ETV Bharat / state

ULFA surrender:অৰুণাচলৰ টিৰাপত আত্মসমৰ্পণ দুই আলফা (স্বাধীন)সদস্যৰ

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 4:44 PM IST

টিৰাপত আত্মসমৰ্পণ কৰিছে সংযুক্ত মুক্তি বাহিনী অসমৰ (স্বাধীন) সদস্যই । ম্যানমাৰস্থিত শিৱিৰৰ পৰা পলায়ন কৰি অৰুণাচল প্ৰদেশৰ টিৰাপস্থিত ৬ নং আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ ।

ULFA surrender
আত্মসমৰ্পণ দুই আলফা (স্বাধীন)ৰ

তিনিচুকীয়া, ২ অক্টোবৰ: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টিৰাপত আজি পুনৰ আত্মসমৰ্পণ কৰিছে সংযুক্ত মুক্তি বাহিনী অসমৰ (স্বাধীন) দুই সদস্যই ৷ ম্যানমাৰস্থিত শিৱিৰৰ পৰা পলায়ন কৰি অৰুণাচল প্ৰদেশৰ টিৰাপস্থিত ৬ নং আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে আলফাৰ (স্বা) সদস্যদ্বয়ে ৷ আত্মসমৰ্পণকাৰী দুই আলফা (স্বা) সদস্য ক্ৰমে মনজিৎ গগৈ ওৰফে নিলোৎপল অসম আৰু ৰোহিনী গগৈ ওৰফে উপেন অসম ৷

মনজিৎ গগৈৰ ঘৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰু ৰোহিনী গগৈৰ ঘৰ ডিব্ৰুগড় জিলাৰ মৰাণত ৷ ৩৮ বছৰীয়া মঞ্জিত গগৈয়ে ২০২২ৰ ২৫ মে'ত আৰু ৩৩ বছৰীয়া ৰোহিনী গগৈয়ে ২০২২ বৰ্ষৰ ১৭ মে'ত বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছিল বুলি উল্লেখ কৰিছে ৷ আত্মসমৰ্পণকাৰী দুই সদস্যই আসাম ৰাইফলছৰ হাতত আত্মসমৰ্পণৰ সময়ত ছয় জাই সক্ৰিয় গুলীসহ এটা .32mm পিষ্টল আৰু এটা 9mm পিষ্টল জমা দিয়ে ৷ কি কাৰণে দুই সদস্যই আসাম ৰাইফলচ্‌ৰ হাতত আত্মসমৰ্পণ কৰিব লগা হ'ল সেয়া জানিব পৰা হোৱা নাই ৷

ইয়াৰ পূৰ্বে আলফাত (স্বাধীন) ন ন সদস্যৰ যোগদানৰ খৱৰৰ মাজতে প্ৰায় নটাকৈ বৰ্ষ সশস্ত্ৰ সংগ্ৰাম কৰাৰ পাছত আলফা স্বাধীনৰ আন এজন দুধৰ্ষ সদস্য়ই ২৭ ছেপ্টেম্বৰত তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷ আত্মসমৰ্পণ কৰা আলফাৰ (স্বা) সদস্য়জন চনচন মৰাণ ওৰফে চন্দন অসম ৷ চন্দন অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সৰুমেচাই গাঁৱত ৷ চন্দন অসমে ২০১৫ চনত আলফাত (স্বা) যোগদান কৰিছিল আৰু আত্মসমৰ্পণৰ সময়ত অৰুণাচল প্ৰদেশৰ মেঅ'ৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে লৈ আহে ৷

চন্দন অসমে আত্মসমৰ্পণৰ সময়ত কোনো অস্ত্ৰশস্ত্ৰ জমা দিছিল নে নাই সেয়া জানিব পৰা হোৱা নাই ৷ চন্দন অসমে সাধাৰণ জীৱনযাপন কৰাৰ উদ্দেশ্যে আত্মসমৰ্পণ কৰা বুলি উল্লেখ কৰিছিল ৷ কি কাৰণে ইজনৰ পিছত সিজন আলফাৰ (স্বা) সদস্যই আৰক্ষী কিম্বা আসাম ৰাইফলছৰ হাতত আত্মসমৰ্পণ কৰিছে সেয়া আৰক্ষীয়ে কিম্বা আত্মসমৰ্পণকাৰী সদস্যই মুখ খোলা নাই যদিও এনেদৰে বনাঞ্চল এৰি জনাঞ্চললৈ সদস্যৰ আগমনৰ বতৰাই নিশ্চয়কৈ প্ৰভাবান্বিত কৰিব বিদ্ৰোহী সংগঠনটোক ৷

লগতে পঢ়ক:Kalgachia Residential Model School : ভূত বাংলাত পৰিণত ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত শওপুৰস্থিত আদৰ্শ আৱাসিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.