ETV Bharat / politics

নৰেন্দ্ৰ মোদীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে ! - Akhil gogoi on Narendra Modi

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:13 PM IST

Akhil Gogoi: নৰেন্দ্ৰ মোদীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে ৷ এই মন্তব্য অখিল গগৈৰ ৷ বিজেপি দলটো এতিয়া অসমত HBS প্ৰাইভেট কোম্পানীলৈ পৰিণত হৈছে ৷ এইদৰেও ক’লে বিধায়কগৰাকীয়ে ৷

MLA AKHIL GOGOI
যোৰহাটত বিধায়ক অখিল গগৈ (ETV Bharat Assam)

যোৰহাট, 23 মে’: ‘‘নৰেন্দ্ৰ মোদীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে ৷ ভগৱানৰ প্ৰতিনিধি হৈ আহিছো বুলি কৈ আপোনালোকে ভোট দিবই লাগিব বুলি ক’ব বিচাৰে ৷ কিন্তু ভাৰতৰ মানুহে এইবাৰ নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে ৷’’ এই মন্তব্য অখিল গগৈৰ ৷

যোৰহাটত বিধায়ক অখিল গগৈ (ETV Bharat Assam)

আনহাতে তেওঁ কয় যে 2026ত অসমত বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্যমঞ্চই ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ 2024ৰ লোকসভা নিৰ্বাচনে 2026ৰ বিধানসভা নিৰ্বাচনলৈ ঐক্যমঞ্চ আগবাঢ়ি যোৱাৰ বাবে শক্তি প্ৰদান কৰিছে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে যোৰহাটত ৰাইজ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । শংকৰদেৱ কলা কৃষ্টি আৰু গৱেষণা কেন্দ্ৰত অনুষ্ঠিত হোৱা যোগদান সভাখনত যোৰহাট, তিতাবৰ, মৰিয়নি আৰু টীয়ক বিধানসভা সমষ্টিৰ কংগ্ৰেছ, বিজেপি আৰু অগপকে আদি বিভিন্ন দলৰ পৰা আহি প্ৰায় দুশৰো অধিক লোকে যোগদান কৰে ৰাইজৰ দলত ।

দলটোত যোগদান কৰা সকলোকে ৰাইজৰ দলৰ সংবিধান ‘আমাৰ সপোনৰ অসমখন’ প্ৰদান কৰি সভাপতি অখিল গগৈয়ে কয়, ‘‘যিদৰে গীতা, বাইবেল, কোৰাণ; ঠিক সেইদৰে এইখন আমাৰ দলৰ মানুহৰ কাৰণে এইখন গ্ৰন্থ ৷ এইখন গ্ৰন্থ যাৰ মুখস্থ নাই, তেওঁ আমাৰ দলৰ প্ৰকৃত কৰ্মী নহয় ৷’’

আনহাতে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই ডিব্ৰুগড়, যোৰহাট, নগাঁও, ধুবুৰী, কৰিমগঞ্জ আৰু গুৱাহাটী আসন লাভ কৰিব বুলি কৈ বিজেপিয়ে অকলে ৬খন আসনতহে জয়লাভ কৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে । তদুপৰি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে বৰ্তমান ন-বিজেপিয়ে পুৰণি নিষ্ঠাৱান কৰ্মীসকলক কাম নাইকিয়া কৰি পেলাইছে ৷ বিজেপিত বৰ্তমান কংগ্ৰেছত ছিণ্ডিকেট চলোৱাসকলেৰে ভৰি পৰিছে ৷ বৰ্তমান বিজেপি HBS কোম্পানীলৈ পৰিণত হৈছে ।

জ্যেষ্ঠ বিজেপি কৰ্মীসকলক কৰা অপমানত তেওঁ অত্যন্ত দুখ অনুভৱ কৰা বুলি বুলি মত প্ৰকাশ কৰে । বিজেপি আৰু মিত্ৰদলে লোকসভাত ২৪০ ৰ পৰা ২৫০ খন আসন দখল কৰিব বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক: এনেকুৱা শোচনীয় পৰাজয় হ'ব যে বিশ্ব স্তম্ভিত হ'ব; ইণ্ডি মহাজোঁটক তীব্ৰ আক্ৰমণ মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.