বিৰোধী ঐক্য মঞ্চৰ নেতাই উচটনিমূলক কথা ক'ব পাৰে, ৰাইজক একো দিব নোৱাৰে : কামাখ্যা প্ৰসাদ তাছা

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:18 AM IST

thumbnail

ডিব্ৰুগড়, ২ ডিচেম্বৰ : সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক বিৰোধী সকলো তৎপৰ হৈছে । ২৪ ৰ লোকসভা নিৰ্বাচনত শাসক দল বিজেপিয়ে ১২ খন আসনত জয়লাভ কৰাৰ কথা ইতিমধ্য ঘোষণা কৰিছে । আনহাতে, বিজেপিক লোকসভাত প্ৰতিহত কৰিবলৈ গঠন হৈছে বিৰোধী ঐক্য মঞ্চ ।

বিৰোধীৰ ঐক্য মঞ্চ গঠন হোৱাৰ পাচতেই যেন শাসক দল বিজেপি লোকসভা নিৰ্বাচনক লৈ অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে । অতি শক্তিশালীভাৱে আৰম্ভ কৰিছে সাংগঠনিক কামকাজ । ইয়াৰ মাজতে শুকুৰবাৰে নিশা মৰাণত উপস্থিত হোৱা ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ কেন্দ্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছাই কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কোৱাৰ দৰে বিজেপিয়ে লাভ কৰিব ১২ খন আসন । ইতিমধ্যে দলীয় কৰ্মী নিবাৰ্চন বাবে সাজু হৈছে । মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে যি ধৰণৰে কাম কৰিছে ৰাইজ সন্তুষ্ট হৈছে । এইবাৰ উন্নয়নৰ স্বাৰ্থত নিবাৰ্চন অনুষ্ঠিত হ'ব’’ ।

আনহাতে, বিজেপিৰ বিৰুদ্ধে গঠন হোৱা বিৰোধী ঐক্য মঞ্চক তীব্ৰ সমালোচনা কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । বিৰোধী ঐক্য মঞ্চৰ নেতাই উচটনিমূলক কথা ক'ব পাৰে ৷ কিন্তু ৰাইজক একো দিব নোৱাৰে । কেৱল বৈঠক কৰি সংবাদমাধ্যমৰ আগত কথা কৈ তেওঁলোকে ভোট পাব বুলি যদি ভাবিছে সেয়া আকাশত চাং পতা কথা বুলি বিৰোধী ঐক্য মঞ্চক তাচ্ছিল্য কৰে সাংসদগৰাকীয়ে ।

লগতে পঢ়ক : তিনিচুকীয়াত 26 গৰাকী ভূমিহীনলৈ ভূমিপট্টা প্ৰদান ৰাজ্য চৰকাৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.