলি কয় চৰকাৰী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তাপস দাসে । আগৰতলা ৰে'ল ষ্টেচনত ৰে'লখন ৰখোৱাৰ পিচতেই দুয়োগৰাকীয়ে সন্দেহজনকভাৱে ঘূৰা-ফুৰা কৰি আছিল । দুয়োগৰাকীয়ে ফুটব্ৰীজ পাৰ হ'বলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

এই তালাচীৰ সময়ত আৰক্ষীয়ে এটা নাইন এম এম পিষ্টল আৰু দুটা খালী মেগজিন জব্দ কৰে । অভিযুক্ত দুগৰাকীৰ বিৰুদ্ধে অস্ত্ৰ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে চৰকাৰী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তাপস দাসে । তেওঁলোকৰ এনেধৰণৰ মাৰাত্মক অস্ত্ৰ কঢ়িয়াই নিয়াৰ কোনো আইনী অনুমতি নাই বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক:আগৰতলাত এসপ্তাহত 20 অবৈধ বাংলাদেশীক আটক - Bangladeshi Intruders Arrested

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনি বাংলাদেশী যুৱতী ত্ৰিপুৰাত গ্ৰেপ্তাৰ - Bangladeshi Infiltrator

ত্ৰিপুৰাত নিয়াৰ অভিযানত গ্ৰেপ্তাৰ মানৱ সৰবৰাহকাৰী - HUMAN TRAFFICKER ARRESTED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.