অসম

assam

Rupam Goswami reacts on Hiren Gohain comments : হীৰেন গোহাঁয়ে সস্তীয়া পাব্লিচিতি বিচাৰে: ৰূপম গোস্বামী

By

Published : Mar 27, 2023, 10:23 PM IST

‘‘হীৰেন গোহাঁই সদায় কংগ্ৰেছৰ সমৰ্থক । হীৰেন গোহাঁয়ে মুখা পিন্ধি লৈছে । হীৰেন গোহাঁয়ে অসমৰ বাবে আজিলৈকে একো কৰা নাই’’ ৷ বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁয়ে দেওবাৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰত এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে (Rupam Goswami reacts on Hiren Gohain comments on Rahul Gandhi disqualification issue)।

Rahul Gandhi disqualification issue
হীৰেন গোহাঁয়ে মুখা পিন্ধি লৈছে : ৰূপম গোস্বামী

হীৰেন গোহাঁয়ে মুখা পিন্ধি লৈছে : ৰূপম গোস্বামী

গুৱাহাটী, ২৭ মাৰ্চ :‘‘হীৰেন গোহাঁয়ে সস্তীয়া পাব্লিচিতি বিচাৰে । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰোধিতা কৰি এতিয়া বিতৰ্কত সোমাই পৰিছে অসমৰ বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁই’’ । সোমবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ব্যক্ত কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে (Rupam Goswami reacts on Hiren Gohain comments on Rahul Gandhi disqualification issue) ।

লগতে মুখপাত্ৰগৰাকীয়ে কয়, ‘‘বিৰোধীয়ে বিৰোধিতা কৰিছে সেয়া স্বাভাৱিক । কিন্তু আশ্চৰ্যকৰ কথা অসমৰ বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁয়ে কিয় সোমাবলগীয়া হ’ল এই বিতৰ্কত । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত শাসনাধীন ৰাজনৈতিক দলৰ কোনো হস্তক্ষেপ থাকিব নোৱাৰে । সেয়ে ন্যায়ালয়ৰ এই ৰায়দানত বিজেপিয়ে বিৰোধিতা কৰাৰ প্ৰশ্নই নুঠে’’ (Rupam Goswami reacts on Hiren Gohain comments) ।

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে হীৰেন গোহাঁই সন্দৰ্ভত কয়, ‘‘বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰি এতিয়া বিতৰ্কত সোমাই পৰিছে বিশিষ্ট চিন্তাবিদগৰাকী । এই মন্তব্যই প্ৰমাণ কৰিছে কংগ্ৰেছ দলৰ লগত বিশিষ্ট চিন্তাবিদগৰাকীৰ সম্পূৰ্ণ সমৰ্থন আছে’’ ।

লগতে পঢ়ক :Gamocha Controversy in Assam; বীৰ্যহীন কাপুৰুষৰ দৰে কোনেও মন্তব্য নকৰিব: বীৰ লাচিত সেনা অসম

সংবাদ মাধ্যমৰ আগত মুখপাত্ৰগৰাকীয়ে কয়, ‘‘অসমৰ সমস্যাসমূহৰ সদায় বিপক্ষত থাকে হীৰেন গোহাঁই । গণতন্ত্ৰত আঘাত হানিছে বুলি কোৱা কথা নিৰৰ্থক । ৰাহুল গান্ধী গণতন্ত্ৰৰ প্ৰতীক নহয় । জনসাধাৰণৰ আৰু গান্ধী পৰিয়ালৰ বাবে নিয়ম একেই । হীৰেন গোহাঁয়ে মুখা পিন্ধি লৈছে । হীৰেন গোহাঁয়ে অসমৰ বাবে একো কৰা নাই ৷ তেওঁ মাত্ৰ আউলহে লগাইছে’’ (Rahul Gandhi disqualification issue)।

মুখপাত্ৰগৰাকীয়ে আৰু কয়, ‘‘হীৰেন গোহাঁইৰ লগত জড়িত হৈছে অজিত কুমাৰ ভূঞা । সাংসদ হ’বলৈ অজিত কুমাৰ ভূঞাই কংগ্ৰেছ আৰু AIUDF ৰ ভোট লৈছে । তেওঁ এসময়ত জাতীয় জীৱনৰ ধ্বজ্জা স্বৰূপ আছিল ৷ কিন্তু সাংসদ হ’বলৈ কি পৰ্যায়লৈ তেওঁ গতি কৰিছিল সেয়াহে প্ৰশ্নৰ বিষয়’’ ৷

বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁইৰ উপৰিও বিজেপিৰ মুখপাত্ৰগৰাকীয়ে গামোচা বিতৰ্ক সন্দৰ্ভতো কেতবোৰ মন্তব্য আগবঢ়ায় (Rupam Goswami reacts on Gamocha Controversy in Assam)৷ তেওঁ কয়, ‘‘গামোচাখন গামোচা হৈ থকা উচিত । এয়া দুৰ্ভাগ্যজনক বিষয় । কিন্তু তেওঁলোকৰ উদ্দেশ্য হয়তো সমন্বয়ৰ আছিল যদিও উপস্থাপন শৈলী বেয়া হৈছে’’ ।

লগতে পঢ়ক :Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

ABOUT THE AUTHOR

...view details