ETV Bharat / sports

আই পি এলৰ ফাইনেলত বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 1:52 PM IST

IPL 2024 Final: চেন্নাইত আজি আই পি এলৰ চূড়ান্ত খেল । শনিবাৰে অপ্ৰত্যাশিত বৰষুণৰ পিচতে অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উদ্বেগ । যদি আজি বৰষুণ দিয়ে, তেনেহ'লে কি হ'ব চূড়ান্ত খেলখন ?

IPL 2024 Final
আইপিএলৰ ফাইনেলত বৰষুণে দিব নেকি বিধি-পথালি (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, ২৬ মে': কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত আই পি এল ২০২৪ ৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হ'ব । সন্ধিয়া ৭.৩০ বজাৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ'ব ।

দুয়োটা দলে চলিত ছিজনত শক্তিশালী স্থিতিত আছে । যাৰ বাবে এখন হাই-স্ক'ৰিং মেচ হোৱাৰ সম্ভাৱনা আছে । কোৱালিফায়াৰ-১ ত হায়দৰাবাদক পৰাস্ত কৰি কলকাতাই পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিছিল । এনে পৰিস্থিতিত এই খেলখনৰ বাবে কে কে আৰৰ আত্মবিশ্বাস বৃদ্ধি পাইছে ।

কিন্তু খেলখনৰ পূৰ্বে চেন্নাইত বতৰ কেনেকুৱা হ'ব ?

আজি চেন্নাইৰ বতৰ কেনেকুৱা হ'ব ?

উল্লেখ্য যে, শনিবাৰে সন্ধিয়া চেন্নাইত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছিল । যাৰ বাবে কে কে আৰ দলটোৱে অনুশীলন সম্পূৰ্ণ কৰিব পৰা নাছিল । সেয়েহে ফাইনেল খেলখনত বৰষুণে ব্যাঘাত জন্মাব নেকি, তাক লৈ অনুৰাগীসকলৰ মাজত উত্তেজনা বৃদ্ধি পাইছে ।

শনিবাৰে চেন্নাইত বৰষুণৰ কোনো সম্ভাৱনা নাছিল । অৱশ্যে বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদন অনুসৰি বৰষুণে ফাইনেল খেলখন প্ৰভাৱিত নকৰিব । সন্ধিয়া চেন্নাইৰ বতৰ ডাৱৰীয়া হ'ব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে । খেলখন আৰম্ভ হোৱাৰ সময়ত সন্ধিয়া ৭.৩০ বজাত তাপমাত্ৰা ২৩-২৬ ডিগ্ৰী চেলচিয়াছ হ'ব । চেন্নাইত বৰষুণ হোৱাৰ সম্ভাৱনা মাত্ৰ ৩ শতাংশ আছে । যদি কুঁৱলী পৰে দ্বিতীয় ইনিংছত বলিঙত সমস্যা হ'ব ।

বৰষুণে প্ৰভাৱিত কৰিলে কি হ'ব ?

চেন্নাইত বৰষুণ হোৱাৰ সম্ভাৱনা মাত্ৰ ৩ শতাংশ । কিন্তু শনিবাৰে হোৱা অপ্ৰত্যাশিত বৰষুণে অনুৰাগীসকলৰ উদ্বেগ বৃদ্ধি কৰিছে । এনে পৰিস্থিতিত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত বৰষুণ হ'লে কি হ'ব বুলি প্ৰশ্ন উত্থাপন হৈছে ? অৱশ্যে অনুৰাগীসকল বেছি চিন্তিত হোৱাৰ প্ৰয়োজন নাই কাৰণ চূড়ান্ত খেলখনৰ বাবে এটা দিন সংৰক্ষিত ৰখা হৈছে ।

এনে পৰিস্থিতিত বৰষুণৰ বাবে যদি দেওবাৰে খেলখন স্থগিত হয়, তেনেহ'লে সোমবাৰে খেলখন অনুষ্ঠিত হ'ব । যদি সংৰক্ষিত দিনটোতো বৰষুণৰ বাবে খেল সম্ভৱ নহয়, তেন্তে পইণ্ট তালিকাৰ শীৰ্ষত থকা দলক বিজয়ী ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক :আই পি এলৰ ফাইনেল: কলকাতা নে হায়দৰাবাদ, কোনে দখল কৰিব খিতাপ ? - IPL 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.