অসম

assam

ভূপেন বৰাক সন্তুষ্ট কৰিবলৈ লুৰীণজ্যোতিৰ নিকৃষ্ট মন্তব্য: বিজেপি

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 7:27 PM IST

পাহাৰ-ভৈয়াম,বৰাক-ব্রহ্মপুত্র উপত্যকা তথা অসমৰ কোনো এটা থলুৱা খিলঞ্জীয়া গাঁৱত কংগ্রেছৰ কোনো সংগঠন নাই । কংগ্রেছৰ বিৰুদ্ধে সৰৱ ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মা ।

Press Meet of BJP in Guwahati
ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মা

ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মা

গুৱাহাটী, ২ ডিচেম্বৰ: "কংগ্রেছ দলে পৰিস্থিতি ৰক্তাক্ত কৰি অনুষ্ঠিত কৰা ১৯৮৩ চনৰ অবৈধ নির্বাচন বিজেপি দলে বর্জন কৰিছিল । লগতে অসম আন্দোলনক ৰাষ্ট্ৰীয় ৰূপ দিয়াৰ বাবে ভাৰতীয় জনতা পার্টিৰ প্রতিষ্ঠাপক নেতা তথা প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিজেপি দলে অহোপুৰুষাৰ্থ কৰাৰ কথা অসমবাসীয়ে জানে । " এই মন্তব্য় ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ।

বশিষ্ঠস্থিত দলৰ মুখ্য কার্যালয়ত আয়োজিত এক সংবাদমেলত এইদৰে মন্তব্য় কৰি তেওঁ পুনৰ কয় যে দল প্রতিষ্ঠা হোৱাৰ দিনৰ পৰা আজি পর্যন্ত ভাৰতীয় জনতা পার্টীয়ে প্রতিটো সংকটৰ সময়ত অসম আৰু অসমীয়াৰ পক্ষত থিয় হৈ আহিছে । এনে কাৰণতেই ২০১৪ চনৰ পিছত অসমত অনুষ্ঠিত হোৱা সকলো নির্বাচনত ভাৰতীয় জনতা পার্টি ৰাইজৰ বিপুল সমাদৰ লাভ কৰি বিজয়ী হ'বলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্রগৰাকীয়ে ।

তেওঁ পুনৰ কয় যে ৰাজ্যৰ ২৯ হাজাৰতকৈ অধিক বুথৰ ভিতৰত বাংলাদশেী মূলৰ মুছলমানৰ অধিপত্য থকা মাত্র পাঁচ হাজাৰ বুথতেই সীমাবদ্ধ আছে কংগ্ৰেছৰ সংগঠন । পাহাৰ-ভৈয়াম, বৰাক-ব্রহ্মপুত্র উপত্যকা তথা অসমৰ কোনো এটা থলুৱা খিলঞ্জীয়া গাঁৱত বর্তমান সময়ত কংগ্রেছ দলৰ কোনো সংগঠন নাই । দলটোৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই এসময়ত প্রতিনিধিত্ব কৰা বিহপুৰীয়া বিধানসভা সমষ্টিয়েই হওক নাইবা বৰ্তমানৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্রতিনিধিত্ব কৰা নাজিৰা বিধানসভা সমষ্টিয়েই নহওক কিয় কতোৱেই কংগ্রেছৰ কোনো সংগঠনেই নাই । তেনে ক্ষেত্রত কংগ্রেছে ৰাইজক বিভ্রান্ত কৰিবলৈ অন্য দলৰ লোকক ব্যৱহাৰ কৰাটো তেনেই স্বাভাবিক কথা ।

তেওঁ কয় যে লুৰীণজ্যোতি গগৈ আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈক বর্তমান সময়ত কংগ্রেছ দলে ৰাজ্যবাসীক বিভ্রান্ত কৰাৰ বাবে নিজৰ মুখপাত্র হিচাপে ব্যৱহাৰ কৰিছে । কোনাধৰণৰ গণভিত্তি নথকা এই ব্যক্তি দুজনে কংগ্রেছৰ শ্রুতলিপি মতে কথা কোৱাটো একেবাৰে স্বাভাবিক । উল্লেখযোগ্য যে কংগ্রেছী চিন্তাৰ নতুন মুখপাত্র লুৰীণজ্যোতি গগৈয়ে ভাৰতীয় জনতা পাৰ্টীয়ে অসমবাসীক বিশ্বাস ঘাটকতা কৰা বুলি মন্তব্য কৰা আমি দেখা পাইছো । অসম আন্দোলনৰ নেতৃত্ব দিয়া সদৌ অসম ছাত্র সন্থাৰ দৰে বিশাল জাতীয় সংগঠনৰ শীর্ষ পদবীত থাকি অহা লুৰীণজ্যোতি গগৈয়ে ৮৫৫ জন শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্ৰেছ দলৰ হৈ ওকালতি কৰাটো অসমৰ সমাজ জীৱনৰ বাবে অতি পৰিতাপৰ বিষয় হিচাপে চিহ্নিত হৈছে ।

লুৰীণজ্যোতি গগৈয়ে ৰকিবুল হুছেইন, ভূপেন বৰা, দেবব্রত শইকীয়া, গৌৰব গগৈ আদিক সন্তুষ্ট কৰাৰ বাবে ইমান নিকৃষ্ট স্থিতি গ্রহণ কৰিব নালাগিছিল বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই সংবাদমেলত মতপোষণ কৰে ।

লগতে পঢ়ক:তথ্যভিক্তিক অভিযোগ আজিলৈকে কোনেও কৰিব পৰা নাই: পবিত্ৰ মাৰ্ঘেৰিটা

ABOUT THE AUTHOR

...view details