ETV Bharat / state

ষ্টাণ্টৰ ভয়ংকৰ পৰিণতি, জীৱন-মৃত্যুৰে যুঁজিছে যুৱকে - Bike Accident

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 1:58 PM IST

Road accident in Dima Hasao: ষ্টাণ্ট কৰিবলৈ গৈয়ে ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল যুৱক । দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল আন এজন ষ্টাণ্টমেনৰ কেমেৰাত । শিহৰণকাৰী দুৰ্ঘটনাত আহত যুৱকে যুঁজিছে জীৱন-মৃত্যুৰ সৈতে । ক'ত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Young man injured in an accident while performing stunt inin Dima Hasao
ষ্টাণ্টৰ ভয়ংকৰ পৰিণতি, জীৱন-মৃত্যুৰে যুঁজিছে যুৱকে (ETV Bharat Assam)

ষ্টাণ্টৰ ভয়ংকৰ পৰিণতি, জীৱন-মৃত্যুৰে যুঁজিছে যুৱকে (ETV Bharat Assam)

হাফলং,২৩ মে': ডিমা হাছাও জিলাৰ মাইবঙত ১৪ মে'ত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাৰ চাঞ্চল্যৰ ভিডিঅ' পোহৰলৈ আহিছে । মাইবঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টানেলত ষ্টাণ্ট কৰিবলৈ যাওতেই দুৰ্ঘটনাত পতিত হৈছিল এজন যুৱক । টানেলত ষ্টাণ্ট কৰিবলৈ গৈ কিদৰে দুৰ্ঘটনা সংঘটিত হৈছিল সেই দৃশ্য দেখিলে শিহৰিত হৈ উঠিব আপুনিও ।

ষ্টাণ্ট কৰিবলৈ যোৱা আন এজন যুৱকৰ কেমেৰাত আৱদ্ধ হৈছিল উক্ত ভিডিঅ'টো । ভিডিঅ'টোত প্ৰত্যক্ষ কৰা অনুসৰি তিনিগৰাকী বাইক ষ্টাণ্টমেনৰ মাজত চলিছিল প্ৰতিযোগিতা । টাৰ্নেলৰ ভিতৰত এজনে আৰু আনজনক পিছ পেলাই পাৰ হৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়তে সময়তে তৃতীয়জনে পিছফালৰ পৰা তীব্ৰবেগেৰে খুন্দা মাৰে ।

লগে লগে ছিটিকি পৰে দ্বিতীয়গৰাকী বাইক আৰোহী । গুৰুতৰভাৱে আহত হয় ৩০ বছৰীয়া ৰাজেশ দেৱ নামৰ যুৱকজন । ততাতৈয়াকৈ আহত যুৱকজনক প্ৰেৰণ কৰা হয় গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়লৈ । বৰ্তমান জীৱন-মৃত্যুৰে যুঁজি আছে যুৱকজনে । বিগত এটা সপ্তাহ ধৰি ৰাজেশ দেৱক ৰখা হৈছে চিকিৎসালয়খনৰ ভেন্টিলেচনত । বৰ্তমানলৈ যুৱকজনৰ শাৰিৰীক অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলি জানিবলৈ দিয়ে চিকিৎসকে । যাৰ ফলত চিন্তিত হৈ পৰিছে যুৱকজনৰ পৰিয়ালৰ লোক ।

উল্লেখযোগ্য যে অসুৰক্ষিতভাৱে ষ্টাণ্ট কৰাৰ পৰিণতিত পূৰ্বতেও সংঘটিত হৈ আহিছে এনে দুৰ্ঘটনা । আৰক্ষীয়ে ষ্টাণ্টমেনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ষ্টাণ্টকাৰীৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে অভিযান চলাই আহিছে আৰক্ষীয়ে । কিন্তু ইমানৰ পাছতো গা-লৰা নাই একাংশ উদণ্ড যুৱকৰ ।

লগতে পঢ়ক: Stunter Arrested In Dibrugarh: আৰক্ষীক প্ৰহাৰ কৰি ৰঙাঘৰত সোমাল ষ্টাণ্টকাৰী উদণ্ড যুৱক

Stunter Arrested In Dibrugarh: আৰক্ষীক প্ৰহাৰ কৰি ৰঙাঘৰত সোমাল ষ্টাণ্টকাৰী উদণ্ড যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.