অসম

assam

মণিপুৰৰ ভূমিস্খলনত নিহত লামডিঙৰ গুৰেন্দ্ৰ উপাধ্যায়

By

Published : Jul 4, 2022, 5:04 PM IST

মণিপুৰৰ ভূমিস্খলনত নিহত হৈছে অসমৰো কোইবাজনো লোক (People from Assam killed in Manipur landslide) । আজি পুনৰ অসমৰ এজন ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা গৈছে । নিহত ব্যক্তিজন হৈছে লামডিঙৰ গুৰেন্দ্ৰ উপাধ্যায় ।

গুৰেন্দ্ৰ উপাধ্যায়
গুৰেন্দ্ৰ উপাধ্যায়

হোজাই, ৪ জুলাই :মণিপুৰৰ মৰ্মান্তিক ভূমিস্খলনৰ ঘটনাত মৃত্যুৰ সংখ্যাই ৪৪ অতিক্ৰম কৰিলে (Death toll in Manipur's tragic landslide crosses 44) । উক্ত দুখজনক ঘটনাটো সংঘটিত হোৱাৰ আজি পঞ্চম দিনটোত আৰু দুটা মৃতদেহ উদ্ধাৰ হৈছে । ১২ এনডিআৰএফ বেটেলিয়নৰ কমাণ্ডেণ্ট (Commandant of 12 NDRF Battalion) পংকজ কবিদয়ালে প্ৰকাশ কৰা মতে, উদ্ধাৰ হোৱা মৃতদেহ দুটাৰ ভিতৰত এটা হৈছে টেৰিটৰিয়েল সেনা জোৱানৰ (Territorial Army) আৰু আনটো এজন অসামৰিক লোকৰ । মৃতদেহ দুটা লজাই নদীৰ পৰা উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য, মণিপুৰৰ ভূমিস্খলনত নিহত হৈছে অসমৰো কোইবাজনো লোক (People from Assam killed in Manipur landslide) । আজি পুনৰ অসমৰ এজন ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা গৈছে । নিহত ব্যক্তিজন হৈছে লামডিঙৰ গুৰেন্দ্ৰ উপাধ্যায় । মৃত ব্যক্তিজন লামডিং সাধুকুটিৰ নিবাসী গুৰেন্দ্ৰ উপাধ্যায় বুলি জানিব পৰা গৈছে ৷ নায়ক কোম্পানী এণ্ড প্ৰাইভেট লিমিটেডৰ ছুপাৰভাইজাৰ হিচাপে মণিপুৰত কৰ্মৰত আছিল গুৰেন্দ্ৰ উপাধ্যায় ৷ গুৰেন্দ্ৰ উপাধ্যায়ক চিনাক্তকৰণৰ পিছতেই লামডিঙলৈ অনা হয় মৃতদেহটো ৷ আজি পুৱতি নিশা লামডিং আহি পায় মৃতদেহটো ৷ ব্যক্তিজনৰ মৃত্যুত বৰ্তমান শোকাকুল পৰিৱেশে বিৰাজ কৰিছে লামডিং সাধুকুটি অঞ্চলত ।

উল্লেখ্য, উক্ত শোকাৱহ ঘটনাত আটাইতকৈ দুখলগা পৰিস্থিতি হৈছে মৰিগাঁও জিলাত । ইতিমধ্যে জিলাখনৰ লাহৰীঘাট ব্লকৰ কুশতলী অঞ্চলৰ ৬টাকৈ মৃতদেহ সংস্কাৰ কৰা হৈছে । আনহাতে, যোৱানিশা ধ্বংসস্তূপৰ মাজৰ পৰা আন এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । ইফালে মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই (Morigaon Deputy Commissioner Prakash Ranjan Gharfalia) সংবাদ মাধ্যমক জনাইছে যে টুপুল ভূমিস্খলনৰ মৰ্মান্তিক ঘটনাত মৰিগাঁও জিলাৰ ২১জন লোকৰ ভিতৰত ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ৫জন জীৱিত অৱস্থাত ঘৰলৈ উভতি আহিছে । কিন্তু আন ৯জন লোকৰ এতিয়ালৈকে কোনো শুংসূত্ৰ লাভ কৰা হোৱা নাই । উপায়ুক্তগৰাকীয়ে লগতে প্ৰকাশ কৰে যে উক্ত লোককেইজন জীয়াই থকাৰ সম্ভাৱনা অতি ক্ষীণ । আনহাতে, নলবাৰীৰ ঘগ্ৰাপাৰৰ ৰাজু আলী আৰু বৰপেটাৰ আন এজন টেৰিটৰিয়েল সেনা জোৱানো উক্ত শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি জনাইছে মৰিগাঁৱৰ উপায়ুক্তই ।

ইতিমধ্যে এই শোকাৱহ ঘটনাত একপ্ৰকাৰ ম্ৰিয়মাণ হৈ পৰিছে সম্পূৰ্ণ মৰিগাঁও জিলাখন । বিশেষকৈ কেইবাগৰাকীও লোকে অকাল মৃত্যুক সাবটিবলগা হোৱা লাহৰীঘাট অঞ্চলটোত এতিয়া কেৱল কান্দোনৰ ৰোল । দুৰ্ঘটনাৰ ফত মৃত্যু হোৱা লোককেইজনৰ পৰিয়ালৰ খা-খবৰ নিয়মিতভাৱে লৈ আছে মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই । স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰ (MLA Ramakanta Deuri) লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই দুৰ্ভগীয়া পৰিয়ালকেইটাৰ ঘৰলৈ গৈ সমবেদনা জনোৱাৰ (Minister Piyush Hazarika condolences to unfortunate families of Morigaon) লগতে উপযুক্ত ক্ষতিপূৰণৰ আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক :কৰুণ: মাজুলীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ছাত্ৰীৰ

ABOUT THE AUTHOR

...view details