অসম

assam

Neel Pawan Baruah: ওপজা গৃহত শিল্পী নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি

By

Published : Nov 13, 2022, 4:45 PM IST

27 অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাই । শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে শিল্পীগৰাকীৰ জন্মস্থান টীয়কৰ বাহ্মণ গাঁৱৰ ঐতিহাসিক বাসভৱন অচ্যুত ভৱনৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা ৷

Neel Pawan Baruahs tribute ceremony held in Teok
নীলপৱন বৰুৱাক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে টীয়কত অনুষ্ঠিত এখনি স্মৃতিচাৰণ সভা

টীয়ক, 13 নৱেম্বৰ: টীয়কৰ সু সন্তান, প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে শিল্পীগৰাকীৰ জন্ম স্থান টীয়কৰ বাহ্মণ গাঁৱৰ ঐতিহাসিক বাসভৱন অচ্যুত ভৱনৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা (Neel Pawan Baruahs tribute ceremony) । টীয়কৰ ৫৬ টা সামাজিক সংগঠনে আয়োজন কৰা স্মৃতিচাৰণ সভাখনিৰ সভাপতিত্ব কৰে নাট্যকাৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ দাসে ৷

সভাত শিল্পীগৰাকীৰ ভাতৃ তথা নিৱন্ধকাৰ ড৹ সুনীল পৱন বৰুৱা, ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ভগ্নী বীনা বৰপূজাৰী, বাল্য কালৰ বন্ধু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কিৰণ গোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা, কাকজান মহাবিদ্যালয়ৰ অধ্যাপক ড৹ পংকজ গোস্বামী, বিজেপিৰ যোৰহাট জিলা সমিতিৰ সভাপতি হেমন্ত কলিতাই প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে ভৱিষ্যতে শিল্পীগৰাকীক জীয়াই ৰখাৰ বাবে কেতবোৰ কৰ্মসূচী গ্ৰহণ কৰাৰ পোষকতা কৰে ।

নীলপৱন বৰুৱাক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে টীয়কত অনুষ্ঠিত এখনি স্মৃতিচাৰণ সভা

লগতে পঢ়ক:Neel Pawan Baruah passes away: আজন্ম প্ৰেমিক শিল্পীৰ বিদায়

ইয়াৰ পূৰ্বে চিত্ৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৃহত্তৰ টীয়কৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় বহুসংখ্যক গণ্য মান্য ব্যক্তিয়ে ৷ লগতে সকলোৱে নীলপৱন বৰুৱাৰ পিতৃ ধ্বনি কবিৰ ঐতিহাসিক ভৱনটি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে 27 অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে (Neel Pawan Baruah died at GMCH) । নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হৈছিল বৰুৱাৰ ৷

নীলপৱন বৰুৱা (Neel Pawan Baruah) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী আছিল । ২০২১ চনত তেখেতক অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰিছিল । বৰুৱাৰ কেইখনমান উল্লেখযোগ্য চিত্ৰকৰ্ম হ’ল— গ্ৰীণ বাৰ্ড, কালীয় দমন, শংখচক্ৰ গদাপদ্ম, শায়িত মানুহ, বৰঢোল, ভিয়েটনামৰ জয়, চিঞৰ, তিনিজন মাতব্বৰ, পটচিত্ৰ আৰু দেৱীৰ তিনিখন মুখ।

লগতে পঢ়ক:Last rites of Neel Pawan Baruah : কলাৰ কেনভাচত বন্দী হ’ল নীলপৱন বৰুৱা

ABOUT THE AUTHOR

...view details