ETV Bharat / state

Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

author img

By

Published : Mar 26, 2023, 5:50 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Rahul Gandhi disqualification issue) ৷ এই সন্দৰ্ভত দেওবাৰে এক সংবাদমেল সম্বোধন কৰি বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

Hiren Gohain reacts on Rahul Gandhi disqualification issue
ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে : হীৰেন গোহাঁই

ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে : হীৰেন গোহাঁই

গুৱাহাটী, ২৬ মার্চ : লোকসভাৰ পৰা ৰাহুল গান্ধীৰ সদস্য পদ খাৰিজক লৈ সৰৱ বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁই । দেওবাৰে এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে গোহাঁইয়ে (Hiren Gohain reacts on Rahul Gandhi disqualification issue)। তেওঁ কয়, ‘‘বৰ্তমান ন্যায়পালিকা ব্যৱস্থাও সন্দেহৰ আৱৰ্তত । দেশৰ বাবে ইয়াতকৈ ভয়ংকৰ কথা আৰু কি হ’ব পাৰে ! শাসক পক্ষই দমন নীতি প্ৰয়োগ কৰি বিৰোধীৰ ভূমিকা দুৰ্বল কৰাৰ বাবে পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে’’ ।

তেওঁ কয়, ‘‘গুজৰাটৰ চুৰাটৰ এখন নিম্ন আদালতে ২৩ মাৰ্চৰ দিনা মানহানি গোচৰ এটাত দোষী সাব্যস্ত কৰি ৰাহুল গান্ধীক দুবছৰৰ বাবে কাৰাদণ্ড বিহে । তাৰ এদিন পিচতে অৰ্থাৎ ২৪ মাৰ্চৰ দিনা লোকসভা সচিবালয়ে লোকসভাৰ পৰা ৰাহুল গান্ধীৰ সদস্য পদ খাৰিজ কৰে (Rahul Gandhi disqualification) । আইনী প্ৰক্ৰিয়াৰ গইনা লৈ মোডী চৰকাৰে বিৰোধীৰ অন্যতম শক্তিশালী কণ্ঠ ৰাহুল গান্ধীক লোকসভাৰ পৰা আঁতৰোৱাৰ ই এক নিকৃষ্ট ষড়যন্ত্ৰ’’ ।

তেওঁ আৰু কয়, ‘‘আমি দেখিছো যে হিন্দেনবাৰ্গ ৰিচাৰ্চে আদানীৰ বিভিন্ন ধৰণৰ জালিয়াতি ফাদিল কৰাৰ পিচতো, এতিয়ালৈ লোকসভাত চৰকাৰে বিষয়টোৰ আলোচনা হ’বলৈ দিয়া নাই । অথচ ভাৰতৰ অৰ্থনীতিৰ বাবে ই অতি গুৰুত্বপূৰ্ণ আছিল । তাৰ মাজতে ৰাহুল গান্ধীয়ে তথ্য-পাতি দি নিৰ্ভীকভাৱে আদানী আৰু মোডী চৰকাৰৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ কথা সদনত বলিষ্ঠভাৱে দাঙি ধৰিছিল । কিন্তু তাকো তেওঁলোকে লিপিবদ্ধ কৰিবলৈ নিদিলে’’ (Hiren Gohain criticised central govt)।

লগতে পঢ়ক : Goa CM slams Rahul Gandhi: সাভাৰকাৰৰ নাম মুখত লৈ আকৌ সমালোচনাৰ সন্মুখীন ৰাহুল গান্ধী

বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁয়ে আৰু কয়, ‘‘ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ যোগেদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতি সম্পৰ্কে ৰাইজক সজাগ কৰিছিল ৷ লগতে তেওঁ দেশত দেখা দিয়া ভয়াৱহ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ব্যাপক জনজাগৰণৰ সৃষ্টি কৰিছিল ।

ভয়ার্ত আৰু বাকহীন জনতাৰ মুখত প্ৰতিবাদৰ ভাষা তুলি দিছিল । ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ পিচত লণ্ডনৰ বিধান মণ্ডলীত ৰাহুল গান্ধীয়ে ভাৰতীয় গণতন্ত্ৰই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বক্তৃতা দিছিল । কিন্তু, ভাৰতৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে তেওঁ কেতিয়াও বিদেশী শক্তিৰ সমৰ্থন বিচৰা নাছিল’’ ।

বুদ্ধিজীৱিগৰাকীয়ে কয়, ‘‘ৰাহুল গান্ধীৰ নিৰ্ভয়, সত্যনিষ্ঠ আৰু অহিংস প্ৰতিবাদে ক’ৰবাত যেন ভাৰতৰ জনগণৰো অন্তৰ স্পৰ্শ কৰিছে । তাৰ বাবেই আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপি ইমান খৰ্গহস্ত । কিন্তু ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে যদিও এই আক্ৰমণ কেৱল ৰাহুল গান্ধীৰ ওপৰত নমাই অনা ব্যক্তিগত আক্ৰমণ নহয় ৷ ই ভাৰতীয় গণতন্ত্ৰৰ ওপৰত নমাই অনা আক্ৰমণহে । ৰাহুল গান্ধীৰ দৰে নেতা এজনৰ বিৰুদ্ধে যদি তেওঁলোকে এনে পদক্ষেপ ল’বলৈ সংকোচ নকৰে, তেন্তে আনবোৰ কোন কূটা ! সেয়ে ভাৰতৰ সকলো বিৰোধী ৰাজনৈতিক দলে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ মাত মাতিব লাগিব’’ ।

উল্লেখ্য যে, দেওবাৰে গুৱাহাটীত আয়োজিত এই সংবাদমেলত বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁইৰ সৈতে উপস্থিত থাকে অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰ ৷

লগতে পঢ়ক : Rahul Gandhi Twitter bio : ৰাহুল গান্ধীয়ে সলনি কৰিলে টুইটাৰত নিজৰ পৰিচয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.