ETV Bharat / state

Capital punishment to top ULFA leader: ম্যানমাৰৰ আলফা শিবিৰত শীৰ্ষ আলফা নেতা লাচিতসহ দুজনক মৃত্যুদণ্ডৰ শাস্তি

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:20 AM IST

ম্যানমাৰৰ আলফাৰ শিবিৰত দুগৰাকীকৈ শীৰ্ষ পৰ্যায়ৰ নেতাক সংগঠনটোৱে মৃত্যুদণ্ড দিয়াৰ বাতৰি । শীৰ্ষ নেতা লাচিত হাজৰিকাৰ লগতে তিনিচুকীয়াৰ বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া নামৰ এগৰাকী সদস্যকো মৃত্যুদণ্ড । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰতিক্ৰিয়া ৷

Capital punishment to top ULFA leader
ম্যানমাৰৰ আলফা শিবিৰত দুজনকৈ শীৰ্ষ আলফা নেতাক মৃত্যুদণ্ডৰ শাস্তি

গুৱাহাটী, ৩ অক্টোবৰ: আকৌ কুটুমৰ তেজেৰে ৰাঙলী হ’ল ম্যানমাৰৰ আলফাৰ শিবিৰ ৷ ম্যানমাৰৰ অৰণ্যৰ পৰা আকৌ আহিছে অসমীয়াৰ মৃত্যুৰ বাতৰি ৷ নিষিদ্ধ ঘোষিত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ঘটা ভয়ংকৰ ঘটনাৰ বাতৰিয়ে তোলপাৰ লগাইছে ৰাজ্য । সংগঠনটোৰ অন্যতম শীৰ্ষ জ্যেষ্ঠ নেতাক সংগঠনটোৰ তৰফৰ পৰা মৃত্যুদণ্ডৰ বাতৰিয়ে ইতিমধ্যে আলফাৰ ভিতৰচ’ৰাৰ লগতে অসমত আলোড়নৰ সৃষ্টি কৰিছে । প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও ।

ম্যানমাৰৰ আলফাৰ শিবিৰত দুগৰাকীকৈ শীৰ্ষ পৰ্যাযৰ নেতাক সংগঠনটোৱে মৃত্যুদণ্ড দিয়াৰ বাতৰি আহিছে । লাচিত হাজৰিকা ওৰফে ব্ৰিগেডিয়াৰ চেলিমক মৃত্যুদণ্ড দিছে উগ্ৰপন্থী সংগঠনটোৱে । লগতে তিনিচুকীয়াৰ বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া নামৰ এগৰাকী সদস্যকো মৃত্যুদণ্ড দিয়াৰ খবৰ । যোৱা ২০ ছেপ্টেম্বৰত সংঘটিত হয় এই ঘটনা । মৃত্যুদণ্ড প্ৰসংগত আলফাৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি এতিয়ালৈ নিদিলেও সংগঠনটোৰ উচ্চস্তৰীয় সূত্ৰই ETV BHARAT ক জনোৱা অনুসৰি সংগঠন বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে দুয়োকে চূড়ান্ত শাস্তি মৃত্যুদণ্ড বিহা হয় ।

মৃত্যুদণ্ড দিয়া সংগঠনটোৰ শীৰ্ষ নেতা লাচিত হাজৰিকা‌ ওৰফে AZ শিৰোনাম অসম আছিল সংগঠনটোৰ মুৰব্বী নেতা পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য পুৰণি নেতা । পাকিস্তানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল এই শীৰ্ষ নেতাগৰাকীয়ে। সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতি বিশ্বস্ত সহযোগী আছিল শিৰোনাম অসম ।

আনহাতে মৃত্যুদণ্ড দিয়া হৈছে মহিলা কেডাৰ নয়নমণি চেতিয়াক । তিনিচুকীয়াৰ নিবাসী আছিল নয়নমণি । জানিব পৰা মতে নয়নমণিৰ স্বামীও আছিল প্ৰাক্তন আলফা কেডাৰ । সূত্ৰটোৱে জনোৱা অনুসৰি দীঘলীয়া সাংগঠনিক বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আলফা স্বাধীনৰ সংবিধান অনুসৰি মৃত্যুদণ্ড দিয়া হৈছে দুয়োকে । আলফা স্বাধীনে দাবী কৰা অনুসৰি ম্যানমাৰৰ শিবিৰৰ পৰা এটা বৃহৎ দল লৈ পলায়নৰ‌ পৰিকল্পনা কৰিছিল‌ দুয়ো ।

উল্লেখ্য যে, ১৯৯০-৯১ চনত আলফাত যোগ দিছিল লাচিত হাজৰিকাই । আলফাৰ ম্যানমাৰৰ শিবিৰৰ প্ৰশিক্ষণৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল লাচিত হাজৰিকা ।

যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব: জি পি সিং

  • জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে - অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ - যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব ॥@assampolice @CMOfficeAssam

    — GP Singh (@gpsinghips) October 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে এই বাতৰিয়ে ৰাজ্য জোঁকাৰি যোৱাৰ পিচতে সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । সঞ্চালক প্ৰধানজনে লিখিছে, “জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয় বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে ৷ অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ ৷ যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰবাবে আপোনাৰ জীৱন নষ্ট নকৰিব ৷”

লগতে পঢ়ক: ULFA surrender:অৰুণাচলৰ টিৰাপত আত্মসমৰ্পণ দুই আলফা (স্বাধীন)সদস্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.