ETV Bharat / snippets

এনেকুৱা শোচনীয় পৰাজয় হ'ব যে বিশ্ব স্তম্ভিত হ'ব; ইণ্ডি মহাজোঁটক তীব্ৰ আক্ৰমণ মোদীৰ

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 2:04 PM IST

PM MODI SLAMS INDIA BLOCK
ইণ্ডি মহাজোঁটক তীব্ৰ আক্ৰমণ মোদীৰ (ETV Bharat)

নিউজ ডেস্ক, ২১ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত এক নিৰ্বাচনী সভাত আৰজেডি আৰু কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । তেওঁ কয় যে ইণ্ডি মিত্ৰজোঁটৰ শোচনীয়া পৰাজয় হ'ব ।

তেওঁ লগতে কয়, "একবিংশ শতিকাৰ ভাৰত ইণ্ডি মিত্ৰতাৰ পাপ লৈ আগবাঢ়িব নোৱাৰে । সেয়েহে প্ৰতিটো নিৰ্বাচনতে ৰাইজে কংগ্ৰেছ-আৰজেডিৰ দৰে দলৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছে । 4 জুনত ইণ্ডিয়াৰ ওপৰত আটাইতকৈ ডাঙৰ আঘাতটো হ'ব । এই আক্ৰমণ দেশৰ দুৰ্নীতিৰ ওপৰত, স্বজন-তোষণৰ ৰাজনীতিৰ ওপৰত, 'টুকড়ে টুকড়ে গেং'ৰ ওপৰত, সমাজত বিভেদ অনা লেতেৰা চিন্তাধাৰাৰ ওপৰত, সনাতনক উৎপীড়ন কৰা বিকৃত মানসিকতাৰ ওপৰত । এই আক্ৰমণ অপৰাধী, মাফিয়া, জংঘলৰাজৰ ওপৰত হ'ব, মহিলা বিৰোধী মানসিকতাৰ ওপৰত হ'ব ।"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.