অসম

assam

INDIA Alliance Party: 12 টা দল 14 টা সমষ্টি, কিদৰে আসন ভগাব বিগ ব্ৰাদাৰ কংগ্ৰেছে !

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 2:48 PM IST

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ 12 টাকৈ ৰাজনৈতিক দলৰ । উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ লক্ষ্যৰে ঐক্যবদ্ধ হ'লেও প্ৰতিটো দলেই নিজাকৈ তৎপৰ নিৰ্বাচনৰ বাবে । আসন ভাগ-বটোৱাৰা কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে কংগ্ৰেছ । অসম তৃণমূল কংগ্ৰেছে বিচাৰিব পাঁচখন আসন ।

INDIA Alliance Party
কিদৰে আসন ভগাব বিগ ব্ৰাডাৰ কংগ্ৰেছে

গুৱাহাটী, 4 অক্টোবৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ । সকলো দলেই নিজা নিজা ৰণকৌশলৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ ইতিমধ্যে কুচ-কাৱাজ আৰম্ভ কৰিছে । ইফালে বিজেপিক প্ৰতিহত কৰাৰ একমাত্র স্বাৰ্থত এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত 12 টাকৈ ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে ।

ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ I.N.D.I.A গঠন হোৱাৰ দৰে অসমতো 12 টা দল ঐক্যবদ্ধ হৈছে । একমাত্র এ আই ইউ ডি এফ দলক বাদ দি ৰাজ্যৰ বাকী প্ৰায় সকলো বিৰোধী ৰাজনৈতিক দল একলগ হৈছে । বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধী দলসমূহে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ লক্ষ্যৰে ঐক্যবদ্ধ হৈছে যদিও প্ৰতিটো দলেই বৰ্তমান সময়ত নিজাকৈ তৎপৰ হৈ পৰিছে ৷

উল্লেখ্য যে ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ বাবে 12 টা ৰাজনৈতিক দল মিত্রতাৰ বান্ধোনত আৱদ্ধ হৈছে যদিও আসন ভাগ-বটোৱাৰাৰ প্ৰসংগ অহাৰ লগে লগে যে কংগ্ৰেছ দল সমস্যাৰ সন্মূখীন হ'ব সেয়া প্ৰায় নিশ্চিত। বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছ দলে সংখ্যাধিক আসন নিজৰ দখলত ৰখাৰ চেষ্টা কৰিব । কিন্তু কংগ্ৰেছৰ এই চেষ্টাৰ বাবে মিত্রদলক অসন্তুষ্ট কৰাৰ সম্ভাৱনাই অধিক । কাৰণ ইতিমধ্যেই কেইবাটাও দলে অনানুষ্ঠানিক ভাৱে আসনৰ অংক আৰম্ভ কৰিছে ।

ইফালে এই অংকৰ মাজতে অসম তৃণমূল কংগ্ৰেছে 5 খন আসন বিচৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে । অসমত প্ৰাক্তন সাংসদ ৰিপুন বৰাই নেতৃত্ব দিয়া অসম তৃণমূল কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত গঠন হোৱা I.N.D.I.Aৰ ওচৰতহে অসমত 5 খন আসন বিচাৰিব । দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে এইক্ষেত্রত সহমত প্ৰকাশ কৰা বুলি ইতিমধ্যে দলটোৰ ৰাজ্যিক নেতৃত্বই সদৰী কৰিছে ।

লক্ষণীয় বিষয় যে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ আৰম্ভণিতে অসম তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টী আগবাঢ়ি অহা নাছিল । পৰৱৰ্তী সময়ত দুয়োটা দলেই বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ হয় । অসমত বিশেষ শক্তিশালী স্থিতি তথা ভেঁটি নথকাৰ পাচতো অসম তৃণমূল কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চত থাকি 14খন আসনৰ ভিতৰত 5খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে । যিটো বিষয়ে স্বাভাৱিকতে কংগ্ৰেছ দল আৰু বিৰোধী ঐক্যমঞ্চক অস্বস্তিত পেলাব ।

ইফালে দুখনকৈ ৰাজ্যত চৰকাৰ গঠনৰ পাচত আত্মবিশ্বাসী হৈ পৰা আম আদমী পাৰ্টীয়ে এতিয়ালৈকে মুখ খোলা নাই যদিও নিশ্চিতভাৱে আসন দাবী কৰাটো প্ৰায় নিশ্চিত । ইফালে অসম জাতীয় পৰিষদে ৰাজ্যজুৰি 'এক অসম যাত্রা'ৰে ব্যাপক অভিযান অব্যাহত ৰাখিছে । ৰাজ্যজুৰি দলৰ ভেঁটি মজবুত কৰাৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে লুৰীণজ্যোতি গগৈৰ নেতৃত্বৰ অসম জাতীয় পৰিষদ বাহিনী । নকলেও হ'ব যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে এই বিশেষ তৎপৰতা অৱলম্বন কৰিছে ।

তেনেস্থলত অসম জাতীয় পৰিষদে কমেও দুখন আসন বিচৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে উজনিত লুৰীণজ্যোতি গগৈৰ নামটো বিশেষভাৱে চৰ্চাত আছে । সেইদৰে বিৰোধী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰ ৰাইজৰ দলো আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ।

উজনিত নিৰ্বাচন খেলিব বুলি ইতিমধ্যে চৰ্চাত আছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নাম । লক্ষণীয়ভাৱে ৰাইজৰ দলেও আসন বিচৰাটো নিশ্চিত । তেনেস্থলত কংগ্ৰেছ দলে 14 টা সমষ্টিক কিদৰে 12টা দলৰ মাজত ভাগ-বটোৱাৰা কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন ।

উল্লেখ্য যে কংগ্ৰেছৰ উদ্যোগত ঐক্যবদ্ধ হোৱা 12 টা বিৰোধী দলত আছে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, জাতীয় দল-অসম, তৃণমূল কংগ্ৰেছ, চি পি আই, চি পি আই এম, আঞ্চলিক গণ মৰ্চা, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পার্টী, আম আদমি পার্টী, চি পি আই (এম এল), ৰাষ্ট্ৰীয় জনতা দল আৰু জনতা দল (ইউ)। সকলো দলে আসন দাবী নকৰিলেও কেইবাটাও দলে আসন বিচৰাটো নিশ্চিত ।

ইফালে বৰ্তমান সময়ত কংগ্ৰেছ দলৰ তিনিজন সাংসদ আছে আৰু এই তিনিজন সাংসদৰ প্ৰায় টিকট নিশ্চিত । তদুপৰিও বাকীবোৰ সমষ্টিত কংগ্ৰেছৰ বহু প্ৰাৰ্থী দাবীদাৰ আছে । আনহাতে 11 অক্টোবৰত অগপ আৰু বিজেপিৰ প্ৰাক্তন সাংসদকে ধৰি বহু কেইজন শীৰ্ষ নেতাই কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা আছে । তেনেহ'লে টিকটৰ দাবীদাৰ আৰু বৃদ্ধি পোৱাটো নিশ্চিত ।

14টা সমষ্টিত 12টা দলক সন্তুষ্ট কৰাটো কংগ্ৰেছৰ বাবে সহজ নহ'ব । সেই কথা দলটোৰ নেতৃত্বয়ো উপলব্ধি কৰিছে । বৰ্তমান সময়ত আসনৰ প্ৰসংগত বিৰোধী ঐক্যমঞ্চত কোনো ধৰণৰ আলোচনা তথা সিদ্ধান্ত হোৱা নাই । যাৰ বাবে বিৰোধী ঐক্যমঞ্চত কোনো ধৰণৰ বিশেষ ক্ৰিয়া-প্ৰতিক্ৰিয়া নাই । কিন্তু এই বিষয়ত আলোচনা হ'লে অসন্তুষ্টি হোৱাটো খাটাং ।

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোও আছে । নিৰ্বাচন আয়োগে প্রকাশ কৰা সমষ্টি নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত বিধানসভা আৰু লোকসভাৰ আসন পূৰ্বৰ দৰেই আছে যদিও 19 টা বিধানসভা সমষ্টিৰ লগতে তিনিটা লোকসভা সমষ্টিৰ ক্ষেত্রত পৰিৱৰ্তন আহিছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণ অনুসৰি পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ নতুন নাম দৰং-ওদালগুৰি, কলিয়াবৰ লোকসভা সমষ্টিৰ নাম কাজিৰঙা আৰু তেজপুৰ লোকসভা সমষ্টিৰ নাম শোণিতপুৰ কৰা হৈছে । আনহাতে কোকৰাঝাৰ আৰু ডিফু সমষ্টিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে । সেইদৰে শিলচৰ লোকসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে ।

লোকসভা সমষ্টিৰ সংখ্যা একেই থাকিলেও ইয়াৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ তথা সীমাৰ যথেষ্ট সাল-সলনি ঘটোৱা হৈছে । এইক্ষেত্রতো যথেষ্ট জটিলতা আছে । তেনেস্থলত কংগ্ৰেছৰ বাবে 12টা দলক সন্তুষ্ট কৰি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াটো তেনেই সহজ নহ'ব ।

লগতে পঢ়ক:Capital punishment to top ULFA leader: ম্যানমাৰৰ আলফা শিবিৰত শীৰ্ষ আলফা নেতা লাচিতসহ দুজনক মৃত্যুদণ্ডৰ শাস্তি

ABOUT THE AUTHOR

...view details