ETV Bharat / state

Gamocha Controversy in Assam; বীৰ্যহীন কাপুৰুষৰ দৰে কোনেও মন্তব্য নকৰিব: বীৰ লাচিত সেনা অসম

author img

By

Published : Mar 27, 2023, 5:07 PM IST

শেহতীয়াকৈ সৃষ্টি হোৱা গামোচা বিতৰ্ক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া (Gamocha Controversy in Assam) । অসমীয়া স্বাভিমানী গামোচাৰ লগত বঙালীৰ গামোচাখন লগ লগাই যি সমন্বয়ৰ কথা কোৱা হৈছে, তাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বীৰ লাচিত সেনা অসমে । সোমবাৰে যোৰহাটত এক সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনাই এই ক্ষেত্ৰত সকলো পক্ষকে সকীয়াই দি প্ৰয়োজনত আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে (Veer Lachit Sena Assam reacts on Assamese Gamocha Controversy)৷

Gamocha Controversy in Assam
আকৌ গামোচা বিতৰ্ক

আকৌ গামোচা বিতৰ্ক

যোৰহাট, 27 মাৰ্চ : আকৌ গামোচা বিতৰ্ক (Gamocha Controversy in Assam) ৷ অসমীয়া আৰু বঙালী গামোচা জোৰা লগাই সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰিছে ৰাজ্য চৰকাৰে ৷ আনকি এই গামাচোৰ বিকৃতকৰণক এচামে আকৌ শলাগ জনাইছে ৷ যাক লৈ এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ পুনৰ বিতৰ্কলৈ অনা অসমীয়াৰ স্বাভিমান গামোচাৰ এনে ৰূপ সন্দৰ্ভত সোমবাৰে যোৰহাটত বীৰ লাচিত সেনা, অসমে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া (Veer Lachit Sena Assam reacts on Assamese Gamocha Controversy)৷

সংবাদ মাধ্যমৰ আগত বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱাই কয়, ‘‘অসমীয়া স্বাভিমান গামোচাক বিকৃত কৰা কাৰ্যক কোনোপধ্যেই গ্ৰহণ নকৰে বীৰ লাচিত সেনা অসমে ৷ প্ৰকৃততে সেইখন সমন্বয়ৰ গামোচা নহয় ৷ সেইখন হৈছে এখন ফটোৱা কাপোৰহে ৷ যদি এইমূহুৰ্তত পালো হয়, সেইখন জ্বলাই দিলো হয় ৷ এনেকুৱা সমন্বয় আমাক নালাগে ৷ আমাৰ যিখন গামোচা, সেইখনক গামোচা হৈ থাকিবলৈ দিয়ক ৷ অসমীয়াৰ গামোচা অসমীয়াৰ আৰু বঙালীৰ গামোচা বঙালীৰ হৈ থাকিব দিয়ক’’ ৷

ইফালে এই দুই ৰঙী গামোচা সন্দৰ্ভত দেওবাৰে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিকে এক তুলুঙা মন্তব্য প্ৰদান কৰিছিল ৷ আনকি এয়া সমন্বয়ৰ কথাহে বুলি কৈছিল সাহিত্যিকগৰাকীয়ে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সিদ্ধাৰ্থ বৰুৱাই কয়, ‘‘যিগৰাকী সাহিত্যিকৰ লিখনি পঢ়ি আমি ভাল পাওঁ ৷ তেনে এগৰাকী সাহিত্যিকে এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিব লাগে’’ ৷

ইয়াৰ উপৰিও বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা সমিতি সভাপতি আদিত্য পানী ফুকনে কয়, ‘‘সৰু ল’ৰা-ছোৱালীক শিকাবলৈ ভাল ৷ কিন্তু মূৰ্খৰ স্বৰ্গত বাস কৰাৰ দৰে কথা তেওঁলোকে কৈছে ৷ প্ৰথমে তেওঁলোকে নিজৰ বিভাগটোক কন্ট্ৰ’ল কৰিবলৈ শিক্ষক ৷ ৰণোজ পেগুৱে নিজৰ শিক্ষা বিভাগটোকে চম্ভালিব পৰা নাই ৷ তেওঁ আকৌ গামোচাত সমন্বয় কৰে বা গামোচা সন্দৰ্ভত ভেঙুচালি কৰে ৷ সেয়া কেতিয়াও সহ্য কৰা নহ’ব’’ ৷ লগতে তেওঁ কয়, ‘‘বিহ্যহীন কাপুৰুষৰ দৰে মন্তব্য নকৰিব’’ ৷

ইফালে এই বিতৰ্কিত গামোচাখন সন্দৰ্ভত বীৰ লাচিত সেনা অসমৰ যুটীয়া সাংগঠনিক সচিব মৃনাল দত্তই কয়, ‘‘অসমীয়া-বঙালীৰ মাজত সমন্বয় আছেই ৷ কিন্তু যিখন গামোচাৰে সমন্বয় গঢ়িবলৈ লৈছে চৰকাৰে, সেইখন সমন্বয় নহয়, অসমীয়া বঙালীৰ মাজত যুদ্ধৰহে সৃষ্টি কৰিছে ৷ ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিহে অভিহিত কৰিব পাৰি’’ ৷

আনহাতে অসমীয়া গামোচাক বিৰ্তকিতভাৱে উপস্থাপন কৰা লৈ বীৰ লাচিত সেনা অসমে আগন্তুক সময়ত গুৱাহাটীত এখন নাগৰিক সভা অনুষ্ঠিত কৰিব বুলিও মন্তব্য কৰে বীৰ লাচিত সেনা অসমৰ বিষয়ববীয়াই । লগতে বহিৰাগত গামোচাক লৈ যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে বীৰ লাচিত সেনাই ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা উক্ত গামোচাখিনি ৰাজপথত জ্বলাই দিয়াৰো হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Assam Arunachal Border Issue: সমাধান হ'ব অসম অৰুণাচলৰ সীমা সমস্যা: বিধায়ক কাংগং টাকু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.