অসম

assam

পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

By

Published : May 8, 2020, 4:53 PM IST

ৰাজ্য়ত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কেলংকাৰীৰ খবৰৰ মাৰ নৌযাওতেই পোহৰলৈ আহিছে আন এক দুৰ্নীতিৰ ঘটনা । লকডাউনৰ সুযোগ লৈ গোৱালপাৰা পৌৰসভাৰ ১৯ নংত ৱাৰ্ডত সাহাৰ্য বিতৰণৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে গোৱালপাৰা পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ নজমুল হকৰ বিৰুদ্ধে । এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ।
Municipality Relief Distribution corruption allegation against ward commissioner
Municipality Relief Distribution corruption allegation against ward commissioner

গোৱালপাৰা, ৮ মে':দেশ তথা ৰাজ্যত বৰ্তমানো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ভয়াৱহ প্ৰকোপ । যাৰ বাবে সমগ্ৰ দেশতে অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লক্ ডাউন । লক্ ডাউনৰ সময়ত দৰিদ্ৰ সকলৰ মাজত খাদ্য সংকট দূৰ কৰিবলৈ চৰকাৰৰ পৰা দিয়া হৈছে সাহাৰ্য সামগ্ৰী । কিন্তু এই লক্ ডাউনৰ সুযোগ লৈয়ে গোৱালপাৰা পৌৰসভাৰ ১৯ ৱাৰ্ডত সাহাৰ্য বিতৰণৰ নামত চূড়ান্ত লুণ্ঠন ৰাজ সংগঠিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । গোৱালপাৰা পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ নজমুল হকৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ ।

লক্ ডাউন চলি থকাৰ ফলত খাদ্যৰ বাবে দৰিদ্ৰ জনতাই যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে চৰকাৰে জনহিতাৰ্থে সাহাৰ্য ঘোষণা কৰিছে । কিন্তু চৰকাৰী সাহাৰ্যৰ চাউল বিতৰণৰ নামত গোৱালপাৰা পৌৰসভাৰ ১৯ নং ৱাৰ্ডত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে ।

১৯ নং ৱাৰ্ডত হিতাধিকাৰীয়ে পাবলগীয়া প্ৰাপ্য চাউলত কৈ কমকৈ দিয়াৰ লগতে হিতাধিকাৰী তালিকাত ৰেচন কাৰ্ড থকা লোক আৰু ধনী শ্ৰেণীৰ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । চৰকাৰী নিৰ্দেশনা অনুসৰি জনমূৰী ৫ কিল'গ্ৰামকৈ চাউল বিতৰণ কৰিব লাগে । ৫ জনতকৈ বেছি জনসংখ্যা থকা পৰিয়ালৰ মাজত ১৫ কিল'গ্ৰাম কৈ চাউল বিতৰণ কৰিব লাগে ।

গোৱালপাৰা পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

কিন্তু ৱাৰ্ড কমিছনাৰগৰাকীয়ে দৰিদ্ৰ লোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি জনমূৰী ২/৩ কিল'গ্ৰাম কৈ চাউল হে যোগান ধৰা বুলি অভিযোগ উঠিছে । ৱাৰ্ড কমিছনাৰ নজমুল হকৰ এই দুৰ্যোগৰ সময়ত চৰকাৰী সাহাৰ্যৰ চাউল বিতৰণত দুৰ্নীতি সংঘটিত কৰি চাউল আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰে ১৯ নং ৱাৰ্ডৰ বাসিন্দায়ে । এনে দুৰ্নীতিপৰায়ন ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে জিলা প্ৰশাসন কিম্বা চৰকাৰে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ'ব ।

ভাৰতত ৰে'ল দুৰ্ঘটনা : ৰে'লৰ খুন্দাত মৃত্যু বহু লোকৰ

ABOUT THE AUTHOR

...view details