ETV Bharat / state

তথ্যভিক্তিক অভিযোগ আজিলৈকে কোনেও কৰিব পৰা নাই: পবিত্ৰ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 4:37 PM IST

বন্ধ কোঠাত, লিলি হোটেলত দিয়া শ্লোগানধৰ্মী বক্তব্যই মানুহক বিপথে পৰিচালনা নকৰে বুলি বিৰোধী ঐক্য মঞ্চক কটাক্ষ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷

mp pabitra margherita slams opposition unity forum
বিৰোধী ঐক্য মঞ্চ সন্দৰ্ভত মাৰ্ঘেৰিটাৰ মত

পবিত্ৰ মাৰ্ঘেৰিটাৰ মত

গুৱাহাটী, ২ ডিচেম্বৰ : সংখ্যা বঢ়াবৰ বাবে গণভিত্তিহীন সংগঠন লৈ বিৰোধী ঐক্য মঞ্চ গঠন কৰিছে বুলি বিৰোধীক কটাক্ষ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ । ভাষাৰ লালিত্য সানি, কল্পনাপ্ৰসূত অভিযোগৰ বাহিৰে বিৰোধীয়ে আজিলৈকে তথ্যভিক্তিক অভিযোগ দাঙি ধৰিব পৰা নাই বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ মাৰ্ঘেৰিটাৰ ভাষ্য অনুসৰি, অসমৰ মানুহে এতিয়া কেৱল চাৰিওফালে উন্নয়নহে দেখিছে ৷ পাতিবলৈ অসমৰ মানুহৰ হাতত উন্নয়নৰ কথাই আছে ৷

বিৰোধী ঐক্য মঞ্চৰ যিবোৰ দলৰ নাম তেওঁলোকে কৈছে সেইসমূহৰ অসমৰ সভাপতি, সম্পাদক কোন কোনেও নাজানে ৷ এই মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ । শনিবাৰে সংবাদ মাধ্যমৰ আগত বিৰোধীয়ে অনা অভিযোগ সন্দৰ্ভত তেওঁ কয় যে, ‘বিৰোধীৰ অধিকাৰ আছে মন্তব্য কৰাৰ । কিন্তু তেওঁলোকে কোনো প্ৰমাণ নোহোৱাকৈ এয়া কল্পনাপ্ৰসুতভাৱে অভিযোগ আনিছে । বন্ধ কোঠাত, লিলি হোটেলত বা য’তেই নহওক তেওঁলোকৰ So Called অধিৱেশনৰ শ্লোগানধৰ্মী বক্তব্যই মানুহক বিপথে পৰিচালনা কৰিব নোৱাৰে’ ।

মাৰ্ঘেৰিটাই উল্লেখ কৰে, অসমৰ ৰাইজে কিমান চাকৰি দিয়া হ’ল, কিমান উন্নয়ন হৈছে সেই কথাতহে গুৰুত্ব দিছে । আনহাতে, বিৰোধীয়ে ৯ বছৰৰ পৰা যিবোৰ কথা কৈ আছে সেইবোৰৰ কোনো প্ৰমাণ নাই বুলিও ইতিকিং কৰে সাংসদজনে । ইতিবাচক কথাবোৰৰ মাজত ৰাজনীতি কৰি কেনেবাকৈ ভোট সংগ্ৰহ কৰিব পাৰি নেকি সেই চেষ্টা কৰিয়েই বিৰোধীয়ে বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে বুলি মত দিয়ে তেওঁ ।

ধেমাজিৰ জিলা সভাপতিৰ পদত্যাগ সন্দৰ্ভত তেওঁ কয়, ‘প্ৰতিটো পদৰ এটা কাৰ্যকাল থাকে । এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে সেৱা আগবঢ়ায়, গান্ধী পৰিয়ালৰ দৰে আজীৱন নেতা হৈ নাথাকে । এয়া গান্ধী পৰিয়ালতহে সম্ভৱ, কংগ্ৰেছতহে সম্ভৱ’ । ইপিনে পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলত প্ৰতিখন ৰাজ্যতে বিজেপিৰ ফলাফল ভাল হ’ব বুলি আশা প্ৰকাশ কৰে তেওঁ ।

লগতে পঢ়ক : বিৰোধী ঐক্য মঞ্চৰ নেতাই উচটনিমূলক কথা ক'ব পাৰে, ৰাইজক একো দিব নোৱাৰে : কামাখ্যা প্ৰসাদ তাছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.